কাইলৈ আপোনাৰ ঘৰতো হ’ব একেটা ঘটনা

প্লিজ, অভাৱে জুৰুলা কৰা হিমাশ্ৰীৰো চৰিত্ৰহনন নকৰিব
নিজৰ ছোৱালীজনীৰ প্ৰতি আপোনালোক ইমান নিষ্ঠুৰ নহ’ব
এটা কথা জানিব লাগে- সুদূৰ অন্ধ্ৰপ্ৰদেশৰ পৰা গাভৰু ছোৱালী এজনী চখতে ৰে’লৰ জেনেৰেল দবাত নাহে৷ ছিট নাপাব বুলি জানিও ভিৰৰ মাজত আহিবলৈ কাৰোৰে মন নাযায়৷ কিন্তু হিমাশ্ৰী বড়ো উপায়হীন আছিল৷ পইচা কেইটামান উপাৰ্জন কৰাৰ আশা কৰি আমাৰ ছোৱালীজনী অন্ধ্ৰপ্ৰদেশলৈ গৈছিল৷ নাচিলে ৬০ হাজাৰ টকা পাব বুলি ভাবিছিল হিমাশ্ৰীয়ে৷ ঘৰত অকলশৰীয়া মাকক উৰাজাহাজত উঠাবলৈ বৰ মন আছিল হিমাশ্ৰীৰ৷ মাকক ফুৰাবলৈ নিয়াৰ বাবে হিমাশ্ৰীয়ে চাকৰি কৰিব বিচাৰিছিল৷ কিন্তু এই পৃথিৱীখন যে ইমান বিভৎস সেইটো হিমাশ্ৰীয়ে জনা নাছিল৷ পৃথিৱীৰ অন্ধকাৰ জগতৰ কথাবোৰ জনাৰ বয়স হোৱা নাছিল হিমাশ্ৰীৰ৷ কিন্তু অকলশৰীয়া মাকক সকাহ দিবলৈ এই বয়সতে হিমাশ্ৰী ওলাই গৈছিল৷
অসমৰ হিমাশ্ৰী অন্ধ্ৰপ্ৰদেশত শেষ হৈ গ’ল৷ কিন্তু অসমত এইপৰ্যন্ত বিশেষ প্ৰতিক্ৰিয়া নাই৷ হিমাশ্ৰী ডাল-দৰিদ্ৰ ঘৰৰ জীয়ৰী৷ হিমাশ্ৰীৰ মৃত্যুৰ বাতৰিত সুৰা আৰু সংগীৰ এংগোল নাই৷ গতিকে বিষয়টো তল পৰি ৰৈছে৷ হিমাশ্ৰীৰ আজলী মাকৰ ক্ৰন্দন অৰণ্যৰোদনত পৰিণত হৈছে৷ আধুনিক সমাজ কিমান নিৰ্দয় সেইটো প্ৰতিপন্ন কৰিছে হিমাশ্ৰীৰ মৃত্যুৱে৷ আচৰিত কথা যে মৃত্যুৰ পিছত হিমাশ্ৰীৰ চৰিত্ৰহনন কৰিবলৈ এৰা নাই এচাম ভৱিষ্যতৰ বলাৎকাৰীয়ে৷ ঘৰৰ ছোৱালীজনীৰ অপঘাত মৃত্যুৰ পিছতো এচামে ৰচনা লিখিছে৷ ৰে’লত যে গাভৰু ছোৱালী অকলে আহিব নালাগে সেয়া বৰ্ণনা কৰি চৰিত্ৰহনন কৰিছে৷
নিজকে সৰ্বজান্তা বুলি ভবা এই লোকসকলৰ কমেণ্ট দেখিলে আপোনাৰো মূৰ ঘূৰাই যাব৷ হিমাশ্ৰী বড়োৰ ঘৰ আছিল গুৱাহাটীৰ চপাইদাঙত৷ সাধাৰণ ঘৰৰ ছোৱালীজনীয়ে নাচি খুব ভাল পাইছিল। সপোন আছিল তাইৰ কলাৰেই তেওঁ আগবাঢ়ি যাব৷ ঘৰখনৰো ভাল হ’ব৷ আগষ্টত হিমাশ্ৰী গৈছিল অন্ধ্ৰপ্ৰদেশলৈ নাচৰ গ্ৰুপৰ লগত৷ কিন্তু উদ্দেশ্য সিদ্ধি নহ’ল৷ হিমাশ্ৰী নামৰ কণমানি ছোৱালীজনীৰ ভাল ফোন এটাও নাছিল৷ তেওঁৰ ফোনটো ক্ৰমে বেয়া হৈ আহিছিল৷ বাহিৰৰ পৃথিৱীখনৰ মতিগতি জনা নাছিল হিমাশ্ৰীয়ে৷ গুৱাহাটীলৈ উভতি অহাৰ সময়ত দবাটোত এগাল ৰাংকুকুৰক দেখিও হিমাশ্ৰীয়ে সাৱধান হ’ব নাজানিলে৷
দৰাচলতে কাহিনী এইটোৱেই আছিল এইটোৱে৷ তাতে কিছুমান কাপুৰুষ-অভদ্ৰই ঘৃণনীয় ৰচনা লিখিছে৷ কথা হ’ল দেশ ছোৱালীৰ বাবে নিৰাপদ নহয় বুলি মহিলাসকল ঘৰতে সোমাই থাকিব লাগে নেকি৷ দৰিদ্ৰতাই জুৰুলা কৰা হিমাশ্ৰীৰ মৃত্যুৰ পিছত ফে’চবুকৰ কেংগেৰু ক’ৰ্টত লম্পটে চৰিত্ৰহনন কৰিছে৷ কিন্তু জীয়াই থকা সময়ত হিমাশ্ৰীৰ পৰিয়ালক সহায় কৰিবলৈ সেইবোৰৰ অকণো সময় নাছিল৷ হিমাশ্ৰী নামৰ অখ্যাত যুৱতীগৰাকীৰ দৰে অনেকে এতিয়াও দৰিদ্ৰতাৰে যুদ্ধ কৰি আছে৷ তেওঁলোকক এতিয়া সহায় কৰিব নজনা পাষণ্ডই অঘটনৰ পিছত ৰচনা লিখে৷ গতিকে পাৰিলে প্লিজ হিমাশ্ৰীৰ চৰিত্ৰহনন নকৰিব৷
এই ঘটনাটো দৰাচলতে অসমৰ সমাজ ব্যৱস্থাৰ প্ৰতি সকীয়নি৷ ক্ৰমাৎ মায়াহীন হৈ পৰা সমাজত কাৰো আনৰ দিশে মূৰ তুলি চোৱাৰ সময় নাই৷ আজি এইটো ঘটনা আপোনাৰ বাবে অচিনাকী হিমাশ্ৰীৰ ক্ষেত্ৰত হৈছে৷ কিন্তু কাইলৈ বিষাক্ত সময়ৰ পিঞ্জৰাত আপোনাৰ আত্মীয়ও আবদ্ধ হ’ব পাৰে৷ তেতিয়াও আপুনিও হিমাশ্ৰীৰ মাকৰ দৰে কান্দিব লাগিব৷ হয়তো আপোনাৰ আত্মীয়ৰো চৰিত্ৰহনন কৰিবলৈ ৰৈ আছে পাষণ্ড৷