সৰ্বনাশ হৈছে ৰাছিয়াত৷ পুটিনৰ দেশত যি সংকটৰ সূচনা হৈছে তাৰ প্ৰভাৱ যিকোনো সময়তে বিশ্বব্যাপি বিয়পি পৰিব পাৰে৷ ৰাছিয়াৰ বাবে হ’ব পাৰে গোলকীয় লক ডাউন৷ এই দুৰ্যোগৰ আৰম্ভণি হৈছিল চাইবেৰিয়াত৷
উচ্চ সুৰক্ষাবেষ্টিত গৱেষণাগাৰত কৰ্মৰত ২৮ বছৰীয়া গৱেষিকাৰ হাতৰ পৰা প্লেগৰ বীজাণুভৰ্তি টেষ্ট টিউব পৰি চৌদিশে ভাইৰাছ বিয়পি পৰিছিল৷ পৰৱৰ্তী সময়ত সেই যুৱতীগৰাকীৰ মৃত্যু ঘটিল৷ কিন্তু তেওঁৰ পৰি সংক্ৰমিত হ’ল প্লেগ৷
ৰাছিয়াই সংক্ৰমণ অস্বীকাৰ কৰিছে যদিও পৰিস্থিতি আচম্বিতে বিপজ্জনক হৈ পৰিছে৷ শতাধিক লোক হঠাতে নিম’নিয়াত আক্ৰান্ত হৈছে৷
সংক্ৰমণ নিয়ন্ত্ৰণ প্ৰট’কলৰ অধীনত এলেকাটোৰ জনতাক আইছ’লেশ্বনত ৰখা হৈছে৷ মৃত মহিলা গৱেষকৰ সৈতে প্ৰত্যক্ষ-পৰোক্ষভাৱে সংস্পৰ্শলৈ অহা লোকক চিনাক্ত কৰি তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হৈছে।
ইমান সাৱধানতাৰ পিছতো ৰাছিয়াজুৰি প্লেগ বিয়পি পৰিছে৷ বিমান যাত্ৰীৰ জৰিয়তে বিদেশতো এই ৰোগৰ সংক্ৰমণ ঘটাৰ আছে আশংকা৷ এই ৰোগ হৈছে ক’ভিডতককৈ ১০০ গুণ বিপজ্জনক৷ যাৰ বাবে বিশ্বজুৰি হ’ব পাৰে বিপৰ্যয়৷



