বাৰৰ বাহিৰত বাঘিনীৰ ৰূপত যুৱতী


মদ খালেও হুচ আছিল শ্বৰ্টছ পিন্ধি বাৰলৈ যোৱা সুন্দৰীৰ
এটা কথা ঠিক যে বাৰলৈ গৈছিল যেতিয়া এইগৰাকী যুৱতীয়েও হৰিনাম গোৱা নাছিল৷ আনৰ দৰেই তেৱোঁ মদ্যপানেই কৰিছিল৷ কিন্তু সুৰাপান কৰিলেও যুৱতীৰ শৰীৰ স্পৰ্শ কৰাৰ ছেগ চাই ফুৰা যুৱকক তেওঁ এসেকা দিলে৷ এইটো ঘটনা গুৱাহাটীৰ এখন বাৰৰ বাহিৰত সংঘটিত হ’ল৷ সেই বাৰখনৰ পৰিৱেশ সেইনিশাও চঞ্চলা হৈ পৰিছিল৷ অভিজাত গ্ৰাহকে সংগীৰ সৈতে বাৰত আইচ কিউব আৰু ছ’ডা মিহলাই পান কৰিছিল সোমৰস৷ বাৰখনত সুৰাপান কৰি মাজনিশা ওলাই আহিছিল যুৱতীৰ এটা দল৷ শ্বৰ্টছ পিন্ধা আধুনিকা যুৱতীসকলে বাৰৰ বাহিৰত ভৰি দিবলৈহে পালে৷ তেওঁলোকৰ ভিতৰৰে এগৰাকীৰ স্তন স্পৰ্শ কৰিলে অচিনাকী যুৱকে৷ অশ্লীল ইংগিত দি সেই যুৱকজনে আধুনিকা সুন্দৰীৰ স্তনত খামুচি ধৰিলে৷
তেনে ঘটনা অৱশ্যে বাৰৰ বাহিৰত ৰৈ থকা সুৰামত্ত গ্ৰাহকে প্ৰায়ে সংঘটিত কৰে৷ কিন্তু সিদিনা এগৰাকী সাহসী যুৱতীয়ে ঘমৰঘণ্টা লৰাই দিলে যুৱকজনৰ৷ বান্ধৱীৰ স্তন স্পৰ্শ কৰা যুৱকজনক তেওঁ কলাৰত ধৰিলে৷ শৰীৰ স্পৰ্শ কৰিবলৈ ক’ত অনুমতি পালি বুলি তেওঁ সেই যুৱকজনক কলাৰত ধৰি চোঁচৰাই নিলে৷ বাৰৰ বাহিৰৰ পাৰ্কিঙত ৰৈ থকা এখন গাড়ীৰ বনেটত পেলাই যুৱতীগৰাকীয়ে লম্পট পুৰুষৰ মুখত কেবাটাও ঘোচা মাৰিলে৷ থতমত খাই স্তন স্পৰ্শ কৰা যুৱকজনে পলাবলৈ চেষ্টা কৰিও বিফল হ’ল৷
বজ্ৰশক্তিৰে লম্পট যুৱকৰ ছাৰ্টৰ কলাৰত ধৰি তাণ্ডৱ নৃত্য কৰিলে যুৱতীগৰাকীয়ে৷ তেওঁ চিঞৰি চিঞৰি বাৰৰ সকলো গ্ৰাহকক বাহিৰলৈ মাতিলে৷ সকলোৰে সন্মুখত যুৱতীগৰাকীয়ে বৰ্ণনা কৰিলে ঘটনাটো৷ তেওঁৰ বান্ধৱী বাৰৰ পৰা ওলাই অহাৰ সময়তে যে সেই যুৱকজনে স্তনত হাত দিছিল সেইটো তেওঁ বিৱৰণ কৰিলে৷ এই ঘটনাৰ বিষয়ে শুনি যুৱকজনক আৰক্ষীক চমজাই দিবলৈ বাৰ কৰ্তৃপক্ষই চেষ্টা কৰিলে৷ কিন্তু বাঘিনীৰ ৰূপ লোৱা যুৱতীগৰাকীয়ে নুশুনিলে কাৰো কথা৷ তেওঁ ছাৰ্টৰ কলাৰত ধৰি থাকি আনটো হাতেৰে লম্পটক ঘুচিয়াই থাকিল৷ আৰক্ষীলৈ অপেক্ষা নকৰি যুৱতীগৰাকীয়ে নিজেই শাস্তি বিহিলে৷
গুৱাহাটীৰ বাৰত মদ্যপান কৰা যুৱতীক খেলনা বুলি ভবা লম্পটে সেইদিনা এসেকা পাই গ’ল৷ অৱশ্যে বাৰ কৰ্তৃপক্ষৰ অনুৰোধত শেষত সেই যুৱতীগৰাকীয়ে লম্পট যুৱকক এৰি দিলে৷ আকৌ তেনেকুৱা কাম কৰিলে পৰিণাম ইয়াতকৈয়ো ভয়ংকৰ হ’ব বুলি কৈ তেওঁ এৰি দিলে যুৱকজনক৷ অপ্ৰত্যাশিত আক্ৰমণৰ সন্মুখীন হোৱা যুৱকজনে তেতিয়াহে উশাহ ঘূৰাই পালে৷ কেবাচৰো খাই ৰঙা পৰা গালেৰে থিতাতে দৌৰ মাৰি যুৱকজনে পলায়ন কৰিলে৷ কিন্তু তেতিয়ালৈ তেওঁৰ মুখ কেবাটাও কেমেৰাত আবদ্ধ হৈ পৰিছিল৷
যুৱতীগৰাকীয়ে প্ৰায় ১৫ মিনিট তাণ্ডৱৰ সূচনা কৰি থকা সময়তো দেখাদেখি নাছিল আৰক্ষীৰ৷ নিশা পেট্ৰ’লিং কৰি ফুৰা পুলিচে বাৰৰ বাহিৰত হোৱা ঘটনাৰ বিষয়ে গমেই নাপালে৷ কোনোবাই খবৰ দিলে যদিও আধাঘণ্টা পলমকৈহে উপস্থিত হ’ল পুলিচ৷ এইধৰণৰ ঘটনাৰ ফলতে কেতিয়াবা গুৱাহাটীত লংকাকাণ্ড সংঘটিত হৈছে৷ কাজিয়া ভাঙিবলৈ পুলিচ কেতিয়াও সময়মতে নোযোৱাৰ ফলতে গুৱাহাটীত হৈছে অঘটন৷ বাৰত মাজনিশা মদ্যপান কৰা জেন জিয়ে প্ৰতিনিশাই গুৱাহাটীত ত্ৰাসৰ সূচনা কৰিছে৷