আকৌ যেন জুবিন গাৰ্গৰ পুনৰ্জন্ম

হাতত কৰনি, পেটৰ দায়ত তেওঁ কৰিব লাগে ৰাজমিস্ত্ৰীৰ কাম
শিল-বালি আৰু চিমেণ্টৰ মছলা মাৰি পকীঘৰ নিৰ্মাণ কৰাটোৱেই যুৱকজনৰ পেছা৷ পাৰ্গত হাতেৰে তেওঁ কৰনিৰে ইটাৰ ফাঁকে ফাঁকে সুমুৱাই দিয়ে চিমেণ্টৰ মছলা৷ কৰনি ধৰি ধৰি হাত দুখন কঠুৱা হৈ গৈছে যুৱকজনৰ৷ কিন্তু তেওঁৰে কণ্ঠত আছে সৰস্বতী৷ জুবিন গাৰ্গৰ গীত প্ৰাণঢালি গাই তেওঁ শ্ৰোতাক বিমুগ্ধ কৰি পেলাব পাৰে৷ সাইলাখ জুবিন গাৰ্গৰ শৈলীৰে অচিনাকী যুৱকজনে ৰাগ টানিব পাৰে৷ হামিং কৰিবলৈ জুবিন গাৰ্গৰ পৰাই শিকিছে ৰাজমিস্ত্ৰী সংগীতজ্ঞই৷ একলব্যৰ দৰে তেওঁ জুবিন গাৰ্গক গুৰু মানি লৈছে৷ কেতিয়াও কাষৰ পৰা নেদেখাকৈ জুবিন গাৰ্গক গুৰু বুলি বিবেচনা কৰি যুৱকজনে সংগীতৰ দীক্ষা লৈছে৷
তেওঁৰ নাম অসমৰ নেটিজেনে নাজানে৷ তথাপি যুৱকজনৰ গীত বিস্মিত-বিমুগ্ধ হৈ শুনিছে অচিন শ্ৰোতাই৷ কাৰণ তেওঁৰ কণ্ঠতে আকৌ জী উঠিছে অসমৰ হৃদস্পন্দন জুবিন গাৰ্গ৷ মছলা মাৰি পকীঘৰ সাজি থকা সময়ত যুৱকজন নীৰৱে থাকিব নোৱাৰে৷ প্ৰতিটো পলতে তেওঁ গুণগুণাই থাকে জুবিন গাৰ্গৰ গীত৷ আন অনুৰাগীৰ দৰে ৰাজমিস্ত্ৰী যুৱকজন বাথৰূম ছিংগাৰ নহয়৷ তেওঁ প্ৰাণভৰি গোৱা প্ৰতিটো গীততে জুবিন গাৰ্গৰ পুনৰ্জন্ম হয়৷ মায়াবিনী গাবলৈ যেতিয়া তেওঁ আৰম্ভ কৰে তেতিয়া জুবিন গাৰ্গৰ কণ্ঠতই শুনাৰ দৰে শ্ৰোতাৰ অনুভৱ হয়৷ ইমানেই দৰদী কণ্ঠৰ যুৱকজনৰ হাত দুটা কিন্তু কঠুৱা৷
তেজ পানী কৰি শ্ৰম কৰা ৰাজমিস্ত্ৰীজনে মছলা বনোৱাৰ সময়ত প্ৰাণৰ আপোন শিল্পীক উপাসনা কৰে৷ সংগীতৰ তেওঁ কোনো শিক্ষা লোৱা নাই৷ ক্লাছিকেল মিউজিকৰ শিক্ষা অবিহনে ৰাজমিস্ত্ৰীজনে ভৈৰৱ-ভুপালী ৰাগ টানিব পাৰে৷ তানসেনৰ দৰে ৰাগ দীপক গাবলৈ তেওঁ অৱশ্যেই শিকা নাই৷ তথাপি জুবিন গাৰ্গৰ কালজয়ী গীতবোৰ গাই অন্তৰ জিনিছে অপৰিচিত শিল্পীজনে৷ শ্ৰমৰ কঠোৰতাই তেওঁৰ কণ্ঠক নীৰৱ কৰি তোলা নাই৷ যিমানে কষ্টকৰ কাম কৰিলেও ৰাগ টানিয়েই তেওঁ ক্লান্তি দূৰ কৰিছে৷ ৰাজমিস্ত্ৰী শিল্পীৰ দুৰন্ত প্ৰতিভা এটা ফে’চবুক পে’জৰ জৰিয়তে পোহৰলৈ আহিছিল৷ লগে লগে তেওঁ হৈ পৰিল ভাইৰেল৷
ফে’চবুকত প’ষ্ট কৰা প্ৰতিটো ভিডিঅ’ত কামৰ মাজতে যুৱকজনে জুবিন গাৰ্গৰ গীত গাইছে৷ ৰাগৰ শিক্ষা অবিহনে তেওঁ যি শৈলীৰে গীত পৰিৱেশন কৰিছে সেয়া নুশুনিলে বিশ্বাস কৰিব নোৱাৰি৷ জুবিন গাৰ্গ যে একক আৰু অদ্বিতীয় সেয়া সৰ্বজনবিদিত৷ তথাপি এই অখ্যাত যুৱকজনৰ কণ্ঠতে আধুনিক জুবিনক দেখিছে অনুৰাগীয়ে৷ তেওঁৰ শব্দ উচ্চাৰণ জুবিন গাৰ্গৰ দৰে সুললিত৷ খোকোজা নথকাকৈ তেওঁ ৰাগ টানিব পাৰে৷ জুবিন গাৰ্গৰ দৰে প্ৰতিটো শব্দ স্পষ্টকৈ গাই শ্ৰোতাক উচপ খুৱাই দিব পাৰে শিল্পীজনে৷ পেটৰ দায়ত তেওঁৰ হাতত থাকে কৰনি৷ কিন্তু মনত কঢ়িয়াই ফুৰে আইডল জুবিন গাৰ্গক৷
মহাপ্ৰয়াণৰ এবছৰৰ পিছত জুবিন গাৰ্গৰ গীত স্পষ্ট উচ্চাৰণেৰে পৰিৱেশন কৰি অসমৰ নেটিজেনৰ চিনাকি চেহেৰা হৈ পৰিছে ৰাজমিস্ত্ৰীজন৷ তেওঁৰ গান বহুতে শুনিছে৷ কৰনি থৈ হাতত মাইক্ৰ’ফোন ল’বলৈ তেওঁক অনুৰাগীয়ে উপদেশ দিছে৷ অৱশ্যে ৰাজমিস্ত্ৰী যুৱকজনে সিমানখিনিলৈ ভবা নাই৷ তেওঁ পৰিকল্পনা অবিহনে চলাই আছে সংগীত সাধনা৷ জুবিন গাৰ্গৰ স্মৃতিকে সুৱৰি গীত গোৱা যুৱকজনৰ কণ্ঠ সুৰেৰে পৰিপূৰ্ণ হৈ আছে৷ মন গ’লেই তেওঁ কণ্ঠৰ পৰা উলিয়াই আনিব পাৰে মন জুৰ পেলোৱা সুৰ৷