মন্দিৰতো কাজিয়া কৰিবলৈ এৰা নাই এচাম অসভ্যই
অসমীয়াই মন্দিৰৰ মৰ্যাদা দিয়া জুবিনক্ষেত্ৰত সংঘটিত হৈছে মাৰপিট৷ এগৰাকী যুৱতীৰ সৈতে অশালীন ব্যৱহাৰৰ অভিযোগত এইটো ঘটনা সংঘটিত হৈছে৷ জুবিনক্ষেত্ৰত অনুৰাগীৰ অভূতপূৰ্ব সমাগমৰ সময়ত মাৰপিট হৈছিল৷ তেতিয়া ঘটনাটো বিশেষ প্ৰচাৰিত নহ’ল৷ যি জুবিনক্ষেত্ৰ সম্প্ৰতি সৰ্বধৰ্মীয় উপাসনাস্থলীত পৰিণত হৈছে তাতে এগৰাকী যুৱতীয়ে অশ্লীল ব্যৱহাৰৰ অভিযোগ কৰিছিল৷ কিন্তু বিবেকসম্পন্ন এচাম লোকৰ চেষ্টাত কাজিয়াখন মীমাংসা কৰা হ’ল৷ জুবিনক্ষেত্ৰত অজস্ৰ অনুৰাগীৰ আকুল প্ৰাৰ্থনাৰ সময়ত উদ্ভণ্ডালি কৰিবলৈ যোৱা কিছুমান পাষণ্ডক ৰাইজে প্ৰহাৰ কৰিলে৷ তথাপি মৰ্যাদা হানি হ’ল জুবিনক্ষেত্ৰৰ৷
সোণাপুৰৰ বিশেষ স্থানত কিছুদিন পূৰ্বে লক্ষাধিক লোক সমৱেত হৈছিল৷ তেওঁলোক কোনো ব্যক্তিগত স্বাৰ্থত সোণাপুৰলৈ যোৱা নাছিল৷ প্ৰত্যেকৰে একমাত্ৰ উদ্দেশ্য আছিল প্ৰাণৰ দেৱতাক উপাসনা কৰা৷ প্ৰয়াণৰ বাৰ্ষিকীতো জুবিন গাৰ্গ নামৰ ঐশ্বৰিক সত্ত্বালৈ স্নেহাঞ্জলি জনাই অসমীয়াই দেখুৱাই দিছিল কৃতজ্ঞ জাতিৰ চৰিত্ৰ৷ কিন্তু সেই স্মৰণীয় ক্ষণতো এচামে অসভ্যালি কৰাৰ অভ্যাস এৰিব নোৱাৰিলে৷ সেই বিশেষ সময়ত জুবিনক্ষেত্ৰত উপস্থিত আছিল এগৰাকী স্বল্পবস্ত্ৰ পৰিহিত যুৱতী৷ অভিযোগ অনুসৰি ভিৰৰ মাজত কোনোবা পাষণ্ডই তেওঁক স্পৰ্শ কৰিছিল৷ যুৱতীগৰাকীৰ স্তনত খামোচ মাৰি ধৰিছিল পাষণ্ডই৷
তেওঁ চুটি কাপোৰ পিন্ধাৰ সুযোগ গ্ৰহণ কৰি যুৱতীগৰাকীক স্পৰ্শ কৰাৰ সুযোগ বিচাৰি আছিল৷ সেই যুৱতীগৰাকী যেতিয়াই ভিৰত সোমাই পৰিল তেতিয়া পাষণ্ডই সুযোগ গ্ৰহণ কৰিলে৷ লম্পটটোৱে তেতিয়াই স্পৰ্শ কৰিলে যুৱতীগৰাকীৰ শৰীৰ৷ যেতিয়া আন লোকসকল জুবিন গাৰ্গৰ প্ৰতি স্নেহাঞ্জলি অৰ্পণত ব্যস্ত হৈ আছিল তেতিয়া পাষণ্ডটোৰ আছিল বেলেগ উদ্দেশ্য৷ সেই যুৱতীগৰাকীৰ স্তনত খামোচ মাৰি ধৰি পাষণ্ডই তাৰ পৰা পলায়নৰ চেষ্টা কৰিলে৷ কিন্তু ভিৰৰ বাবে পলাব নোৱাৰিলে মন্দিৰত সোমোৱা লম্পট৷
এদল লোকে পাষণ্ডটোক তাতে বন্দী কৰিলে৷ শৰীৰ স্পৰ্শ কৰা পাষণ্ডক সেই যুৱতীগৰাকীয়েও দিলে এসেকা৷ জুবিনক্ষেত্ৰত থিতাতে উত্তেজনাৰ সৃষ্টি হ’ল৷ তাৰ পিছতে অৱশ্যে কোনোমতে পৰিস্থিতি শান্ত কৰাত গুৰুত্ব দিলে জুবিন অনুৰাগীয়ে৷ এচাম লোকে যুৱতীগৰাকীক বুজাই-বঢ়াই সেই স্থানৰ পৰা আঁতৰাই নিলে৷ পৱিত্ৰ স্থানত প্ৰৱেশ কৰিও অচিনাকী যুৱতীৰ শৰীৰ স্পৰ্শ কৰা লম্পটক ৰাইজে এসেকা দিয়া বুলি জানিব পৰা গৈছে৷ এইধৰণৰ ঘটনাৱলী অসমৰ বাবে সন্মান হানিকাৰক৷ কিয়নো বিশেষ উপলক্ষত জুবিনক্ষেত্ৰৰ দৰে পৱিত্ৰ স্থানত বৰ্হিৰাজ্যৰ লোকেও ভিৰ কৰিছিল৷ তেতিয়াই সংঘটিত হ’ল এই ঘটনাটো৷
কিছুদিন পূৰ্বেও জুবিনক্ষেত্ৰত অশালীন ঘটনা সংঘটিত হৈছিল৷ তেতিয়া জুবিনক্ষেত্ৰৰ বাথৰূমত শাৰিৰীক সম্পৰ্ক কৰাৰ চেষ্টা কৰিছিল এক প্ৰেমাস্পদে৷ জুবিনক্ষেত্ৰৰ নিৰাপত্তাৰক্ষীয়ে দুয়োকে ধৰি তাৰ পৰা বাহিৰ কৰি দিছিল৷ এইধৰণৰ ঘটনাই জুবিনক্ষেত্ৰক কলুষিত কৰিছে৷ সোণাপুৰৰ সেই সৰ্বধমীয় উপাসনাস্থলীত যাতে অনাগত সময়ত এনে ঘটনা নহয় তাৰ বাবে সকলো সচেষ্টা হ’ব লাগিব৷ জুবিনক্ষেত্ৰত অশালীন ঘটনা হ’লে জবাবদিহি হ’ব অসম৷ পৱিত্ৰ স্থানত হোৱা এনে ঘটনাৰ বাবে অসমৰ মৰ্যাদা হানি হ’ব৷



