নগাঁৱত আজমলক ইউজ এণ্ড থ্ৰ’!

আজমলে কৈছিল- আল্লাহৰ লাঠীৰ আৱাজ নাই
শেষত আল্লাহৰ নীৰৱ লাঠীৰ আঘাতত নিজেই বাগৰি পৰিল আজমল
মনত আছেনে আজমলৰ কথা- সেইজন মৌলানা বদৰুদ্দিন আজমল, যাক ভোট দিবলৈ ভোটকেন্দ্ৰত ধুবুৰীৰ মিঞা ভোটাৰ চেণ্ডেল খুলি সোমাইছিল৷ আজমলৰ প’ষ্টাৰবোৰ ফালি ঘৰলৈ নিছিল৷ মৌলানা বদৰুদ্দিন আজমলৰ ফটো পানীত তিয়াই সেই পানীখিনি খালে বেমাৰ ভাল হয় বুলি ভাবিছিল সৰল মিঞা ভোটাৰে৷ বদৰুদ্দিন আজমল অহাৰ আগলৈকে ধুবুৰী আছিল কংগ্ৰেছৰ দুৰ্গ৷ কিন্তু AIUDF গঠন কৰি আজমলে ধুবুৰীত প্ৰতিদ্বন্দ্বিতা ঘোষণা কৰাৰ লগে লগে কংগ্ৰেছৰ প্ৰাৰ্থী পলাইছিল৷ সেই আজমলৰ কথাই আমি ক’ব ওলাইছোঁ৷ আজমলে নিৰ্বাচনী সভাত চাহ খাই থাকোতে বিস্কুটৰ টুকুৰা দলিয়াই দিছিল৷ জন্তুৰ দৰে বিস্কুটৰ টুকুৰা খাবলৈ মিঞা ভোটাৰে দৌৰাদৌৰি কৰিছিল৷ ইমানেই আছিল আজমলৰ কৰিশ্মা৷
এটা কথা নিশ্চিত, আজমলে ৰাজনৈতিক স্বাৰ্থত অসমৰ মিঞা ভোটবেংকক ব্যৱহাৰ কৰিলে৷ তেওঁ যাৰ সৈতেই গোপনে সম্পৰ্ক ৰক্ষা নকৰক কিয়, মিঞাক সদায় ব্যৱহাৰহে কৰিলে৷ মাজে মাজে দুই-এপইচা দান দিলে যদিও মিঞা হৈ পৰিল আজমলৰ ৰাজনীতিৰ ক্ৰীড়নক৷ ধুবুৰীতে হওক বা যমুনামুখতে হওক, আজমলে মিঞা ভোটাৰক নচুৱাই থাকিল৷ সাম্প্ৰদায়িক ৰাজনীতিৰ নখেৰে মিঞাৰ আঁচুৰি আজমল ক্ষমতাৰ অংশীদাৰ হ’ল৷ কিন্তু নিয়তিৰ কি অদ্ভুত পৰিহাস- সেই আজমলেই জীৱনৰ বিয়লি বেলা আনৰ দ্বাৰা ব্যৱহাৰ হ’বলগীয়া হ’ল৷ তেওঁৰ কান্ধত ভৰি থৈ বিজেপিয়ে নগাঁৱৰ দৰে মিঞাপ্ৰধান সমষ্টি দখল কৰিলে৷
অত্যন্ত ধাৰ্মিক আজমলে প্ৰায়েই কয়- আল্লাহৰ লাঠীৰ আৱাজ নাই৷ অৰ্থাৎ সকলোকে ওপৰৱালাই এই জীৱনতে কৰ্মৰ প্ৰতিদান দিবই বুলি আজমলে কয়৷ নিজে কোৱা কথা আজমলৰ জীৱনতে প্ৰযোজ্য হ’ল৷ তেওঁ আল্লাহৰ গোপন লাঠীৰ আঘাতত বাগৰি পৰিল৷ জীৱনৰ বিয়লি বেলা আজমল প্ৰথমে ধুবুৰীত অপমানিত হৈছিল৷ ইমানদিনে ৰাজত্ব কৰা এজন মৌলানা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ১০ লাখ ভোটত হৰাটো আছিল অপমানজনক৷ কিন্তু আজমলে বিন্নাকান্দিত বিজয় অৰ্জন কৰি পুনৰ অসমৰ ৰাজনীতিলৈ ঠিকেই প্ৰত্যাৱৰ্তন কৰিছিল৷ বিন্নাকান্দিত জিকিয়েই ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত কৰাটো উচিত আছিল৷
শুভাকাংক্ষীয়ে আজমলক বিন্নাকান্দিৰ পিছত প্ৰতিদ্বন্দ্বিতাৰ পৰা বিৰত থাকিবলৈ উপদেশ দিছিল৷ তেতিয়া আজমলেও মানি লৈছিল কথাটো৷ সেয়ে নগাঁৱত আজমলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাই নাছিল৷ দলৰ কৰ্ণধাৰ কমিটীয়ে প্ৰাৰ্থিত্ব দিবলৈ ওলাইছিল ৰেজাউল কৰিমক৷ কিন্তু আজমলে শেষ সময়ত সিদ্ধান্ত সলনি কৰিলে৷ অজ্ঞাত কাৰণত আজমল কোনোবা পক্ষৰ দ্বাৰা ব্যৱহৃত হোৱাৰ বাবে সাজু হ’ল৷ সেয়ে তেওঁ নগাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিলে৷ মিঞা ভোট কাটি বিজেপিৰ বিজয়ৰ পথ প্ৰশস্ত কৰাত প্ৰত্যাশিতভাৱে সফল হ’ল৷
এটা কথা অনস্বীকাৰ্য যে আজমল অসমৰ ৰাজনীতিৰ ফেক্টৰ৷ আজমল মুখ্যমন্ত্ৰী হ’ব বুলি কৈয়েই ৰাজ্যত হিন্দুত্ববাদী ৰাজনীতিৰ উত্থান ঘটিছিল৷ বৰ্ণহিন্দু ভোটাৰক আজমলৰ নাম শুনাই ভয় খুওৱা হৈছিল৷ সেই আজমলে শিৱসাগৰত পইচা বিলাই নিজকে ধৰ্মনিৰপেক্ষ সাজিছিলহে৷ শেষত আকৌ নগাঁৱত অপমানিত হ’বলগীয়া হ’ল৷ কাৰোবাক জিকোৱাৰ বাবে এই বয়সত পৰাজয়ৰ কলংক মানিবলগীয়া হ’ল আজমলে৷ ওৰেজীৱন যিজন মানুহে মিঞাক ব্যৱহাৰ কৰিলে তেওঁ শেষত নিজেই আনৰ বাবে জখলা হ’বলগীয়া হ’ল৷