RSSয়ে কৰিলে আন্দোলনৰ বিৰোধিতা


নিৰ্বাচনী সংস্কাৰৰ দাবীত দেশত আৰম্ভ হোৱা আন্দোলনত সাৰ-পানী যোগাইছে বিদেশী শক্তিয়ে৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এৰ পৃষ্ঠপোষকতাত দেশৰ পৰিৱেশ উত্তাল হৈ পৰিছে৷ এই সন্দেহ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ৷
আশ্বৰ্যকৰভাৱে অনুৰূপ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে৷ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনৰ বিৰোধিতাৰে বিপক্ষই কৰা প্ৰতিবাদক তেওঁ ভাৰতবিৰোধী শক্তিৰ চক্ৰান্ত বুলি অভিহিত কৰিছে।
মন্ত্ৰী ৰিজিজুৱে প্ৰকাশ কৰা মতে যিসকল ব্যক্তি প্ৰকৃত আৰু বৈধ ভোটাৰ তেওঁলোকৰ বাবে নির্বাচন আয়োগৰ এই শুদ্ধিকৰণ ব্যৱস্থাক লৈ ভয় পোৱাৰ বা প্ৰতিবাদ কৰাৰ কোনো কাৰণ নাই। কেবল ভুৱা ভোটাৰ আৰু অনিয়মৰ জৰিয়তে গণতন্ত্ৰক বিপথে পৰিচালনা কৰিব বিচৰা চক্ৰহে এই প্ৰক্ৰিয়াক লৈ শংকিত হৈ পৰিছে।
ৰিজিজুৱে অভিযোগ কৰে যে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু ইণ্ডিয়া ব্লকে নিৰ্বাচন আয়োগক উদ্দেশ্যপ্ৰণোদিতভাৱে লক্ষ্য কৰি লৈছে। তেওঁৰ মতে বিৰোধী দলে গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰতি জনতাৰ আস্থা ভংগ কৰাৰ অপচেষ্টা চলাইছে৷
এই আন্দোলন প্ৰকৃতাৰ্থত সংবিধান ৰক্ষাৰ পৰিৱৰ্তে ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবেহে কৰা হৈছে বুলি তেওঁ দাবী কৰিলে। সংসদৰ কাম-কাজ ব্যাহত কৰা আৰু ৰাজপথত শ্ল’গান দি দেশত অৰাজক পৰিৱেশ সৃষ্টি কৰিবলৈ বিৰোধীয়ে চেষ্টা চলাইছে বুলি ৰিজিজুৱে ক্ষোভ প্ৰকাশ কৰিলে।