এইবাৰ মাজুলীতো দুৰ্গা পূজা পাতিব নেকি
ঢাক-ঢোলৰ শব্দত সত্ৰনগৰী মাজুলী হৈ উঠিব উছৱমুখৰ
যোৱাবাৰলৈকে মাজুলীত দুৰ্গা পূজা হোৱা নাছিল৷ সত্ৰনগৰী মাজুলী হৈ আছিল বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ৷ কিন্তু এইবাৰ মাজুলীৰ পৰিৱেশ পৃথক৷ লাহে লাহে মাজুলীবাসী শাক্ত পন্থাৰ প্ৰতি আকৰ্ষিত হৈছে৷ সত্ৰই মাজুলীৰ জনতাক টানিব পৰা নাই৷ ক্ৰমশ: সত্ৰীয়া সংস্কৃতি মাজুলীত হেৰাই গৈছে৷ সেয়ে মহালয়াতো মাজুলীৰ পৰিৱেশ কলকাতাৰ নিচিনা হৈ পৰিল৷ আনবাৰ মহালয়াৰ বিষয়ে মাজুলীত আলোচনাই নহয়৷ মহালয়াৰ দিনটোতো মাজুলী খোল-তালেৰে ৰজনজনাই থাকে৷ কিন্তু লাহে লাহে মাজুলীত বাঢ়িছে ব্ৰাহ্মণ্য সংস্কৃতি৷ সেয়ে মহালয়াতে মাজুলীৰ ৰাইজে জিলাপী খাই দুৰ্গাদেৱীক আদৰণি জনালে৷ নাৰায়ণীৰ ধৰালৈ আগমনৰ দিনটো কোনোবাই ব্যক্তিগত বিশ্বাসেৰে পালন কৰিলে কোনেও আপত্তি কৰিব নোৱাৰে৷ কিন্তু মাজুলী যিহেতু অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সেয়ে তাৰ পৰিস্থিতি অসমৰ জনতাৰ চকুত পৰে৷
যিখন মাজুলীত কেতিয়াও দুৰ্গা পূজা হোৱা নাই তাত এইবাৰ মহালয়াতে পৰিৱেশ উছৱমুখৰ হৈ পৰিল৷ পৰিৱেশ দেখি সেইখন মাজুলীনে কলকাতা ধৰিব নোৱাৰা অৱস্থা হ’ল৷ নদীৰ ঘাটত মহালয়া পালন কৰিবলৈ সহস্ৰাধিক লোক সমৱেত হ’ল৷ অজস্ৰ লোকে নাৰায়ণীৰ আৱাহনী মন্ত্ৰপাঠ কৰিলে৷ শংকৰী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰত শাক্তধৰ্মৰ জয়ধ্বনি উঠিল৷ দেখাক দেখি অসংখ্য লোকে মহালয়াৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিলে৷ কাহিলী পুৱাতে উঠি মাজুলীৰ লোকে আগতে বৰগীত গাইছিল৷ তেওঁলোকেই মহালয়াৰ বাবে সূৰ্যোদয়ৰ সময়তে নৈৰ ঘাটত উপস্থিত হ’ল৷ আনকি বিহাৰী দোকানীয়ে মাজুলীত মহালয়াতে জিলাপীৰো দোকান দিলে৷ মহালয়াৰ আনন্দ উপভোগ কৰি নদীৰ ঘাটৰ পৰা ওভতাৰ সময়ত বিহাৰীৰ দোকানৰ জিলাপী খালে মাজুলীৰ জনতাই৷ কলকাতাৰ দৰে মাজুলীৰ ৰাইজেও শাৰদীয় উৎসৱৰ পাতনি মেলিলে৷
অৱশ্যে মাজুলীত হঠাতে এই পৰিৱেশৰ সৃষ্টি হোৱা নাই৷ বিগত দীৰ্ঘসময়তে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে মাজুলীত শাক্তপ্ৰথাৰ বিস্তাৰৰ বাবে চেষ্টা কৰি আছে৷ তেওঁৰ নেতৃত্বত এদল লোকে যোৱাবাৰো মাজুলীত দুৰ্গা পূজা পাতিবলৈ মনস্থ কৰিছিল৷ আশ্বৰ্যকৰভাৱে ক্ৰমাৎ হিন্দুত্ববাদী শক্তিৰ মাজত বিভাজনৰ সূচনা হৈছে৷ বৰ্তমান সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মাজুলীৰ বিধায়ক ভুৱন গাম৷ তেওঁ জনাৰ্দন দেৱগোস্বামীক দেখিবই নোৱাৰে৷ একেসময়তে দেৱগোস্বামীয়েও বিধায়ক ভুৱন গামক খ্ৰীষ্টানৰ এজেণ্ট বুলি দাবী কৰিছে৷ সত্ৰাধিকাৰ দেৱগোস্বামীৰ সমৰ্থনত উঠি-পৰি লাগিছে হিন্দু ফ্ৰণ্ট৷
দুটা পক্ষৰ যুঁজৰ সময়ত মাজুলীৰ পৰা বিলুপ্ত হৈছে সত্ৰীয়া সংস্কৃতি৷ ইছলামিক আগ্ৰাসনৰ ভীতি প্ৰদৰ্শন কৰি মাজুলী হিন্দুত্ববাদীৰ বৰঘৰ কৰি পেলোৱাৰ চক্ৰান্ত কৰা হৈছে৷ তাৰ প্ৰভাৱতে মাজুলীত শাক্তধৰ্মীৰ আগ্ৰাসন বাঢ়িছে৷ মহালয়াৰ পৰিৱেশে দিছে মাজুলীৰ পৰিস্থিতি সলনি হোৱাৰ সংকেত৷ মাজুলীত পূৰ্বে সত্ৰ আছিল প্ৰতিজন লোকৰ বাবে একমাত্ৰ ধৰ্মীয় অনুষ্ঠান৷ কিন্তু লাহে লাহে পৰিৱেশ সলনি হৈছে৷ সম্ভৱত: কিছুদিনৰ পিছত মাজুলীৰ পৰাও অন্তৰ্ধান হ’ব অসমৰ প্ৰাচীন পৰম্পৰা৷ তাৰ ঠাইত মাজুলী হিন্দীবলয়ৰ ৰাজ্যৰ দৰে হৈ পৰিব৷ এই পৰিৱেশ যে সোনকালে আহিব তাৰে ইংগিত দিছে মহালয়াৰ পুৱাৰ দৃশ্যই৷ মহালয়াত মাজুলীৰ জনতাই যেনেকৈ পূজা কৰিলে সেই দৃশ্য অসমৰ জনতাৰ বাবে একেবাৰেই অচিনাকী৷



