আচলতে নিমখ হাৰাম কোন- ভোটাৰ নে ৰাজনৈতিক দল
মুখ্যমন্ত্ৰীয়ে কৈয়েই দিছিল- নগাঁও আমাৰ সমষ্টি নহয়৷ কাৰণটো আছিল মিঞা৷ হিমন্ত বিশ্ব শৰ্মাৰ দৰে চাণক্যও নিশ্চিত আছিল যে মিঞাই বিজেপিক ভোট নিদিয়ে৷ দেৱাশিস শৰ্মা নালাগে আন কোনোবা উঠিলেও মিঞাই হাতৰ চিনতে ভোট দিব৷ কিন্তু মিঞাই বিজেপিক ভোট দিলে৷ ফলত দেৱাশিস শৰ্মা ফাঁকে ফাঁকে ওলাই গ’ল৷ কিন্তু এই ফলাফলে অসমৰ ৰাজনীতিৰ পেটাৰ্ন সলনি কৰিবনে নকৰে সেয়া লাখটকীয়া প্ৰশ্ন৷ কিয়নো বিগত সময়তো মিঞা অধ্যুষিত চামগুৰিত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা বিজয়ী হৈছিল৷ কিন্তু পিছত মিঞা ভোটাৰে সেই ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিলকে চামগুৰিৰ বিধায়ক পাতিলে৷
অৰ্থাৎ চামগুৰিৰ মিঞা ভোটাৰ বিজেপিৰ হিন্দুত্বৰ প্ৰতি আকৃষ্ট হোৱা নাছিল৷ বিজেপিক মুছলমানৰ মিত্ৰ বুলি মিঞাই মানিও লোৱা নাছিল৷ কিন্তু এইবাৰ নিৰ্বাচন ৰাজনৈতিকভাৱে অৰ্থৱহ৷ ফলাফলে প্ৰমাণ কৰিলে যে কংগ্ৰেছ মিঞাৰ পাৰ্টীও হৈ থকা নাই৷ ক’বলৈ গ’লে কংগ্ৰেছ ঘৰৰো নহয়, ঘাটৰো নহয় ধৰণৰ হৈ পৰিল৷ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মিঞাৰ সমষ্টি জিকিছিল৷ সেই হিচাপে এইবাৰ নগাঁৱো জিকিবই লাগিছিল৷ কিন্তু ৬০ শতাংশ মিঞা থকা সমষ্টি এটাত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ১ লাখ ভোটো নাপালে৷ বিষয়টো কেবাটাও ৰাজনৈতিক এংগোলৰ পৰা অৰ্থৱহ৷ এই বিজয় বিজেপিৰ বাবে ভাল নহ’বও পাৰে৷
কথাটো হৈছে যে বিগত লোকসভা নিৰ্বাচনতো নগাঁও জিকিবলৈ বিজেপিয়ে চেষ্টা কৰিছিল৷ চৰৰ মাতব্বৰক দিছপুৰলৈ মাতি নি লোভনীয় অফাৰো দিছিল৷ তথাপি নিজিকিল৷ কিন্তু দুবছৰতে পৰিৱেশ ইমান সলনি হ’ল যে মিঞাই বিজেপিক ভোট দিলে৷ আপেক্ষিক দৃষ্টিৰে নগাঁৱত বিজেপিৰ বিজয়ে অসমৰ মিঞাপ্ৰধান এলেকালৈ হিন্দুত্ববাদী শক্তিৰ প্ৰসাৰৰ ইংগিত দিছে৷ গোধৰা সংঘৰ্ষৰ পিছত গুজৰাটৰ মুছলমান বিজেপিৰ প্ৰচ্ছন্ন সমৰ্থক হৈ পৰিছিল৷ এতিয়া অসমতো যদি একে পৰিস্থিতি হয় তেন্তে কংগ্ৰেছৰ চিলিম ছিগিব৷ কিন্তু সেইটো অসমত যে এতিয়াই সম্ভৱ নহয় সেয়া চামগুৰিৰ ফলাফলেই প্ৰমাণ কৰি থৈছে৷
যদি সম্ভৱ হয় তেন্তে কিন্তু কংগ্ৰেছী ৰাজনীতিৰ বিপদ অৱধাৰিত৷ এটা কথা নগাঁৱৰ নিৰ্বাচনে প্ৰমাণ কৰিলে যে বদৰুদ্দিন আজমল একেবাৰে অচল টকা হৈ পৰা নাই৷ তেওঁ ভোট নভঙা হ’লে নগাঁৱত কংগ্ৰেছৰ সম্ভাৱনা আছিল৷ বিগত লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে বিজেপিৰ এজেণ্ট বুলি প্ৰচাৰ কৰি আজমলৰ গ্ৰহণযোগ্যতা কমাবলৈ সক্ষম হৈছিল৷ ধুবুৰীত আজমলৰ পৰাজয়ৰ একমাত্ৰ কাৰণ আছিল তেওঁৰ বিজেপিৰ এজেণ্ট বুলি থকা বদনাম৷ সেইজন আজমলকে ধিং, চামগুৰি, ৰূপহীহাট আদিৰ মিঞাই ভোট দিলে৷ কংগ্ৰেছক নিদিলেও হাজাৰ বদনাম থকা বদৰু্দ্দিন আজমলক সমৰ্থন কৰিলে নগাঁৱৰ ভোটাৰে৷
বিগত সময়ত আজমলক দমন কৰিবলৈ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খেলিছিল জাতীয়তাবাদী কাৰ্ড৷ তেওঁৰ হু ইজ আজমল কথাষাৰেই অসমৰ ৰাজনীতিত কংগ্ৰেছক জাতীয়তাবাদী কৰি তুলিছিল৷ উজনিৰ বৰ্ণহিন্দু অসমীয়াই বিশ্বাস কৰিবলৈ ধৰিছিল কংগ্ৰেছক৷ কিন্তু বিজেপিৰ ৰণনীতি সম্পূৰ্ণ পৃথক৷ উজনিৰ অসমীয়াক অসন্তুষ্ট কৰি বিজেপিৰ সভাপতি ইনছাল্লাহ ধ্বনি দিছে৷ ইনছাল্লাহ হিন্দুৰ বাবেও পৱিত্ৰ বুলি কৈছে বিজেপিৰ হিন্দুত্ববাদী নেতাই৷ গতিকে এই কথাবোৰ ভৱিষ্যতে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ সেইদিশৰ পৰা চালে নগাঁৱৰ বিজয় বিজেপিৰ বাবেহে অনাগত সময়ত হৈ পৰিব পাৰে বিপজ্জনক৷



