কফিয়েই মাতিব পাৰে বিপদ!

ৰাতিপুৱা চকু মেলাৰ পিছতেই একাপ কফি—বহুতৰে দিনটোৰ আৰম্ভণিয়েই যেন কফিৰ সৈতে। কফিয়ে অলসতা আঁতৰাই কিছু সময়ৰ বাবে সতেজ আৰু সক্ৰিয় কৰি তোলে। কিন্তু এই অভ্যাসেই যদি সীমা অতিক্ৰম কৰে, তেন্তে স্বাস্থ্যৰ ওপৰত পৰিব পাৰে বেয়া প্ৰভাৱ।

অত্যাধিক কেফেইন সেৱনৰ সৈতে টোপনিৰ সমস্যা, পেটৰ অস্বস্তি আৰু ৰক্তচাপ বৃদ্ধিৰ দৰে সমস্যাৰ সম্পৰ্ক আছে। আনকি অধিক পৰিমাণে কফি সেৱনক লৈ স্মৃতিশক্তি আৰু মগজুৰ স্বাস্থ্যৰ ওপৰতো বিভিন্ন গৱেষণা চলি আছে।

টোপনি কাঢ়ি নিব পাৰে কফিয়ে

কেফেইনে কিছু সময়লৈ সতেজ অনুভৱ কৰালেও অত্যাধিক কফি সেৱনে নিশা টোপনি অহাত ব্যাঘাত জন্মাব পাৰে। নিয়মিত টোপনিৰ অভাৱ হ’লে শৰীৰত আন বহু সমস্যাই দেখা দিব পাৰে।

পেটতো পৰিব পাৰে প্ৰভাৱ

কফিয়ে পাচনতন্ত্ৰৰ কাৰ্যকলাপ সক্ৰিয় কৰিব পাৰে। সেয়ে অত্যাধিক কফি খালে কিছুমান লোকৰ পেটৰ অস্বস্তি, মলত্যাগৰ সমস্যা বা এচিডিটিৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে।

বাঢ়িব পাৰে ৰক্তচাপ

কেফেইনে সাময়িকভাৱে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যিসকলৰ ইতিমধ্যে উচ্চ ৰক্তচাপ আছে, তেওঁলোকে কফি কিমান পৰিমাণে সেৱন কৰিছে সেই বিষয়ে সাৱধান হোৱা প্ৰয়োজন।

শক্তিৰ সলনি আহিব পাৰে ভাগৰ

কফিয়ে প্ৰথমে শৰীৰক সক্ৰিয় অনুভৱ কৰালেও ইয়াৰ প্ৰভাৱ কমি যোৱাৰ পিছত কিছুমান লোকৰ ভাগৰুৱা বা অলস অনুভৱ হ’ব পাৰে। অত্যাধিক কেফেইনৰ ফলত টোপনিৰ ছন্দ বিঘ্নিত হ’লে এই ভাগৰ আৰু বেছি অনুভৱ হ’ব পাৰে।

সেয়ে কফি সম্পূৰ্ণ বাদ দিয়াৰ প্ৰয়োজন সকলোৰে বাবে নহ’লেও, পৰিমাণৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ উচ্চ ৰক্তচাপ, টোপনিৰ সমস্যা বা কেফেইনৰ প্ৰতি সংবেদনশীলতা থকা লোকসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত।