পলাই যোৱা জীয়েকক পিতৃৰ সেৱা

মই তোৰ ভৰিত ধৰিছোঁ, এই ভুল নকৰিবি
জীয়েকে দেউতাকৰ ভৰিত ধৰাৰ কথা সকলোৱে শুনিছে৷ কিন্তু দেউতাকে কন্যাৰ ভৰিত ধৰি সেৱা কৰিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছে৷ প্ৰেমত উদবাউল হৈ পলাই যাবলৈ ধৰা কন্যাক সেৱা কৰি পিতৃয়ে কাতৰ অনুৰোধ জনাইছে৷ পিছত একেজন যুৱকলৈয়েই বিয়া দিব বুলিও লোকজনে কন্যাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ কিন্তু দেউতাকৰ আকুল প্ৰাৰ্থনা শুনিবলৈয়ো অস্বীকাৰ কৰিছে নিষ্ঠুৰ কন্যাই৷ পাষণ্ড জীয়েকে গোৰ মাৰি দিছে দেউতাকক৷ তথাপি হাতযোৰ কৰি জীয়েকক কাকূতি কৰিছে বৃদ্ধ লোকজনে৷
ঘটনাটো শুনি অদ্ভুত যেন লাগিব পাৰে, কিন্তু এইটো সঁচা ঘটনা৷ হাৰিয়ানাৰ লোকজনে উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ কন্যাক কলেজত নাম লগাই দিছিল৷ সাক্ষী মালিক চৰকাৰী কলেজত নামভৰ্তি কৰি তেওঁৰ কন্যাই একো নপঢ়িলে৷ অধ্যয়নৰ পৰিৱৰ্তে প্ৰেমলীলা কৰাতহে গুৰুত্ব দিলে ছাত্ৰীগৰাকীয়ে৷ কলেজলৈ আহি এজন সহপাঠীৰ প্ৰেমত তেওঁ উন্মাদ হৈ পৰিল৷ এদিন প্ৰেমিকৰ সৈতে পলাই গ’ল ছোৱালীজনী৷ জীয়েকক বিচাৰি ঢপলিয়াই ফুৰিলে পিতৃয়ে৷ প্ৰেমিকৰ সৈতে আকৌ কলেজলৈ যাওতেহে ছাত্ৰীগৰাকী উদ্ধাৰ হ’ল৷
তেওঁক বিচাৰি কলেজত উপস্থিত হ’ল ছাত্ৰীগৰাকীৰ পিতৃ৷ দেউতাকে সকলোৰে সন্মুখত কন্যাক ক্ষমাভিক্ষা কৰিলে৷ বিগত সময়ত যদি তেওঁ কিবা ভুল কৰিছিল তেন্তে ক্ষমা কৰি দিবলৈ পিতৃয়ে জীয়েকৰ ভৰিত ধৰিলে৷ কিন্তু পাষাণ হৃদয়ৰ ছাত্ৰীগৰাকীৰ মন পৰিৱৰ্তন নহ’ল৷ তেওঁ সহপাঠীৰ সন্মুখত পিতৃক গোৰ মাৰি দিলে৷ কেতিয়াও প্ৰেমিকৰ সংগ এৰি ঘৰলৈ উভতি নাযায় বুলি জনাই দিলে নিৰ্দয় ছোৱালীজনীয়ে৷
তথাপি পিতৃয়ে সহ্য কৰি থাকিল৷ জীয়েকৰ গোৰ সহ্য তেওঁ কান্দিলে৷ আকৌ উঠি কিছুদিনৰ পিছত একেজন প্ৰেমিকৰ সৈতেই জীয়েকক বিয়া দিম বুলি লোকজনে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে৷ কিন্তু কাৰো কথা শুনিবলৈ সন্মত নাছিল পাষাণ ছাত্ৰীগৰাকী৷ তেওঁ দেউতাকক কলেজতে অপমান কৰি ওলাই যাবলৈ বাধ্য কৰিলে৷ সন্মান ৰক্ষাৰ স্বাৰ্থত জীয়েকক ঘৰলৈ ওভতাই নিবলৈ যোৱা লোকজন কান্দি কান্দি ওলাই গ’ল৷
তেওঁৰ সৈতে ঘৰলৈ নগ’ল জীয়েক৷ ভৰিত ধৰিও জীয়েকক তেওঁ প্ৰেমিকৰ সংগত্যাগ কৰিবলৈ সন্মত কৰিব নোৱাৰিলে৷ প্ৰেমিকক দেউতাকৰ তুলনাত বেছি আপোন বুলি ভাবিলে পাষণ্ড কন্যা৷ খবৰ অনুসৰি সেই যুৱতীগৰাকী হৈছে হাৰিয়ানাৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ কন্যা৷ তেওঁ প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বাবে ঘৰখনৰ স্বাভাৱিকতে সন্মান হানি হৈছে৷ সেয়ে দেউতাকে জীয়েকক ঘৰলৈ ওভতাই নিয়াৰ আপ্ৰাণ চেষ্টা কৰিছিল৷ কন্যাৰ ভৰিত ধৰি ক্ষমা খোজাৰ পিছতো বেদনাভৰা মনেৰে ঘৰলৈ উভতিবলগীয়া হ’ল বৃদ্ধ৷