অসমৰ ঐতিহাসিক সম্পদ সম্প্ৰতি বিহাৰীৰ গা ধোৱা ঘাট
শিৱসাগৰৰ বৰপুখুৰীৰ নাম নুশুনা অসমীয়া অসমত নাই৷ আহোম ৰাজত্বকালৰ ঐতিহাসিক সম্পদে শিৱসাগৰৰ শোভাবৰ্ধন কৰি আছে৷ শিৱসাগৰ চহৰত সোমালেই সকলোৰে চকুত পৰে বিশাল বৰপুখুৰী৷ পিছে এই প্ৰাচীন সম্পদ সম্প্ৰতি অসমীয়াৰ সম্পত্তি হৈ থকা নাই৷ ৰাজ্যৰ প্ৰাচীন ঐতিহ্যৰ কোনো ধাৰণা নথকা প্ৰব্ৰজনকাৰী মজদুৰৰ গা ধোৱা ঘাটত পৰিণত হৈছে বৰপুখুৰী৷ স্বৰ্গদেউ শিৱসিংহৰ বৰকুঁৱৰী অম্বিকা দেৱীয়ে ১৭৩৪ খ্ৰীষ্টাব্দত খন্দোৱা পুখুৰীটোৰ পাৰত বিহাৰী মুনিহ-তিৰোতাই নি:সংকোচে স্নান কৰে৷ প্ৰাচীনত্বৰ বাবে অসমীয়াই পৱিত্ৰ জ্ঞান কৰা পুখুৰীটোত চাবোন সানি বিহাৰীয়ে ডুব মাৰে৷
আপুনি যদি বিশ্বাস কৰা নাই তেন্তে এইটো দৃশ্য চাওক৷ শিৱসাগৰৰ প্ৰাণকেন্দ্ৰতে অৱস্থিত এই বৰপুখুৰীৰ পাৰতে শিৱদ’ল, জয়দ’লকে ধৰি প্ৰায়বোৰ ঐতিহাসিক স্থান অৱস্থিত৷ সেইফালৰ পৰাও বৰপুখুৰীৰ পৱিত্ৰতা ৰক্ষা কৰাটো অতিশয় প্ৰয়োজনীয়৷ জাতি-ধৰ্ম নিৰ্বিশেষে শিৱসাগৰৰ প্ৰতিজন খিলঞ্জীয়াই বৰপুখুৰীৰ পৱিত্ৰতা ৰক্ষা কৰাৰো চেষ্টা কৰে৷ কিন্তু অসমৰ ঐতিহ্যৰ একো ভূ-নোপোৱা বিহাৰী মজদুৰে লেতেৰা কৰে বৰপুখুৰীৰ পানী৷ অসমীয়াই যিটো পুখুৰীৰ পানীৰে ভৰি ধুবলৈয়ো সংকোচ কৰে তাৰ পানীৰেই অনা-অসমীয়াই গা ধোৱে৷ চাবোন সানি বৰপুখুৰীৰ পানীৰে গা ধুইহে ভাল পাই বিহাৰীয়ে৷
এই দৃশ্যটোত আপুনি দেখিবলৈ পাব বৰপুখুৰীৰ সীমাবেৰা পাৰ হৈ বিহাৰী মুনিহ-তিৰোতাই গা ধুই থকা দৃশ্য৷ বৰপুখুৰীৰ পাৰত চলা এই আগ্ৰাসনে শিৱসাগৰত অসমীয়াৰ আধিপত্যৰ প্ৰতি স্বৰূপাৰ্থতে ভাবুকিৰ সূচনা কৰিলে৷ দুবছৰমান পূৰ্বে তিনিচুকীয়াৰ ঐতিহাসিক তিনিকোণীয়া পুখুৰীটোত বিহাৰীয়ে ষটপূজা অনুষ্ঠিত কৰিছিল৷ তেতিয়া গৰজি উঠিছিল তিনিচুকীয়াৰ অসমীয়া সমাজ৷ পিছলৈ বহিৰাগত সাৱধান হ’লেও শিৱসাগৰত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ গৈ থৈ বিহাৰীয়ে তাত গা ধোৱাৰ সাহস কৰিছে৷
অনা-অসমীয়াই বৰপুখুৰীত গা ধোৱাৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে দ’ল কৰ্তৃপক্ষৰ অমনোযোগিতা৷ তেওঁলোকে সীমাবেৰাৰ জৰিয়তে বৰপুখুৰী সুৰক্ষিত কৰি দায়িত্ব সামৰিছে৷ বৰপুখুৰীৰ উন্নয়নৰ বাবে আন একো ব্যৱস্থা দ’ল কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই৷ তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰত কাম কৰি খাবলৈ অহা বিহাৰী মুটিয়াই আহোম কালৰ স্মাৰকক অৱমাননা কৰিবলৈ সাহস পাইছে৷ এই পৰিস্থিতিৰ বাবে শিৱসাগৰৰ খিলঞ্জীয়াও দোষী৷ তেওঁলোকেও সাহস দিছে কাম কৰিবলৈ অহা বিহাৰীক৷
অসমত ছল পাই গললৈকে জঁপিওৱা বিহাৰীয়ে বৰপুখুৰী অপৱিত্ৰ কৰিছে৷ শিৱসাগৰৰ সেই এলেকাটো হৈছে হিন্দু-মুছলিম-খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বীৰে মিলনৰ স্থলী৷ কিন্তু ইমানদিনে কোনেও বৰপুখুৰীত গা ধোৱাৰ দৰে কাম কৰা নাছিল৷ খিলঞ্জীয়া লোকসকলে সুৰক্ষিতহে কৰিছিল এই প্ৰাচীন স্মাৰকক৷ কিন্তু এতিয়া আহোম ৰাজ্যৰ ৰাজধানীও আধা-আধি বিহাৰীয়ে দখল কৰিলে৷ ফলত বৰপুখুৰীত পৰিল চাবোনৰ ফেন৷



