গুৱাহাটী আৰু বেংককৰ নাই পাৰ্থক্য

নাই নাই, ভুলকৈ নাভাবিব, এইটো নিশাৰ বেংককৰ দৃশ্য নহয় এয়া হৈছে আমাৰ আপোন চহৰ গুৱাহাটীৰ দৃশ্য
চাবলৈ গ’লে বৰ্তমান গুৱাহাটীৰ সৈতে বেংককৰ কোনো পাৰ্থক্য নাই৷ থাইলেণ্ডৰ ৰাজধানীত নিশা কাষ্টমাৰ বিচাৰি সুন্দৰী যুৱতী ঘূৰি ফুৰে৷ পথৰ কাষত বিচাৰিলেই পোৱা যায় সুন্দৰী বেশ্যা৷ মুখত লেপা-লেপে প্ৰসাধন ঘঁহি বগী হৈ গ্ৰাহকৰ সন্ধান কৰে থাইলেণ্ডৰ ৰূপহীয়ে৷ শাৰিৰীক মিলনৰ পৰা গা মালিচ কৰিবলৈয়ো বেংককৰ ফুটপাথত যুৱতীয়ে কাষ্টমাৰক অফাৰ দিয়ে৷ সেইদৰে এতিয়া গণেশগুৰিতো ৰৈ থাকে সুন্দৰী তৰুণী৷ আপোনাৰ পকেটত পইচা থাকিলেই হ’ল, গণেশগুৰিত মনে বিচৰা সুন্দৰীক আপুনি গাড়ীত উঠাই যিকোনো ৰিজ’ৰ্টলৈ লৈ যাব পাৰিব৷ সেই মানুহৰ বজাৰখনত যুৱতীৰ অভাৱ নাই৷
দিনৰ হিবি-জিবি গণেশগুৰি নিশা কিছুসময়ৰ বাবে হৈ পৰে নি:শব্দ৷ কিন্তু তাৰ পিছতে আকৌ গণেশগুৰি প্ৰাণচঞ্চল হৈ উঠে৷ গণেশগুৰিৰ ফ্লাইঅভাৰৰ কাষৰ এলেকাত গোট খাই শতাধিক যুৱতী৷ ৰ’ব, তেওঁলোক সকলো আকৌ কাষ্টমাৰ বিচাৰি তাত একগোট নহয়৷ ফ্লাইঅভাৰৰ দাঁতিত সমৱেত হোৱা বেছিভাগ যুৱতীয়ে দিনতে ফিক্সড কৰি থয় কাষ্টমাৰ৷ হোৱাটছএপ গ্ৰুপৰ জৰিয়তে গুৱাহাটীত পঢ়ি থকা সুন্দৰী ছাত্ৰীয়ে দিনতে কাষ্টমাৰ লাভ কৰে৷ সেই অনুসৰি নিৰ্দিষ্ট স্থানত থিয় হোৱাৰ লগে লগে তেওঁলোকৰ কাষত আহি ৰয় বিলাসী গাড়ী৷ কিন্তু গণেশগুৰিতে গ্ৰাহকৰ অপেক্ষাত ৰৈ থাকে গণিকাৰ এটা দল৷
তেওঁলোকৰ নাই কোনো গ্ৰাহক৷ সেয়ে যুৱতীৰ দলটোৱে মাজনিশাপৰ্যন্ত গ্ৰাহকৰ অপেক্ষাত ৰৈ থাকে৷ সেই যুৱতীসকলো প্ৰায়ে বিমুখ হ’বলগীয়া নহয়৷ আমাৰ কেমেৰাত ধৰা পৰা এইগৰাকী যুৱতীৰ নাম ৰ’জি৷ নিশা প্ৰায় ১ বজাত তেওঁ গ্ৰাহকৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰি গণেশগুৰিলৈ প্ৰত্যাৱৰ্তন কৰিছিল৷ ৰ’জি নামৰ যুৱতীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এনিশা গ্ৰাহকক শাৰিৰীক তৃপ্তি দিয়াৰ বাবদ তেওঁ উপাৰ্জন কৰিলে ৪ হাজাৰ টকা৷ গণেশগুৰিৰে লজত গ্ৰাহকৰ সৈতে নিশা ১ বজালৈ তেওঁ যৌৱন উপভোগ কৰিলে৷ শেষত ধন লৈ ১ বজাত নাইট ডিউটী সমাপ্ত কৰিলে ৰ’জিয়ে৷ এই ৰ’জি নামৰ যুৱতীগৰাকী হৈছে গুৱাহাটীৰ এখন নাৰ্ছিং প্ৰতিষ্ঠানৰ ছাত্ৰী৷ তেওঁ প্ৰতিনিশা গণেশগুৰিত গ্ৰাহকৰ বাবে অপেক্ষা কৰি থাকে৷
আনহাতে ৰ’জিয়ে আন কেবাগৰাকী যুৱতীকো ঠিক কৰি দিয়ে কাষ্টমাৰ৷ নিশা ১ বজাৰ পিছতহে আচলতে জমি উঠে গণেশগুৰিৰ পৰিৱেশ৷ ৰ’জিয়ে প্ৰকাশ কৰামতে গুৱাহাটীৰ এচাম ব্যৱসায়ীয়ে ধৰা পৰাৰ ভয়ত আগনিশা গণেশগুৰিত বেশ্যাৰ সন্ধান কৰাৰ পৰা বিৰত থাকে৷ বৰ্তমান এচাম ভ্লগাৰে নিশাৰ গণেশগুৰিৰ দৃশ্য কেমেৰাত আবদ্ধ কৰে৷ সেয়ে সমাজত প্ৰতিপত্তিশালী ব্যৱসায়ীয়ে ১ বজাৰ পিছত গণেশগুৰিত ছোৱালী বিচাৰি যায়৷ ৰ’জিয়ে প্ৰায়ে গণেশগুৰিত গ্ৰাহক বিচাৰি পাই বুলি প্ৰকাশ কৰিছে৷ অৱশ্যে তেওঁ মাহত ১৫ দিনহে কৰে দেহ বেপাৰ৷ অৱশিষ্ট দিনকেইটা সম্পূৰ্ণ ৰেষ্ট লয় ৰূপহী ৰ’জিয়ে৷
কিন্তু নিশা গভীৰ হৈ অহালৈ গণেশগুৰিত কমিবলৈ ধৰে বেশ্যাৰ দাম৷ ৰীতা নামৰ মহিলাগৰাকীয়ে প্ৰকাশ কৰামতে গণেশগুৰিত নিশা ৩ বজাত ৩০০ টকাতো নাৰীদেহ উভৈনদী হৈ পৰে৷ বৰ্তমান গণেশগুৰিত শৰীৰৰ বেপাৰ কৰা বেছিভাগ বেশ্যা হৈছে কলেজীয়া যুৱতী৷ তেওঁলোকে নিৰ্দিষ্ট সময়ৰ পিছত গ্ৰাহকৰ বাবে অপেক্ষা নকৰে৷ তাৰ পিছত ফ্লাইঅভাৰৰ তলত অপেক্ষা কৰে কেৱল শৰীৰত বয়সৰ চাপ পৰা বেশ্যাই৷ গতিকে গ্ৰাহকে তেওঁলোকক নিদিয়ে বেছি দাম৷ ৩০০ টকাতে গণেশগুৰিত বিক্ৰী হয় নাৰীদেহ৷