জুবিন গাৰ্গৰ শক্তি দেখি ভয় খাইছে নেকি অসম চৰকাৰে
কিয় হঠাতে সলনি কৰা হ’ল জুবিন গাৰ্গৰ জন্মদিনৰ অনুষ্ঠানৰ স্থান
প্ৰশ্ন হয়- জুবিন গাৰ্গৰ ৰাজকীয় শক্তিত চৰকাৰ ভীতিগ্ৰস্ত নেকি? এই প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক৷ প্ৰয়াণৰ এবছৰ হৈ গ’ল, তথাপি জুবিন গাৰ্গ নামৰ ঐশ্বৰিক সত্ত্বাক অসমে পাহৰিব নোৱাৰিলে৷ জুবিন গাৰ্গ যে অনুৰাগীৰ অন্তৰৰ ৰজা সেয়া ১৮ ছেপ্টেম্বৰতে প্ৰতিপন্ন হ’ল৷ কোনেও নমতাকৈ যেতিয়া লাখৰ ঘৰত মানুহ জুবিনক্ষেত্ৰত সমৱেত হ’ল তেতিয়া সকলো আচৰিত হ’ল৷ দৰাচলতে প্ৰথম মৃত্যু বাৰ্ষিকীত সমগ্ৰ অসমৰ লাষ্ট ডেষ্টিনেশ্যন হৈ পৰিল সোণাপুৰৰ জুবিনক্ষেত্ৰ৷ প্ৰাণৰ শিল্পীৰ জন্মদিনতো অনুৰূপ পৰিস্থিতিৰে সৃষ্টি হ’ব বুলি চৰকাৰ নিশ্চিত৷ জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ দ্বিতীয়টো জন্মদিন পালন কৰিবলৈ অনুৰাগী সাজু৷ কিন্তু হঠাতে সোণাপুৰৰ পৰিৱৰ্তে অনুষ্ঠান উজনিত পাতিবলৈ দিহা কৰা হৈছে৷
১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন৷ সেইদিনাও সোণাপুৰত জনসমুদ্ৰ হোৱাটো নিশ্চিত৷ কিন্তু ১৭ নৱেম্বৰত গুৱাহাটীত এটা বিদেশী বেণ্ডে অনুষ্ঠান পৰিৱেশন কৰিব৷ খবৰ অনুসৰি জুবিন গাৰ্গৰ জন্মদিনৰ আগদিনা সেই বেণ্ডটোৱে মহানগৰীত অনুষ্ঠান কৰিব৷ কিন্তু সেইদিনা নিশাৰ পৰা যে অনুৰাগীয়ে বিদেশী পপষ্টাৰৰ পৰিৱৰ্তে প্ৰাণৰ আপোন জুবিন গাৰ্গৰ সান্নিধ্য বিচাৰিব সেয়াও খাটাং৷ একমাত্ৰ সেইটো কাৰণতে জুবিন গাৰ্গৰ জন্মদিনৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ স্থান সলনি কৰা হৈছে৷ খবৰ অনুসৰি ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ জন্মদিনৰ কেন্দ্ৰীয় অনুষ্ঠান৷ সেইদিনা ১০ হাজাৰ লোকে একেলগে মায়াবিনী পৰিৱেশন কৰিব৷ সেই আয়োজনক লৈ অসমৰ কোনো জুবিন অনুৰাগীয়ে আপত্তি কৰাৰ প্ৰশ্ন থাকিবই নোৱাৰে৷
কিন্তু কথাটো হৈছে যে জুবিন গাৰ্গৰ জন্মদিনৰ কেন্দ্ৰীয় অনুষ্ঠান সোণাপুৰৰ সমাধিক্ষেত্ৰৰ পৰিৱৰ্তে কিয় উজনিলৈ স্থানান্তৰিত কৰা হৈছে? স্বাভাৱিকতে গোটেই অসমখনেই জুবিন গাৰ্গৰ আপোন আছিল৷ প্ৰতিবছৰে ডিব্ৰুগড়ত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিছিল৷ ডিব্ৰুগড়ত জুবিন গাৰ্গৰ অনুৰাগীৰ সংখ্যা কিমান সেয়া আঙুলিৰ মূৰত হিচাপ কৰি উলিয়াব নোৱাৰি৷ তথাপি তেওঁৰ জন্মদিনৰ কেন্দ্ৰীয় কাৰ্যক্ৰম উজনিলৈ স্থানান্তৰ কৰাৰ আঁৰত ষড়যন্ত্ৰ আছে বুলি সন্দেহ ঘনীভূত হৈছে৷ একমাত্ৰ সোণাপুৰত ভিৰ কমোৱাৰ স্বাৰ্থত যেন চৰকাৰে ডিব্ৰুগড়ত অনুষ্ঠানৰ বন্দৱস্ত কৰিছে তেনে এটা সন্দেহ অনুৰাগীৰ মনত জন্ম হৈছে৷
কথাটো হৈছে যে সোণাপুৰৰ জুবিনক্ষেত্ৰত অনুৰাগীয়ে প্ৰাণৰ আপোন শিল্পীৰ জন্মদিন উদযাপন কৰিলে চৰকাৰৰ কি সমস্যা হয়? সোণাপুৰত সমৱেত হোৱা অনুৰাগীক চম্ভালিবলৈ আৰক্ষীয়ে অকণো কষ্ট কৰিব নালাগে৷ সেইদিনা ভিৰ হয় সঁচা৷ কিন্তু পৰিস্থিতি বিশৃংখল নহয়৷ তাৰ পিছতো কিয় জুবিন অনুৰাগীক বিভাজিত কৰিবলৈ চেষ্টা কৰা হৈছে সেইটো ৰহস্যৰ বিষয়৷ জুবিন অনুৰাগীক চৰকাৰে ভয় কৰে নেকি বুলিও জন্মিছে সন্দেহ৷ প্ৰয়াণৰ এবছৰৰ পিছতো অসম কঁপাই থাকিব পৰা জুবিন গাৰ্গ নামৰ ঐশ্বৰিক সত্ত্বাৰ বাবে অনুৰাগী এতিয়াও ব্যাকুল৷ তেওঁৰ ন্যায়ৰ দাবীত অনুৰাগীয়ে কঁপাই তুলিব পাৰে গগন৷
প্ৰশ্ন হৈছে- সেইবাবেই চৰকাৰে জুবিন গাৰ্গৰ অনুৰাগীক বিভাজিত কৰিব বিচাৰিছে নেকি? অৱশ্যে অসম চৰকাৰ সেই কেন্দ্ৰীয় কাৰ্যসূচীৰ সৈতে জড়িত হয়নে নহয় সেয়া নিশ্চিত হোৱা নাই৷ তথাপি আয়োজনত চৰকাৰী পক্ষৰে হাত থকা বুলি সন্দেহ জন্মিছে৷ উজনিৰ জুবিন অনুৰাগী সোণাপুৰৰ পৰিৱৰ্তে যাতে ডিব্ৰুগড়লৈ যায় তাৰ বাবে চলোৱা হৈছে বিশাল প্ৰস্তুতি৷ সোণাপুৰৰ জনসমুদ্ৰই যাতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে শক্তিশালী আৱাজ তুলিব নোৱাৰে তাৰ বাবে এই চেষ্টা কৰা বুলি সন্দেহ জন্মাটো অৱশ্যেই স্বাভাৱিক৷ অনুৰাগীৰ মতে একমাত্ৰ সেইটো কাৰণতে ডিব্ৰুগড়ত চলোৱা হৈছে জন্মদিনৰ ৰাজকীয় প্ৰস্তুতি৷



