হিন্দীভাষীৰ বসতিস্থলত ৰাস্তা আগতেই নিৰ্মাণ কৰিছে মাকুম পৌৰসভাই৷ কিন্তু বেছিভাগ অসমীয়া থকা ১০ নং ৱাৰ্ডত এইপৰ্যন্ত ৰাস্তাটোও সাজি দিয়া নহ’ল৷ আশ্বৰ্যকৰভাৱে মাকুম পৌৰসভাৰ পৌৰপতি অৰ্চনা শইকীয়ায়ো এই ১০ নং ৱাৰ্ডকে প্ৰতিনিধিত্ব কৰে৷ কিন্তু যিহেতু ৱাৰ্ডটোত অজ্ঞাত কাৰণত পথ নিৰ্মাণৰ প্ৰয়োজন নাই বুলি অৰ্চনা শইকীয়াই গণ্য কৰিছে৷ পৌৰসভাই আন প্ৰতিটো ৱাৰ্ডতে নিৰ্মাণ কৰিছে মসৃণ পথ৷ একেসময়তে মাকুম চহৰৰ খিলঞ্জীয়াৰ অধিপত্য থকা ১০ নং ৱাৰ্ডৰ পথটো এতিয়াও পথৰুৱা ৰাস্তাৰ দৰে৷
তিনিচুকীয়াৰ আন প্ৰান্তৰ দৰে মাকুম পৌৰসভাৰ অধীনস্থ ৱাৰ্ডো হিন্দীভাষীয়ে দখল কৰিছে৷ সেইসমূহ হৈছে বিজেপিৰ ভোটাৰ৷ গতিকে বৰ্তমানৰ পৌৰসভাৰ নেতৃত্বই দলৰ ভোটাৰসকলক সন্তুষ্ট কৰিবলৈ পূৰ্ণ চেষ্টা কৰে৷ কিন্তু ১০ নং ৱাৰ্ড অৰ্থাৎ গান্ধীনগৰ এতিয়াও সম্পূৰ্ণৰূপে হিন্দীভাষীয়ে দখল কৰিব পৰা নাই৷ এই ৱাৰ্ডত বৰ্তমানপৰ্যন্ত সংখ্যাগৰিষ্ঠ হৈ আছে খিলঞ্জীয়া৷ তথাপি পৌৰসভাৰ নেতৃত্বই ১০ নং ৱাৰ্ডৰ ৰাস্তা সজাৰ প্ৰতি গুৰুত্বই দিয়া নাই৷
কেৱল সেয়াই নহয়, মাকুম পৌৰসভাৰ কাৰ্যালয় থকা পথটোৰ অৱস্থাও তথৈবচ৷ য’তনেকি চহৰখনৰ আন সকলো ৱাৰ্ডৰে পথ উন্নত প্ৰযুক্তি নিমজকৈ নিৰ্মাণ কৰা হ’ল, সেই বিশেষ ৰাস্তাটো সাজিবলৈ মাকুম পৌৰসভাই ধন আবণ্টন দিব নোৱাৰিলে৷ সেই এলেকাত কেৱল অসমীয়াৰ প্ৰভুত্ব থকা বাবে পৌৰপতি অৰ্চনা শইকীয়াই মাহীমাকৰ দৃষ্টিৰে চাইছে বুলি স্থানীয় লোকে অভিযোগ তুলিছে৷ তেওঁলোকে কৰা দাবী অনুসৰি হিন্দীভাষী ভোটাৰক সন্তুষ্ট কৰি ৰখাটোৱেই হৈছে অৰ্চনা শইকীয়াই প্ৰধান লক্ষ্য৷
অসমীয়াই বিজেপিক ভোট নিদিয়ে বুলি গণ্য কৰি তেওঁ ১০ নং ৱাৰ্ডৰ এটা সামান্য পথো সাজি দিব পৰা নাই৷ কিন্তু মাকুম চহৰত অনা-অসমীয়া বণিয়াৰ ঘৰলৈ সোমোৱা ব্যক্তিগত পথ কেবাঠাইতো পৌৰসভাই নিৰ্মাণ কৰিছে৷ কিন্তু অসমীয়াক তেনে কোনো সুবিধা পৌৰসভাই প্ৰদান কৰা নাই৷



