শৰাইঘাটৰ পুৰণি দলং সোণৰ কণী পৰা হাঁহ নেকি


দুবছৰমানৰ ব্যৱধানত NF ৰে’লৱেই বন্ধ কৰে শৰাইঘাটৰ পুৰণি দলংখন৷ প্ৰায় দুমাহমান সেই দলংখনেৰে যাতায়াত বন্ধ কৰা হয়৷ ৰে’লৱেৰ মতে সেই সময়ছোৱাত প্ৰায় ৮০ বছৰ পুৰণি দলংখনৰ কৰা হয় মেৰামতি৷ বন্ধ কৰাৰ সময়ত জীয়াতু ভুগিবলগীয়া হয় পথচাৰীয়ে৷ এখন দলং দীৰ্ঘদিনলৈ বন্ধ হোৱাৰ ফলত আকৌ শৰাইঘাটত ট্ৰেফিক জাম হয়৷ কিন্তু দুমাহ বন্ধ কৰি ৰে’লৱেই দলংখন কি মেৰামতি কৰে সেইটোহে প্ৰশ্নৰ বিষয়৷ ২-৩ বছৰৰ ব্যৱধানত একেখন দলঙেই কিয় মেৰামতি কৰি থাকিবলগীয়া হয় সেই প্ৰশ্নৰো সম্প্ৰতি অৱতাৰণা হৈছে৷ কাৰণ মেৰামতিৰ পিছতো পুৰণি শৰাইঘাট দলঙৰ অৱস্থা একেই আছে৷ এইবাৰ দুমাহ বন্ধ কৰি শেহতীয়াকৈ দলংখন খুলি দিয়াৰ পিছতে বখলা-বখলে এৰাইছে বিটুমিন৷
ৰে’ল বিভাগৰে এটা সূত্ৰৰ অভিযোগ অনুসৰি সেই দলংখন হৈ পৰিছে শীৰ্ষ বিষয়াৰ বাবে সোণৰ কণী পৰা হাঁহ৷ কেইবছৰমানৰ ব্যৱধানত ৰে’লৱেৰ শীৰ্ষ বিষয়াই শৰাইঘাটৰ পুৰণি দলংখন মেৰামতি কৰাৰ নাটক কৰে৷ তেওঁলোকে দলংখন মেৰামতি কৰিবলগীয়া বিশেষ একো নাথাকে৷ তাৰ পিছতো সেই দলংখন বন্ধ কৰি মেৰামতি নামত কেইজনমান অভিযন্তাই ব্যস্ততা প্ৰদৰ্শন কৰে৷ ৰে’লৱেৰ অভিযন্তাই দুমাহ বন্ধ কৰি ৰাখিলেও দলঙত কেইদিনমানহে কাম কৰে শ্ৰমিকে৷ বাকী সময়ছোৱা দলঙত মেৰামতিৰ কাম নহয়৷
এই দলংখন মেৰামতিৰ নামত চূণ-তেল ঘঁহি আকৌ মুকলি কৰি দিয়া হয়৷ সূত্ৰটোৰ অভিযোগ অনুসৰি প্ৰতিবাৰে শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ নামত কমেও ৭ কোটি টকা খৰচ কৰে ৰে’ল বিভাগে৷ এইবাৰো সমান পৰিমাণৰ ধনেই ৰে’লৱেই ব্যয় কৰিছে৷ কিন্তু তাৰ বিনিময়ত দেশৰ প্ৰথমখন চৰকাৰেই নিৰ্মাণ কৰা দলংখনৰ অৱস্থা একো উন্নত হোৱা নাই৷ কেৱল চূণ-তেল ঘঁহি দলংখন দেখনিয়াৰহে কৰি তুলিছে ৰে’ল বিভাগৰ অভিযন্তাই৷ তাৰ বাবে যে কোটি টকাৰ প্ৰয়োজন নাই সেয়া সকলোৱে জানে৷
এই দলংখন ৰে’ল বিভাগে বিগত সময়ত বন্ধ কৰি ৰাখিছিল৷ বিষয়টোত একো অধিকাৰ নাই বাবে ৰাজ্যিক সংস্থাই হস্তক্ষেপ নকৰে৷ তাৰে সুযোগ গ্ৰহণ কৰি এচাম বিষয়াই মন গ’লেই বন্ধ কৰি দিয়ে শৰাইঘাটৰ পুৰণি দলং৷ কেবামাহো মেৰামতিৰ নামত পুৰণি ব্ৰীজ বন্ধ কৰাৰ ফলত নতুন দলংখনে অধিক বোজা সহিবলগীয়া হয়৷ তাৰ ফলত নতুনকৈ নিৰ্মাণ কৰা দলংখনৰ আয়ুস হ্ৰাস পাইছে৷ ঘনাই পুৰণি দলং মেৰামতি কৰি থকাৰ বাবে পলাশবাৰীৰ দৰে নিকটৱৰ্তী এলেকাতো পৰিছে প্ৰভাৱ৷ সেই এলেকাৰ মাটি সম্পৰিত অধিকহাৰত খহিবলৈ ধৰিছে৷ তাৰোপৰি পুৰণি দলঙৰো অৱস্থা একেই আছে৷
শৰাইঘাটৰ পুৰণি দলঙত কেবাবছৰো পূৰ্বেই এজন অভিযন্তাই ডাঙৰ ফাট ধৰা পেলাইছিল৷ তেতিয়াৰ পৰা আৰম্ভ হ’ল মেৰামতিৰ নাটকখন৷ ফাট ধৰা পৰাৰ পিছত দলংখন যিকোনো মুহূৰ্ততে ভাঙি পৰাৰ আশংকা আছে বুলি প্ৰচাৰ চলোৱা হৈছিল৷ কিন্তু চাৰিকুৰি বছৰীয়া শৰাইঘাটৰ পুৰণি দলঙৰ আয়ুস এতিয়াও বৰ্তি আছে৷ সেইখন ইমান সঘনে নিৰ্মাণ কৰি থাকিব লাগে বুলি বিগত সময়ত ৰে’ল বিভাগেও জাননী জাৰি কৰা নাছিল৷ এতিয়াহে বিভাগটোৱে হকে-বিহকে ৰে’ল দলঙৰ মেৰামতিৰ নামত পথচাৰীক অতিষ্ঠ কৰিছে৷ এইবাৰো দলংখন খুলি দিয়াৰ পিছতে এৰাই যাবলৈ ধৰিছে নতুনকৈ লগোৱা আলকাতৰা৷