দুৱাৰ খুলি ৰে’লৰ বাথৰূমৰ পৰা ওলাই আহিল এগৰাকী যুৱতী
তাত আচৰিত হ’বলগীয়া একোৱেই নাছিল, কিন্তু তাৰ পিছতহে ঘটিল আশ্বৰ্যকৰ ঘটনা
যুৱতীগৰাকী বাথৰূমৰ পৰা ওলাই অহাৰ পিছতে প্ৰস্ৰাৱ কৰিবলৈ সোমাল এজন পুৰুষ৷ কিন্তু তেওঁ বিকট চিঞৰ মাৰি চলন্ত ৰে’লৰ বাথৰূমৰ পৰা ওলাই আহিল৷ কিয়নো বাথৰূমটোত আগৰে পৰা সোমাই আছিল আন এজন পুৰুষ৷ তেওঁ বাথৰূমত সেই যুৱতীগৰাকীৰ সৈতে দীৰ্ঘসময় সোমাই আছিল৷ শান্ত-শিষ্ট যুৱতীৰ দৰে ৰে’লৰ বাথৰূমৰ পৰা ওলাই অহা যুৱতীগৰাকী আচলতে হৈছে বেশ্যা৷ তেওঁ চলন্ত ৰে’লত গ্ৰাহকৰ সৈতে কামলীলা কৰি আছিল৷ এইটো দৃশ্য দেশৰ আন ৰাজ্যৰ নহয়৷ অসমৰে এখন ইণ্টাৰচিটী ৰে’লৰ বাথৰূম সম্প্ৰতি বেশ্যালয়ত পৰিণত হৈছে৷ বিয়লি যাত্ৰা আৰম্ভ কৰা ৰে’লখন আন্ধাৰ নমাৰ পিছত চলন্ত বেশ্যালয় হৈ পৰে৷ শৰীৰ বিক্ৰী কৰিবলৈয়েই ৰে’লৰ কেবাটাও দবাত উঠে উগ্ৰ প্ৰসাধন কৰা গণিকা৷
ৰে’লত দেহ ব্যৱসায় কৰা যুৱতীসকল অৱশ্যেই অসমীয়া নহয়৷ তেওঁলোকে ভালকৈ অসমীয়া ক’বও নোৱাৰে আৰু বুজিও নাপায়৷ কোনোবাই প্ৰশ্ন কৰিলে উত্তৰ প্ৰদেশ নতুবা বিহাৰলৈ যাব বুলি হিন্দীভাষী বেশ্যাই উত্তৰ দিয়ে৷ কিন্তু তেওঁলোক দৰাচলতে ৰে’লৰ যাত্ৰী নহয়৷ যুৱতীসকলৰ উদ্দেশ্য হৈছে ৰে’লৰ যাত্ৰীৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰা৷ এই যাত্ৰীসকলৰ কিছুমান নিৰ্দিষ্ট গ্ৰাহক আছে৷ তেওঁলোকে সেইসকল গ্ৰাহকক চিনি পায়৷ সেইমতে ৰে’লখনৰ নিৰ্দিষ্ট কেইটামান দবাত বেছিকৈ উঠে হিন্দীভাষী বেশ্যা৷ সুন্দৰী যুৱতীয়ে ৰে’লৰ বাথৰূমৰ কাষতে থকা খালী ঠাইত গ্ৰাহকৰ বাবে অপেক্ষা কৰি থাকে৷ শাৰিৰীক মিলন কৰিবলৈ ইচ্ছুক গ্ৰাহকে ইংগিত দিলে বাথৰূমত সোমাই গণিকা৷ কিছুসময়লৈ বাথৰূমেই হৈ পৰে বেশ্যালয়৷
