একো কাম নাছিল, ফুৰিবলৈহে গাছিল নুছৰৎ ভ্ৰুচা৷ মালদ্বীপৰ বালিলৈ প্ৰেমিকৰ সৈতে গৈছিল নুছৰৎ৷ কিন্তু বালিত ৰহস্যজনকভাৱে নুছৰৎ অসুস্থ হৈ পৰিছে৷ তিনিদিনৰ ভিতৰতে নুছৰৎ ভাৰতলৈ উভতি অহাৰ কথা আছিল৷ পিছে নুছৰৎ থাকিবলগীয়া হৈছে হস্পিতেলত৷ কি বেমাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছে সেইটো কিন্তু নুছৰতে কোৱা নাই৷ খান উপাধিৰ অজ্ঞাত প্ৰেমিকজনে নুছৰতক শুশ্ৰুষা কৰি আছে৷
কিন্তু নুছৰৎ কিয় বালিলৈ গৈছিল সেইটোহে সন্দেহৰ বিষয়৷ মুম্বাইত প্ৰচাৰ হোৱা খবৰ অনুসৰি নুছৰৎ ভ্ৰুচাৰ সৈতে বালিলৈ গৈছিল প্ৰেমিক৷ কিন্তু তেওঁলোক একেলগে যোৱা নাছিল৷ কোনেও যাতে গম নাপায় তাৰ বাবে নুছৰৎ আৰু প্ৰেমিক সুকীয়া বিমানত উঠিছিল৷ এই যাত্ৰাৰ উদ্দেশ্য বিয়া আছিল বুলি প্ৰকাশ পাইছে৷ সংবাদ মাধ্যমৰ পৰা আঁতৰি নুছৰতে বালিত বিয়া পাতিবলৈ গৈছিল বুলি বাতৰি প্ৰচাৰ হৈছে৷
কিন্তু তাৰ পিছতে নুছৰৎ কিয় অসুস্থ হৈ পৰিল সেইটো সন্দেহৰ বিষয়৷ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি নুছৰৎ ফুড পইজনিঙত আক্ৰান্ত হৈছে৷ খাদ্যত বিষক্ৰিয়া হোৱা বাবে নুছৰৎ হস্পিতেলত আছে৷ কিন্তু পৰিয়ালৰ সূত্ৰই নুছৰতৰ ফুড পইজনিং হোৱা বুলি কোৱা নাই৷ তেওঁলোকে প্ৰকাশ কৰামতে এটা ব্যক্তিগত কাৰণত নুছৰৎ চিকিৎসাধীন৷ সেয়ে সম্প্ৰতি নুছৰৎ সন্তানৰ মাক হ’বলৈ ওলোৱা বুলি প্ৰচাৰিত হৈছে৷
নুছৰৎ ভ্ৰুচা নামৰ অভিনেত্ৰীগৰাকী হৈছে নৈষ্ঠিক মুছলমান৷ তেওঁ ধৰ্মীয় নিয়ম পালন কৰে৷ সেয়ে হিন্দু প্ৰেমিকৰ সৈতে বিয়া হ’বলৈ নুছৰতে অস্বীকাৰ কৰিছিল৷ নুছৰতে বিগত দুবছৰে খান উপাধিৰ এজন মডেলৰ সৈতে ডেট কৰি আছে৷ কিন্তু সেই মডেলজন কোন সেইটো কাকো কোৱা নাই৷ তেওঁৰ সৈতে নুছৰতৰ নিকাহ হোৱা বুলি বন্ধুমহলে প্ৰকাশ কৰিছে৷ ইয়াৰ পিছতে নুছৰৎ অসুস্থ হোৱাটো সন্দেহৰ কথা৷
অৱশ্যে নুছৰত ভ্ৰুচাই ইনষ্টাগ্ৰামত প’ষ্ট কৰিয়েই আছে বালিৰ ফটো৷ বিকিনী পৰিধান কৰি বালিৰ সমুদ্ৰতীৰত উঠা ফটো নুছৰতে প’ষ্ট কৰিছে৷ তাৰ মাজতে অসুস্থ হোৱাৰ খবৰো দিছে নুছৰতে৷ এতিয়া সুস্থ হৈ উঠা বুলিও নুছৰতে জনাইছে৷ তেওঁ সোনকালে উভতি আহিব বুলি দিছে খবৰ৷ আন এটা খবৰ অনুসৰি খানৰ পৰামৰ্শমৰ্মে নুছৰতে স্তনৰ ছাৰ্জাৰী কৰিছে৷ ব্ৰিষ্ট এনলাৰ্জমেণ্ট ছাৰ্জাৰী কৰিছে নুছৰতে৷



