কলিতা উন্নয়ন পৰিষদে আচলতে কি কাম কৰিছে?
এই প্ৰশ্নটোৰ উত্তৰ কোনেও নিদিয়ে৷ আনকি কলিতা জনগোষ্ঠীৰো বেছিভাগ লোকে উন্নয়ন পৰিষদখনৰ বিষয়ে নাজানে৷ কলিতা উন্নয়ন পৰিষদে অৱশ্যে বিগত সময়ত এটা বিশেষ কাম কৰিছিল৷ পৰিষদৰ বৰমূৰীয়াই চৰকাৰৰ পোৱা পুঁজিৰে বিতৰণ কৰিছিল ভোৰতাল৷ কাম কৰাৰ পৰিৱৰ্তে ভোৰতাল বজাই থাকিবলৈ কলিতা উন্নয়ন পৰিষদে উদগণি দিছিল৷ তাৰ বাদে কলিতা উন্নয়ন পৰিষদে একো কৰা নাই৷ এই পৰিষদখন ২০১৫ চনতে গঠন কৰা হৈছিল৷ কিন্তু দৰাচলতে ২০১৬ চনত বিজেপি চৰকাৰ গঠনৰ পিছতহে কাম আৰম্ভ হৈছিল৷ সঁচা কথা ক’বলৈ গ’লে কলিতা উন্নয়ন পৰিষদ পুঁজিৰ পৰা বঞ্চিত হৈছে৷
আন উন্নয়ন পৰিষদে যিমান পুঁজি লাভ কৰে তাৰ আধা অংশও অসমৰ কলিতাসকলক চৰকাৰে দিয়া নাই৷ কোনোবা বছৰত ২০ লাখ টকা মুকলি কৰি দিছে৷ কেতিয়াবা চৰকাৰৰ মন গ’লে কলিতা উন্নয়ন পৰিষদৰ ভাগত পৰিছে ৪০ লাখ টকা৷ অৰ্থাৎ কলিতা উন্নয়ন পৰিষদলৈ বছৰি কিমান পুঁজি আবণ্টন দিব তাৰো কোনো নিৰ্দিষ্ট হিচাপ নাই৷ ১০ বছৰৰ ভিতৰত কলিতা উন্নয়ন পৰিষদে সৰ্বাধিক ডেৰকোটি টকাহে লাভ কৰিছে৷ কিন্তু সেই ধনেৰেও একো কাম হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে৷
কলিতা উন্নয়ন পৰিষদৰ সদস্যই নাম প্ৰকাশ নকৰাৰ চৰ্তত সদৰী কৰা অনুসৰি চৰকাৰে দিয়া পুঁজিৰ ৬০ শতাংশ কেৱল আন্ত:গাঁথনিৰ কামতে খৰচ কৰিব লাগে৷ অৰ্থাৎ যদি চৰকাৰে বছৰি ২০ লাখ টকা দিয়ে তেন্তে ১২ লাখ টকা ঘৰ সজাতে খৰচ হয়৷ চৰকাৰী পুঁজিৰেই গুৱাহাটী বৰা গাঁওত কলিতা উন্নয়ন পৰিষদৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে৷ এবছৰত চৰকাৰে যিমান ধন দিছিল সেইখিনি খৰচ কৰি বৰা গাঁৱত সভাকক্ষ, শৌচাগাৰ আদিও নিৰ্মাণ কৰা হৈছে৷ গতিকে কলিতা উন্নয়ন পৰিষদৰ আৰু ধন নাই৷
চৰকাৰে অজ্ঞাত কাৰণত কলিতা উন্নয়ন পৰিষদক ধন দিয়াত কৃপণালী কৰিছে৷ কিন্তু চৰকাৰী ধনেৰে তিনিবছৰৰ পূৰ্বে কলিতা উন্নয়ন পৰিষদে তিনিচুকীয়াৰ নাগাৰা নামৰ গোট আৰু নামঘৰক ভোৰতাল বিতৰণ কৰিছে৷ প্ৰশ্ন হয়- তাকৰীয়া চৰকাৰী ধনেৰে প্ৰথমেই ধৰ্ম কৰাৰ কি প্ৰয়োজন আছিল? কলিতা উন্নয়ন পৰিষদে ভোৰতালৰ পৰিৱৰ্তে জনগোষ্ঠীটোৰ শিক্ষাৰ্থীক বেগ অথবা আন শৈক্ষিক সামগ্ৰী প্ৰদান কৰাহ’লেও কাৰো একো ক’বলগীয়া নাছিল৷ কিন্তু এজন সদস্যই ক্ষমতাৰ অপপ্ৰয়োগ কৰি ভোৰতাল বিলোৱাত চৰকাৰী ধন খৰচ কৰিলে৷ তেওঁ কাৰো কথা নুশুনাকৈ তাল বিলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷
নাম প্ৰকাশত অনিচ্ছুক সদস্যজনে জনোৱামতে কলিতা উন্নয়ন পৰিষদৰ একাংশ সদস্যই ভ্ৰমণ ব্যয়ো চৰকাৰৰ পৰা পোৱা নাই৷ তেওঁলোকে নিজৰ পইচাৰে চৰকাৰী কামত ভ্ৰমণ কৰিব লাগে৷ কিন্তু কলিতা উন্নয়ন পৰিষদৰ সদস্যই বৰতাল, চিলাই মেচিন্, ফুটবল আদি লাভ কৰা বুলি তেওঁ প্ৰকাশ কৰিছে৷ বিগত বৰ্ষত চৰকাৰৰ পৰা ফুটবল জাৰ্চী দিয়া হৈছিল৷ কিন্তু প্ৰয়োজনীয় বুটজোতা দিবলৈ ধনে নাটিলে৷ মুঠতে কলিতা উন্নয়ন পৰিষদখন থকাতকৈ নথকাই ভাল হৈ পৰিছে৷ অসংখ্য সমস্যাই কলিতা জনগোষ্ঠীক আৱৰি ধৰিছে৷ কিন্তু পুঁজিৰ অভাৱত পংগু হৈ পৰিছে ১০ বছৰ পূৰ্বেই গঠিত কলিতা উন্নয়ন পৰিষদ৷



