ৰাজহ চক্ৰ বিষয়া কাশ্যপী কাশ্যপ কোন
মণ্ডলৰ সৈতে মিলি কাশ্যপীয়ে চলাইছে নেকি লুণ্ঠন!
ভালদৰে চাওক, এই মহিলাগৰাকী কাশ্যপী কাশ্যপ৷ তেওঁ দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া৷ কাশ্যপীৰ লগত থকা লোকজন হৈছে লাট মণ্ডল ভৱেশ নাথ। এই কাশ্যপী কাশ্যপ পূৰ্বে ছয়গাঁৱৰ BDO আছিল। সেই সময়তে কাশ্যপীৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিয়াগোম কেলেংকাৰিৰ অভিযোগ৷ কিন্তু এজন ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত কাশ্যপীয়ে সুৰক্ষা লাভ কৰা বুলি সমৰ্থিত সূত্ৰই অভিযোগ কৰিছে৷
সেই কেলেংকাৰিৰ পিছতে কাশ্যপীক বদলি কৰা হয়। পৰৱৰ্তী সময়ত কাশ্যপীয়ে চক্ৰ বিষয়া হিচাপে গৰৈমাৰী ৰাজহ চক্ৰত কাৰ্যকাল আৰম্ভ কৰিছিল৷ আমি লাভ কৰা অভিযোগ অনুসৰি কাশ্যপী কাশ্যপৰ কাৰ্যকালত চলি আছে দুৰ্নীতিৰ বজাৰ৷ তেওঁ গৰৈমাৰী ৰাজহ চক্ৰত যোগদান কৰিয়েই বেপাৰ আৰম্ভ কৰি দিছে৷ কোনো মণ্ডলে পছন্দৰ লাট বিচাৰিলে কাশ্যপী কাশ্যপক এক লাখকৈ টকা দিব লাগে৷
যদি চক্ৰ বিষয়াই নিজে কোনোবা মণ্ডলক লাট দিয়ে তেন্তে সেই মণ্ডলজনে মাহে ৫০ হাজাৰকৈ দিব লাগে। কাশ্যপী কাশ্যপৰ আৰু এটা চৰ্ত আছে৷ যদি কোনো মণ্ডলে ইয়াৰে তেওঁক ধন দিব নোৱাৰে তেন্তে সেইজনে একো কাম কৰিব সুবিধা নাপায়৷ কাশ্যপীয়ে পইচা নাপালে মণ্ডলজনে পুৱা অফিচলৈ গৈ চহী কৰি গধূলি ঘৰলৈ যাব লাগিব৷ অভিযোগ অনুসৰি কাশ্যপীয়ে পইচা পালেহে মণ্ডলকো ঘোচ খোৱাৰ স্বাধীনতা দিব৷ তেওঁৰ কাৰ্যকালত গৰৈমাৰী ৰাজহ চক্ৰত প্ৰতিটো কামৰ বাবে দাম নিৰ্ধাৰণ কৰা হৈছে৷
যদি কোনোবাই উত্তৰাধিকাৰী নামজাৰি কৰিবলৈ গৰৈমাৰী ৰাজহ চক্ৰলৈ যায় তেন্তে ৩,০০০ৰ পৰা ৫,০০০ টকা দিব লাগে৷ মাটিৰ ছেল পাৰ্মিশ্যন দিয়াৰ বাবে কাশ্যপীৰ ৰেট হৈছে ১৩,০০০ টকাৰ পৰা ১৭,০০০ টকা৷ মিউটেশ্যনৰ বাবদ ৩,০০০ৰ পৰা ৫,০০০ টকা দিব লাগে৷ ইমানেই নহয়৷ মাটিৰ বাটোৱাৰাৰ বাবদ ৫,০০০ৰ পৰা কমেও ৯,০০০ টকা দিবই লাগিব৷ একচনা মাটি ম্যাদীৰ কৰাৰ বাবদ কাশ্যপীয়ে ৫০,০০০ টকা বিচাৰে৷ মুঠতে কাশ্যপীয়ে পইচা খোজে বুলি উচ্চস্তৰীয় সূত্ৰই অভিযোগ কৰিছে৷
তাৰোপৰি মাটিৰ নাম কৰ্তন আৰু বাহাল ৰখাৰ ৰেট হৈছে ২ৰ পৰা চাৰে তিনিলাখ টকা৷ এতিয়া শুনক আচল কথা৷ যদি কোনোবাই নিৰ্ধাৰণ কৰা ৰেটমতে টকা দিয়াত অমান্তি হয় তেন্তে তেওঁৰ ফাইল ডিচি অফিচলৈ পঠিওৱা হয়। তেনেদৰে জনতাক কাশ্যপীয়ে অতিষ্ঠ কৰে৷ আনহাতে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত ব্ৰহ্মপুত্ৰৰ বালি মাফিয়াৰ পৰা ১৭ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগো কাশ্যপীৰ বিৰুদ্ধে আছে। নাম প্ৰকাশ অনিচ্ছুক ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিটো ইটাভাটাৰ পৰা ১ৰ পৰা ১.৫০ লাখকৈ কাশ্যপীক দিব লাগে৷ যদি কোনো ইটাভাটাৰ মালিকে টকা নিদিয়ে তেন্তে সেইটো বন্ধ কৰি দিয়ে। ব্রহ্মপুত্ৰৰ ফ্ৰেমাৰ নামত যোৱা মাটি আৰু জিৰাটৰ বাবদ পোৱা টকাৰ ১৪ ৰ পৰা ১৬ শতাংশকৈ কাশ্যপীক দিব লাগে বুলিও অভিযোগ আছে৷ গৰৈমাৰীৰ এটা পক্ষয়েই উত্থাপন কৰিছে এই অভিযোগ৷
তাৰোপৰি আন এটা অভিযোগ হৈছে বৃহৎ ভূমি জালিয়াতি। কোনো ব্যক্তিৰ মাটি শুনানি নোহোৱাকৈ আনৰ নামত উঠাই দিয়া হৈছে। চেঞ্চাছৰ শিক্ষকৰ প্ৰশিক্ষণৰ নামত অহা টকাৰো হৈছে কেলেংকাৰি। সেই বিষয়ে কাশ্যপী কাশ্যপৰ দৃষ্টিগোচৰ কৰা শিক্ষকক শাস্তিমূলকভাৱে চৰ অঞ্চলত চেঞ্চাছৰ দায়িত্ব দিয়া হৈছিল৷ সিমানেই নহয়, গাঁওপ্ৰধানৰ নিযুক্তিৰ বাবদ একোজন প্ৰাৰ্থীৰ লগত ৫ লাখকৈ টকা লোৱা বুলিও কাশ্যপীক অভিযুক্ত কৰা হৈছে৷ আগধন হিচাপে কাশ্যপীয়ে লৈছে ২পৰা আঢ়ৈলাখ টকা৷ মূল কথাটো হৈছে যে কাশ্যপীৰ কালেকশ্যন এজেণ্ট বুলি পৰিচিত হৈ পৰিছে লাট মণ্ডৱ ভৱেশ নাথ৷ এই কাশ্যপী কাশ্যপো নুপূৰ বৰাৰ দৰেই ৰাইজৰ চকুত পৰিছে৷ নুপূৰৰ দৰেই কাশ্যপীয়ে লাট মণ্ডলক পাতিছে এজেণ্ট৷



