ঘৈনিয়েক দেখাই-শুনাই ধুনীয়া, লগতে শিক্ষা-দীক্ষাও বেছি
কিন্তু অশিক্ষিত গিৰিয়েকে খেতি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছে
পঢ়া-শুনা নাথাকিলেও লোকজনৰ এটা হেঁপাহ আছিল৷ বিয়াৰ পিছত পত্নীক পঢ়ুওৱাৰ কথা ভাবিছিল নিৰক্ষৰ যুৱকজনে৷ তেওঁ কথামতেই ব্যৱস্থা গ্ৰহণ কৰিলে৷ মেট্ৰিক পাছ যুৱতীক বিয়া পাতি অধ্যয়নৰ দায়িত্ব গ্ৰহণ কৰিলে৷ সুন্দৰী পত্নীক পঢ়াৰ সময় দিবলৈ কামৰ পৰাও আহৰি কৰি দিলে স্বামীয়ে৷ তেওঁ ঘৰৰ সকলো দায়িত্ব গ্ৰহণ কৰিলে৷ পত্নীয়ে যি বিচাৰে সকলো যোগাৰ কৰি দিয়া হ’ল৷ শেষত আহিল সেই প্ৰত্যাশিত দিনটো৷ যুৱকজনৰ পত্নীয়ে চৰকাৰী নাৰ্ছিং কলেজত অধ্যয়নৰ বাবে আসন লাভ কৰিলে৷ নাৰ্ছ হ’বলৈ পত্নীৰ হেঁপাহ পূৰণ কৰাৰ বাবে যুৱকজনে গ্ৰহণ কৰিলে জীৱনৰ সবাতোকৈ ডাঙৰ সিদ্ধান্ত৷ তেওঁ বিক্ৰী কৰি দিলে খেতিৰ মাটি৷ একমাত্ৰ সম্পত্তি বিক্ৰী কৰি হ’লেও পত্নীক ধনৰ যোগান ধৰিলে৷
স্বামীয়ে মাটি বিক্ৰী কৰি পোৱা ধনেৰে পত্নীয়ে নাৰ্ছিং কলেজত নামভৰ্তি কৰিলে৷ দুয়ো আকৌ পৃথক হৈ পৰিল৷ নাৰ্ছিং পঢ়িবলৈ যোৱা মহিলাগৰাকী হোষ্টেলত থাকিবলৈ ধৰিলে৷ তথাপি স্বামীৰ আপত্তি নাছিল৷ পত্নীক নাৰ্ছ হিচাপে দেখাৰ বাবে তেওঁ সৰ্বস্ব ত্যাগ কৰিছিল৷ পত্নীয়ে পঢ়ি থকা সময়ছোৱাত ঘৰ চলাবলৈ যুৱকজনে দিন হাজিৰা কৰিছিল৷ পত্নীয়ে বিচাৰিলে সৰগৰ তৰাও আজুৰি অনাৰ চেষ্টা কৰিছিল উদাৰ যুৱকজনে৷ তেওঁ অকৃত্ৰিম মৰমেৰে পত্নীক বুকুত লৈছিল৷ পত্নীয়েও তেওঁক সমানে ভাল পাই বুলি ভাবিছিল অজলা স্বামীয়ে৷ কিন্তু স্বামীয়ে মৰম কৰা বুলি জানিছিল যুৱতীগৰাকীৰ মনত আছিল প্লেন-বি৷ তেওঁ পঢ়ি শুনি স্বামীক সুখী কৰাৰ কথা ভবা নাছিল৷ অৱশ্যে তেওঁ স্বামীৰ সপোন পূৰ্ণ কৰি তেওঁ নাৰ্ছ হ’ল৷
অপৰিসীম কষ্টৰ অন্তত নাৰ্ছ হোৱা পত্নীৰ বাবে আনন্দিত হৈ পৰিল স্বামী৷ তেওঁ আকৌ পত্নীক কাষত পালে৷ স্বামীৰ কাষত থাকি বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰি এটাও গোটাই ল’লে মহিলাগৰাকীয়ে৷ সেইদৰে ঠিকে চলি আছিল দুয়োৰে সংসাৰ৷ তেওঁলোক সুখী হৈ আছিল৷ যুৱকজনে বেটেৰী ৰিক্সা চলাই দুপইচা উপাৰ্জন কৰিছিল৷ একেদৰে নাৰ্ছ হিচাপে নাৰ্ছিংহোমৰ পৰা পোৱা দৰমহাৰে ঘৰখন চলাই আছিল পত্নীয়ে৷ দুয়ো সন্তানৰ পৰিকল্পনাও কৰিছিল৷ কিন্তু দিনবোৰ ইমান ভালকৈ পাৰ হৈ নগ’ল৷ নাৰ্ছিংহোমত কাম কৰি থকা মহিলাগৰাকীৰ এজন ডাক্তৰৰ সৈতে চিনাকি হ’ল৷ সেই চিনাকিয়ে প্ৰেমৰ ৰূপ ধাৰণ কৰিলে৷
মহিলাগৰাকীয়ে পাহৰি পেলালে তেওঁক নাৰ্ছ কৰিবলৈ স্বামীয়ে কৰা কষ্টৰ কথা৷ মাটি বিক্ৰী কৰি যে তেওঁক স্বামীয়ে পইচা যোগান ধৰিছিল সেয়া তেওঁৰ মনত নাথাকিল৷ অনবৰতে ডাক্তৰজনৰ সংগতে তেওঁ থাকিবলৈ ধৰিলে৷ আনকি শেষত ঘৰলৈয়ো মাতি আনিলে প্ৰেমিক ডাক্তৰক৷ স্বামী বেটেৰী ৰিক্সা চলাবলৈ যোৱা সময়ত প্ৰেমিক ডাক্তৰৰ সৈতে শৰীৰৰ খেলা খেলিবলৈ ধৰিলে মহিলাগৰাকীয়ে৷ দুয়ো নিজকে মগন হৈ পৰিল৷ কিন্তু এদিন পত্নীক ডাক্তৰ চাহাবৰ সৈতে উলংগ অৱস্থাত ধৰা পেলালে প্ৰতাৰিত স্বামীয়ে৷ প্ৰথমে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা লোকজনে পত্নীক ধৰা পেলাই ঘটনাৰ বিষয়ে প্ৰশ্ন কৰিলে৷ তেতিয়া মহিলাগৰাকীয়ে ডাক্তৰ প্ৰেমিকৰ সৈতে সম্পৰ্ক স্বীকাৰ কৰিলে৷ ইমানৰ পিছত একো নাভাবিলে পত্নীৰ বাবে সৰ্বস্ব ত্যাগ কৰা লোকজনে৷ ডাক্তৰৰ সৈতে থাকিবলৈ তেওঁ ঘৰৰ পৰা বিদায় দিলে পত্নীক৷



