ঠগ খোৱা প্ৰেমিকে কৰিলে কাণ্ড

প্ৰেম এনেকুৱাই বুলি আমি জানো
কিন্তু প্ৰেম কৰিলে যে কাপোৰ খুলিবই লাগে সেয়া আমি নাজানো
পিছে আজিকালিৰ প্ৰেমৰ সংজ্ঞা আগতকৈ বেলেগ৷ কাপোৰ খুলিব নজনা প্ৰেমাস্পদ আজিৰ যুগত একেবাৰে আউটডেটেড৷ প্ৰেম এতিয়া শাৰিৰীক সম্পৰ্কৰ আন এটা নাম৷ সেয়ে মাক-দেউতাকে ঘৰত কেচুৱাৰ দৰে আপদাল কৰা যুৱতীয়ে প্ৰেমিকৰ বাবে খোলে কাপোৰ৷ তাৰ বাবে ইখনৰ পিছত সিখন চিনেমা ৰিলিজ হ’বলৈ ধৰিছে৷ অসমৰ পৰা ওলোৱা এখন নতুন চিনেমা ইতিমধ্যে হিট হৈছে৷ গুৱাহাটীৰ প্ৰেমাস্পদে ৰিলিজ কৰা চিনেমাখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে চাইছে৷ মুঠতে চিনেমাখন হলত চলাহেঁতেন ইমান দিনলৈ যে ১০০ কোটি টকা উপাৰ্জন কৰিলে হয় সেয়া খাটাং৷ কিন্তু দুৰ্ভাগ্যক্ৰমে গুৱাহাটীৰ যুৱতীয়ে এক্টিং কৰা ফিল্মখন হলত ৰিলিজ দিব নোৱাৰি৷ সেয়ে মোবাইলতে দৰ্শকে চাইছে ধুনীয়া চিনেমাখন৷
এই ফিল্মখনৰ শ্বুটিং কোনো পাৰ্ক অথবা অ’য়’ হোটেলত হোৱা নাছিল৷ প্ৰেমাস্পদে গাড়ীতে কৰিছিল চিনেমাখনৰ শ্বুটিং৷ প্ৰেমিকে আইফোনত শ্বুটিং কৰি থকা বুলি জানিও প্ৰেমিকাই দিছিল প’জ৷ গাড়ীৰ বেক ছিটত প্ৰেমিকাই সংগীক শৰীৰৰ সুখ দিয়াৰ দৃশ্য কেমেৰাত আবদ্ধ হৈছিল৷ সেইবুলি ভয় কৰা নাছিল ডেমকেয়াৰ প্ৰেমিকাই৷ তেওঁৰ সংগীয়ে কেতিয়াও প্ৰাইভেট ভিডিঅ’ ভাইৰেল নকৰে বুলি যুৱতীগৰাকীৰ বিশ্বাস আছিল৷ কিন্তু তেওঁহে বিশ্বাস কৰিছিল প্ৰেমিকক৷ যুৱকজনে প্ৰয়োজনৰ সময়ত ব্যৱহাৰ কৰিব বুলি থৈ দিছিল সেইটো ভিডিঅ’৷ গতিকে ব্ৰেক-আপ হোৱাৰ পিছতে যুৱকজনে ভিডিঅ’টো ফাদিল কৰিলে৷ তেওঁক এৰি যোৱা প্ৰেমিকাৰ জীৱন ধ্বংস কৰি টেলিগ্ৰাম গ্ৰুপত উলিয়ালে সেইটো ভিডিঅ’৷
জানিব পৰামতে নতুন চিনেমাখনৰ অভিনেত্ৰীগৰাকী গুৱাহাটীৰ এখন মেনেজমেণ্ট প্ৰতিষ্ঠানৰ ছাত্ৰী৷ তেওঁ মেধাৱী হিচাপে পৰিচিত৷ যৌৱনে আমনি কৰাৰ বয়সত গুৱাহাটীৰে এজন যুৱকৰ প্ৰেমত উন্মাদ হৈ পৰিছিল সুন্দৰী যুৱতী৷ ঘৰত নজনোৱাকৈ প্ৰেমিকৰ সৈতে ছিলং ফুৰিবলৈ গৈছিল অসমীয়া ছোৱালীজনী৷ প্ৰায়ে প্ৰেমিকৰ সৈতে গুৱাহাটীত মিডনাইট আউটিঙো কৰিছিল তেওঁ৷ ঘূৰি ফুৰাৰ সময়তে এদিন প্ৰেমিকে তেওঁক দিলে মিলনৰ প্ৰস্তাৱ৷ ইমান মৰম কৰা প্ৰেমিকক বিমুখ কৰিবলৈ টান পালে ছোৱালীজনীয়ে৷ সেয়ে গাড়ীতে তেওঁ খুলি দিলে কাপোৰ৷ গাড়ীৰ বেকছিটত প্ৰেমিকৰ মৰম পাই লেতুসেতু হৈ পৰিল যুৱতী৷
সিমানখিনিলৈ সকলো ঠিকেই আছিল৷ ঘৰৰ মানুহৰ কথা বেলেগ যদিও আনৰ ব্যক্তিগত জীৱনক লৈ কাৰো নাছিল চিন্তা৷ কিন্তু হঠাতে প্ৰেমাস্পদৰ মনৰ অমিল হ’ল৷ মেনেজমেণ্টৰ শিক্ষা সমাপ্ত কৰি সুন্দৰী যুৱতীয়ে প্ৰেমিকৰ লগত ব্ৰেক-আপ কৰিলে৷ ইমানদিনীয়া সম্পৰ্কৰ আকস্মিক অৱসানত উন্মাদ হৈ পৰিল যুৱকজন৷ তেওঁ প্ৰতিশোধ লোৱাৰ মানসিকতাৰে উলিয়াই দিলে এই বিশেষ ভিডিঅ’টো৷ প্ৰথমে টেলিগ্ৰাম গ্ৰুপত উলিওৱা ভিডিঅ’টো সম্প্ৰতি সৰ্বত্ৰ ভাইৰেল হৈ পৰিল৷ কোনোবাই আকৌ এইটো ভিডিঅ’ পৰ্ন ৱেবছাইটতো প’ষ্ট কৰিছে৷ মেনেজমেণ্টৰ শিক্ষা সাং কৰি চাকৰি কৰিবলৈ ওলোৱা ছাত্ৰীগৰাকী সেয়ে সম্প্ৰতি গৃহবন্দী৷ পৰিয়ালৰ নাক-কাণ কাটি তেওঁ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে৷ ঘৰৰ মানুহে কেচুৱা বুলি ভবা ছোৱালীয়ে যে প্ৰেম কৰি প্ৰেমিকক উলংগ শৰীৰ দেখুৱাইছিল সেয়া এতিয়াহে জানিছে মাকে৷