অসমীয়াৰ অকণো লাজ নাই
পৃথিৱীৰ ভিতৰতে লাজ নথকা জাতি হৈছে অসমীয়া
নিলাজ বুলি ক’লে লাজ পালে নহ’ব৷ অসমীয়া কিমান নিৰ্লজ্জ সেয়া প্ৰমাণ কৰিছে ছিলঙৰ পৰিৱেশে৷ দুমাহৰ আগৰ কথালৈ মনত পেলাওকচোন, বাছি বাছি অসমৰ গাড়ী ভাঙি পেলাইছিল খাচিয়া গুণ্ডাই৷ অসমৰ ড্ৰাইভাৰক খাচিয়াই মাৰি-পিটি খেদি দিছিল৷ কিন্তু সেই ছিলং এতিয়া অসমৰ পৰ্যটকৰে ভৰ্তি হৈ আছে৷ সেই ঘটনাৰ পিছত কিছুদিনলৈ অসমৰে মনোমোহা পৰ্যটনস্থলীলৈ যোৱাৰ ঢৌ উঠিছিল৷ কিন্তু আকৌ অসমীয়াৰ লাজ নলগা হ’ল৷ যি খাচিয়াই মাৰপিট কৰি ছিলঙৰ পৰা খেদিছিল তালৈকে আকৌ সকলো দৌৰ মাৰিলে৷ বৰ্তমান ছিলঙত পৰ্যটনৰ বতৰ চলি আছে৷ কিন্তু শেহতীয়া ঘটনাৰ বাবে এইবেলি ছিলঙত বৰ্হিৰাজ্যৰ পৰ্যটকৰ সংখ্যা কম৷ অসমৰ পৰ্যটকেই ছিলঙৰ ব্যৱসায়ীক জীয়াই ৰাখিছে৷ পেট্ৰিচিয়া মুখিমৰ দৰে সাংবাদিকে পূৰ্বে অসমৰ পৰ্যটকক ভিক্ষাৰী বুলি ঠাট্টা কৰিছিল৷ কিন্তু ইমান সংঘাতৰ পিছতো অসমৰ পৰ্যটকেৰে ছিলং ভৰ্তি হৈ আছে৷ ছিলং বৰ্জনৰ সংকল্প দুমাহতে পাহৰিছে অসমীয়াই৷
লাজ নথকা অসমীয়াৰে বৰ্তমান পুলিচ বজাৰৰ হোটেল ভৰ্তি৷ আমি যোৱা দুমাহৰ পৰিস্থিতি বিশ্লেষণ কৰি লাভ কৰা তথ্য অনুসৰি অসমৰ পৰ্যটকে সংঘাতৰ পিছতো ছিলঙলৈ যোৱা আৰম্ভ কৰিছিল৷ যোৰাবাটত ড্ৰাইভাৰে আন্দোলন কৰাৰ পিছত বন্ধ হৈছিল আন্ত:ৰাজ্যিক পৰিবহণ৷ যেতিয়াই উত্তেজনা হ্ৰাস পালে তেতিয়াই অসমৰ পৰ্যটক থিৰেৰে থাকিব নোৱাৰিলে৷ লাজ-মান কাটি কৰি এগালমান অসমীয়া হোৰহোৰাই ছিলঙত সোমালগৈ৷ এই পৰ্যটকসকলৰ ভিতৰত ৮০ শতাংশ হৈছে মহিলা৷ তেওঁলোকে দুমাহৰ ভিতৰতে কেবাবাৰো ছিলং ভ্ৰমণ কৰিছে৷ বিশেষকৈ গুৱাহাটীত থকা অসমীয়া যুৱতীৰ বাবে ছিলং যেন ৰম্যপুৰী৷ তেওঁলোকে ছিলং অবিহনে জীয়াই থাকিব নাজানে৷ সেয়ে অসমীয়াক ভয় নকৰে খাচিয়াই৷
পৰিসংখ্যা অনুসৰি ছিলঙত পূৰ্বৰ তুলনাত এইবেলি উত্তৰ ভাৰতীয় পৰ্যটকৰ সংখ্যা কম৷ উত্তৰ প্ৰদেশ, ৰাজস্থান আদিৰ পৰা ছিলঙলৈ পৰ্যটক অহা নাই৷ আকৌ বিপদৰ সন্মুখীন হয় বুলি তেওঁলোকে ভয় খাইছে৷ এই পৰিস্থিতিত ছিলঙৰ পৰ্যটন উদ্যোগ লোকচানৰ সন্মুখীন হ’ব লাগিছিল৷ কিন্তু ছিলঙৰ ইমান বিপদ নহ’ল৷ কাৰণ নিৰ্লজ্জ অসমীয়াই ছিলঙক বচাই দিলে৷ অসমৰ পৰা যোৱা পৰ্যটকেৰে পুলিচ বজাৰ, নংষ্টেইন আদিৰ হোটেলো ভৰ্তি হৈ আছে৷ অসমত লাহে লাহে গৰম কমিছে৷ কিন্তু অসমৰ ভ্ৰমণবিলাসী পৰ্যটকৰ ছিলং যাত্ৰাৰ চখ কমা নাই৷ গুৱাহটীয়া যুৱতীয়ে পাৰিলে এসপ্তাহতে দুবাৰো ছিলং ভ্ৰমণ কৰিছে৷
অজ্ঞাত কাৰণত অসমৰ একাংশ নাৰীৰ বাবে ছিলং যেন স্বৰ্গপুৰীহে হৈ পৰিছে৷ তেওঁলোকে খাচিয়াৰ মাৰ খালেও ছিলঙৰ মোহ এৰিব নোৱাৰে৷ ড্ৰাইভাৰৰ সৈতে খাচিয়াৰ সংঘাতৰ কিছুদিন পিছত অসমৰ পৰ্যটন স্থলীৰ হোটেল ভৰ্তি হৈ গৈছিল৷ উমৰাংচুৰ পৰ্যটনস্থলীত বাঢ়িছিল মানুহ৷ আনকি ডিমা হাছাওৰ জলপ্ৰপাত চাবলৈ নামনি অসমৰ পৰাও হাজাৰোধিক লোক ঢপলিয়াই গৈছিল৷ সেই জাতীয়তাবাদ বেছিদিন তিষ্ঠি নাথাকিল৷ অসমৰ পৰ্যটকে এইবাৰো ছিলঙৰ মায়া এৰিব নোৱাৰিলে৷ এটা কথা নিশ্চিত যে অহাবাৰলৈয়ো ছিলঙত আকৌ অনুৰূপ সংঘাতৰ সূচনা হ’ব৷ আকৌ অসমীয়াক পিটিব খাচিয়াই৷ তেতিয়াও কিছুদিনলৈ অসমৰ পৰ্যটকে ছিলং বৰ্জনৰ ঘোষণা কৰিব৷ কিন্তু আকৌ খাচিয়াৰ মাৰ খাবলৈ হ’লেও যাব অসমীয়া৷