এই যুৱতীসকলৰ বিভিন্ন এজেণ্ট আছে৷ বিশেষকৈ ৰে’লত পইচা সংগ্ৰহ কৰি ফুৰা কিন্নৰে বেশ্যাৰ এজেণ্ট হিচাপে কাম কৰে৷ কিন্নৰে ৰে’লৰ কোনটো দবাত উঠিলে লাভ হ’ব সেইবিষয়ে বেশ্যাক সম্ভেদ দিয়ে৷ বিশেষকৈ বিহাৰী অথবা আন হিন্দীভাষী যাত্ৰী থকা দবাত উঠিবলৈ বেশ্যাই চেষ্টা কৰে৷ কিয়নো সেই সকলেই হৈছে তেওঁলোকৰ পাৰ্মানেণ্ট কাষ্টমাৰ৷ এই বেশ্যাৰ সৈতে যোগাযোগ কৰিবলৈয়ো উপায় আছে৷ চলন্ত ৰে’লতে যাত্ৰীয়ে ফোন কৰি নিৰ্দিষ্ট দবালৈ বেশ্যাক মাতি পঠিয়াব পাৰে৷ বেছিভাগ পতিতাই ৰে’লৰ বাথৰূমৰ ৱালত নিজৰ ফোন নম্বৰ লিখি থয়৷ যাত্ৰীয়ে যদি শাৰিৰীক সম্পৰ্ক কৰাৰ ইচ্ছাৰে তেওঁলোকলৈ ফোন কৰে তেন্তে দবাৰ নম্বৰ ক’লেই হাজিৰ হয় বেশ্যা৷ বিশেষকৈ সন্ধ্যাৰ পৰা চলে এই ব্যৱসায়৷
ৰে’লৰ বেশ্যা বিশেষকৈ এখন ইণ্টাৰচিটীত অধিক উপলব্ধ৷ উত্তৰ অসমৰ পৰা ৰঙিয়ালৈ যোৱা ৰে’লখনত বেশ্যাৰ অভাৱ নাই৷ যাত্ৰীয়ে বিচাৰিলেই দেহ ব্যৱসায়ী থিতাতে হাজিৰ হয়হি৷ প্ৰায়ে ৰে’লৰ বাথৰূমত পৰি থাকে বেশ্যাৰ ব্ৰা-পেণ্টী৷ শেহতীয়াকৈ ৰে’লৰ বাথৰূমৰ দেহ ব্যৱসায়ৰ বিশেষ ভিডিঅ’ এটা ভাইৰেল হৈ পৰিছিল৷ অজ্ঞাত যাত্ৰীয়ে ওপৰৰ পৰা শ্বুট কৰা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল৷ এই ভিডিঅ’টোৱে প্ৰমাণ কৰিছে অসমৰ যাত্ৰীবাহী ৰে’লত চলি থকা দেহ ব্যৱসায়ৰ সত্যতা৷ অনা-অসমীয়া বেশ্যাই অসমৰ পৰিৱেশ কলুষিত কৰাৰ বিষয়ে ৰে’ল বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষকো জনোৱা হৈছে৷ তথাপি ৰে’লত বেশ্যাবৃত্তিত লিপ্ত হোৱা হিন্দীভাষী যুৱতীক ধৰিবলৈ ব্যৱস্থা লোৱা নাই বিভাগে৷
জানিব পৰামতে ৰে’লৰ বেশ্যাৰ শৰীৰৰ দামো বেছি৷ কম সময় শাৰিৰীক সম্পৰ্ক কৰাৰ বিনিময়ত গ্ৰাহকে ৰে’লৰ বেশ্যাক দিব লাগে কমেও ৫০০ টকা৷ বৰ্তমান কম বয়সীয়া হিন্দীভাষী যুৱতীও বেশ্যা বৃত্তিত লিপ্ত হৈছে৷ অসমত আহি দেহ ব্যৱসায়ো কৰিছে হিন্দীভাষী সুন্দৰীয়ে৷ তেওঁলোকে গ্ৰাহকে দেখিলেই ধৰিব পৰাকৈ উগ্ৰ প্ৰসাধন কৰে৷ ওঁঠে-গালে লেপি লেপি মেক-আপ ঘঁহা হিন্দীভাষী যুৱতীয়ে গ্ৰাহকৰ সৈতে বাথৰূমত ১৫ মিনিট সময় অতিবাহিত কৰে৷ তাৰ বিনিময়ত উপাৰ্জন কৰে খমখমীয়া ৫০০ টকীয়া নোট৷ সন্ধ্যা এইদৰে কমেও চাৰিজন গ্ৰাহকৰ সৈতে সম্পৰ্ক কৰি ২ হেজাৰ টকা ঘটে বিহাৰী বেশ্যাই৷



