গণেশগুৰিৰ কথা সকলোৱে জানে, কিন্তু জু-ৰোডতো আছে মানুহৰ বজাৰ
কলকাতাৰ সোণাগাচি বেশ্যাৰ বাবে বদনামী৷ পিছে নিশাৰ ভাগত শৰীৰ বিক্ৰী কৰা বেশ্যাৰ সংখ্যা সম্ভৱত: সোণাগাচিতকৈয়ো বেছিহে হ’ব৷ আপুনি যদি নিশাৰ গুৱাহাটীত পৰিভ্ৰমণ কৰে তেন্তে দেখিব অসংখ্য বেশ্যা৷ সোণাগাচিৰ গণিকাই প্ৰায়ে দালালৰ জৰিয়তে গ্ৰাহক যোগাৰ কৰে৷ কিন্তু গুৱাহাটীত তেনে কৰিবলৈয়ো দৰকাৰ নাই৷ আন্ধাৰ হোৱাৰ লগে লগে ফুটপাথত ঘূৰি ফুৰা যুৱতী দেখিলেই অভিজ্ঞ গ্ৰাহকে চিনি পায়৷ নিশা যিমানে গভীৰ হৈ আহে সিমানে জু-ৰোডৰ মানুহৰ বজাৰখনতো বাঢ়ি যায় দাম৷
গণেশগুৰি নিশা বেশ্যালয়ৰ দৰে হৈ পৰে বুলি সদায় চৰ্চিত হয়৷ কিন্তু গণেশগুৰি বদনামী হোৱাৰ সময়ত জু-ৰোডৰ অৱস্থাও ভাল হৈ থকা নাই৷ আমাৰ গোপন কেমেৰাত ধৰা পৰা এইটো দৃশ্য চাওক৷ ক’লা বস্ত্ৰ পৰিহিত যুৱতীগৰাকী এদল যুৱকৰ মাজত সোমাই আছে৷ তেওঁ বাছনি কৰিব পৰা নাই গ্ৰাহক৷ অৱশ্যে শেষত এজন যুৱকৰ গাড়ীত উঠি সুন্দৰীয়ে অজ্ঞাত স্থানলৈ যাত্ৰা কৰিছে৷ থৰক-বৰক খোজ দেখিলেই ধৰিব পাৰি সুন্দৰীৰ অৱস্থা৷ তেওঁ যে গোলাপী নিচাৰ ভমকত ক’বই নোৱাৰে সেইটো খাটাং৷
জু-ৰোডত নিশা পিঠা ব্যৱসায় কৰা জনৈক ডেকাই প্ৰকাশ কৰা অনুসৰি তেওঁ কেবাগৰাকী যুৱতীক গ্ৰাহক গোটাই দিয়ে৷ নিশা তেওঁৰ দোকানত পিঠা খোৱা গ্ৰাহকে ডেকাক সোধে নাৰীসংগৰ কথা৷ তেতিয়া ডেকাই হোষ্টেলত থকা যুৱতীৰ ফোন নম্বৰ দিয়ে৷ সেইদৰে নিশা অতিৰিক্ত উপাৰ্জন কৰিব পাৰে বুলি ডেকাই উল্লেখ কৰিছে৷ পিঠা বেপাৰী ডেকাই প্ৰকাশ কৰা অনুসৰি জু-ৰোডৰ মূলত তিনিটা হোষ্টেলৰ আৱাসীসকল হৈছে সকলোৰে পৰিচিত বেশ্যা৷ তেওঁলোকে দিনত মানুহক দেখুৱাবলৈহে চাকৰি কৰে৷
নিশা হোষ্টেলৰ পৰা আৱাসীসকল ওলাই আহে৷ দিনত একেবাৰে সতী সাৱিত্ৰী হৈ থকা যুৱতীয়ে নিশা শ্বৰ্টছ পৰিধান কৰে ফুটপাথতে সন্ধান কৰে গ্ৰাহকৰ৷ কেবাগৰাকী যুৱতীয়ে পিঠা বেপাৰী ডেকাৰ দোকানৰ কাষতে ৰৈ থাকে৷ তেওঁলোকে অৱশ্যে জু-ৰোডত বেছি সময় গ্ৰাহক বিচাৰি অপেক্ষা কৰিব নালাগে৷ তথাপি গণেশগুৰিৰ তুলনাত জু-ৰোডৰ বেশ্যা সোনকালে বিক্ৰী হয় বুলি ডেকাই উল্লেখ কৰিছে৷ তেওঁৰ মতে নিশা ২ বজাৰ পিছত জু-ৰোডত নাথাকে বেশ্যা৷ শৰীৰ বিক্ৰী কৰিবলৈ তেওঁলোকে গ্ৰাহক পায়েই৷
ডেকাই জনোৱামতে তেওঁৰ দৰে কেবাজনো ব্যৱসায়ী হৈছে নিশাৰ বেশ্যাৰ দালাল৷ ডেকাৰ ফোনতে আছে জু-ৰোডৰ হোষ্টেলত থকা শতাধিক যুৱতীৰ ফোন নম্বৰ৷ তেওঁলোকে ডেকাক গ্ৰাহক যোগাৰ কৰিবলৈ কৰ্তৃত্ব দি থৈছে৷ সেইমতে গ্ৰাহকে যেনেধৰণৰ যুৱতী বিচাৰে সেইমতেই ডেকাই ফোন লগায়৷ শকত অথবা ক্ষীণ বেশ্যা বিচাৰিলেও গোটাই দিব পাৰে পিঠা বেপাৰী ডেকাই৷ তেওঁৰ দৰে জু-ৰোডৰ কেবাজনো বেপাৰীয়ে দালালি কৰি অতিৰিক্ত পইচা উপাৰ্জন কৰিছে৷ সেয়ে জু-ৰোডত বৃদ্ধি পাইছে অস্থায়ী দোকান৷



