ব্ৰাহ্মণৰ জোঁৱাই হ’ব ক্ৰিকেটাৰ মহম্মদ চিৰাজ৷ গো-মাংস খাই ভালপোৱা মহম্মদ চিৰাজক হৃদয় সমৰ্পণ কৰিছে মাহিৰা শৰ্মাই৷ অভিনেত্ৰী মাহিৰা আৰু চিৰাজৰ গোপনে আঙুঠি পিন্ধোৱাও হৈ গৈছে৷ কিছুদিনৰ পিছত মাহিৰাই ইছলাম কবুল কৰিব৷ লগে লগে নিকাহ কৰিব পেচ বলাৰ চিৰাজে৷ ক্ৰিকেটাৰজনৰ পৰিয়ালে ইছলাম ধৰ্ম গ্ৰহণ নকৰালৈ মাহিৰাক বোৱাৰী হিচাপে স্বীকাৰ নকৰে৷ সেইবাবে মাহিৰাক ধৰ্মান্তৰ হ’বলৈ চিৰাজে অনুৰোধ কৰিছে৷ দুয়োৰে মাজতে এবছৰে ৰোমাঞ্চ চলি আছিল৷ মহম্মদ চিৰাজে মাহিৰাৰ সৈতে ৰোমাঞ্চৰ খবৰ দি ইনষ্টাগ্ৰামত আপলোড কৰিছিল ফটো৷ অৱশেষত ব্ৰাহ্মণ যুৱতী মাহিৰা শৰ্মায়ো মহম্মদ চিৰাজৰ সৈতে থকা সম্পৰ্ক স্বীকাৰ কৰিছে৷ দুয়ো একেলগে ফুৰিব গৈছে লণ্ডন৷
অভিনেত্ৰী মাহিৰা শৰ্মা কাশ্মিৰী ব্ৰাহ্মণ৷ তেওঁ বলীউডত বিগবছৰ জৰিয়তে প্ৰৱেশ কৰিছিল৷ পিছলৈ মাহিৰাই চিনেমাত অভিনয়ৰ সুযোগ লাভ কৰিলে৷ বি-টাউনত সৌন্দৰ্যৰ বাবে মাহিৰা শৰ্মা জনাজাত৷ তেওঁ ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালৰ যুৱতী হিচাপে ধৰ্মীয় নিয়ম মানি চলে৷ কাশ্মীৰৰ যুৱতী মাহিৰাই মাংসও নাখায়৷ তেওঁ ভগৱান বিশ্বাসী৷ মাহিৰাই পূজা-পাতলত বিশ্বাস কৰে৷ বলীউডত প্ৰৱেশ কৰাৰ পিছত অৱশ্যে মাহিৰাই আমিষ আহাৰ খাবলৈ ধৰিলে৷ কিন্তু তেওঁ নিয়ম অনুসৰিহে মাছ-মাংস গ্ৰহণ কৰে৷ ঘৰৰ বাদে আন ক’তো মাহিৰাই মাংস নাখায়৷ কিন্তু কিছুদিন পূৰ্বে মাহিৰাই ইনষ্টাগ্ৰামত মাংস খোৱা ফটো পোষ্ট কৰিছিল৷ সেইখন ফটোত মাহিৰাই গোমাংস খোৱা বুলি অভিযোগ কৰিছিল নেটিজেনে৷
তেতিয়াই মাহিৰাৰ সৈতে মহম্মদ চিৰাজৰ ৰোমাঞ্চক লৈ চৰ্চা আৰম্ভ হৈছিল৷ খবৰ অনুসৰি যোৱাবছৰৰ মাৰ্চতে চিৰাজৰ সৈতে মালদ্বীপ ভ্ৰমণ কৰিবলৈ গৈছিল মাহিৰা শৰ্মা৷ তেওঁ চিৰাজৰ সৈতে মালদ্বীপৰ বীচ্চত ফটো উঠিছিল৷ ফটোত চিৰাজ নাছিল যদিও দুয়ো একেলগে ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰাৰ বাবে সন্দেহ অধিক ঘনীভূত হৈছিল৷ পৰৱৰ্তী সময়ত মাহিৰা শৰ্মাৰ বাৰ্থডে’ পাৰ্টীত চিৰাজে অংশগ্ৰহণ কৰিলে৷ এটা টেডী বিয়েৰ উপহাৰ দিয়াৰ বাবে চিৰাজক ধন্যবাদ জ্ঞাপন কৰি তেতিয়া মাহিৰাই ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছিল৷ চিৰাজৰ সৈতে সম্পৰ্কৰ বাবে মাহিৰাই গো-মাংস খোৱা খোৱা বুলি দাবী কৰিছিল ফল’ৱাৰ্ছে৷ হিন্দুত্ববাদী সংগঠনেও চিৰাজৰ সৈতে ব্ৰেক-আপ কৰিবলৈ মাহিৰাক ৱাৰ্নিং দিছিল৷
কিন্তু প্ৰেমৰ খাতিৰত কাৰো কথা নুশুনিলে ২৮ বছৰীয়া মাহিৰা শৰ্মাই৷ তেওঁ শেহতীয়া এটা সাক্ষাৎকাৰত বিবাহৰ বাবে সাজু হোৱা বুলি প্ৰকাশ কৰিছিল৷ এতিয়া ছিংগল হৈ থকা নাই বুলি ঘোষণা কৰিছিল অভিনেত্ৰী মাহিৰাই৷ মুছলমান প্ৰেমিকক মাতৃয়ে মানি লোৱা নাই যদিও পৰিয়ালক মনোৱাৰ দায়িত্ব মাহিৰাই গ্ৰহণ কৰিছে৷ সেয়ে চিৰাজৰ সৈতে কিছুদিনৰ পিছতে মাহিৰা বিয়া হ’ব বুলি প্ৰকাশ কৰিছে ঘনিষ্ঠ সূত্ৰই৷ অৱশ্যে মাহিৰা শৰ্মাই আগতে কেবাজনো প্ৰেমিকক প্ৰতাৰণা কৰিছে৷
বিগবছৰ ঘৰত থকা সময়ত মাহিৰা শৰ্মাই পৰশ চাব্ৰাৰ সৈতে ডেট কৰিছিল৷ তেওঁলোকৰ বিয়াখনো প্ৰায় খাটাঙেই হৈছিল৷ তথাপি শেষত মাহিৰা আৰু পৰশৰ বিয়াখন নহ’লগৈ৷ বৰ্তমান চিৰাজৰ সৈতে মাহিৰাই টাইমপাছ কৰা বুলি বলীউডৰ সাংবাদিকে সন্দেহ কৰিছে৷ কাৰণ মাহিৰাই কোনো প্ৰেমিকৰ সৈতেই বেছিদিন ৰিলেশ্যন কৰাৰ উদাহৰণ নাই৷ তথাপি মাহিৰাৰ সৈতে সম্পৰ্কক লৈ চিৰাজ সাৱধান৷ তেওঁ মাজতে ইনষ্টাগ্ৰামৰ ষ্ট’ৰীত মাহিৰাৰ ফটো পোষ্ট কৰিছিল৷ মাহিৰা ধৰ্মান্তৰ হ’লেই চিৰাজে তেওঁক আপোন কৰি ল’ব৷ ইছলাম কবুল কৰিলেও অৱশ্যে মাহিৰাক বোৰ্খা পিন্ধিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতি দিছে চিৰাজে৷



