অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ একেবাৰেই পইচা নাই
নাই যি নাই, ৰাজীৱ ভৱনত ৰং কৰিবলৈয়ো প্ৰদেশ কংগ্ৰেছৰ পইচা নাই
যিকেইটকা আছিল সেয়াও বিধানসভা নিৰ্বাচনত খৰচ হ’ল৷ এতিয়া প্ৰদেশ কংগ্ৰেছ কমিটীৰ ফাণ্ডত পইচা নাই৷ সেয়ে ৰাজীৱ ভৱনত ৰং কৰিব পৰা নাই কংগ্ৰেছে৷ ক্ষমতাত থাকোতে কংগ্ৰেছে মুখ্য কাৰ্যালয়ত সঘনে ৰং কৰি আছিল৷ তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতে ৰাজীৱ ভৱন অহৰ্নিশে লোকে-লোকাৰণ্য হৈয়েই আছিল৷ কিন্তু দিনবোৰ হঠাতে সলনি হৈ গ’ল৷ এতিয়া কংগ্ৰেছৰ পইচা নাই৷ কিন্তু কংগ্ৰেছীৰ হ’লে পইচা আছে৷ সেযে কংগ্ৰেছৰ এজন বিধায়কে কন্যাৰ বিবাহ পাঁচদিনীয়াকৈ আয়োজন কৰিছে৷ তেওঁ জীয়েকৰ বিয়াৰ বাজেট হৈছে পাঁচ কোটি টকা৷ দলৰ ফাণ্ডলৈ দুহেজাৰ টকাও বৰঙনি দিব নোৱাৰা নেতাজনে পইচা নাই বুলি কান্দি থাকে৷ অপ’জিশ্যনত থকা বাবে চৰকাৰে ফাণ্ড নিদিয়ে বুলি অনবৰতে বিলাপ কৰি থকা নেতাজনে কন্যাৰ বিবাহলৈ সকলোকে নিমন্ত্ৰণ জনাইছে৷ তেওঁ জীয়েকৰ বিয়া কেবাখনো ৰাজ্যত পাতিব৷ ডেষ্টিনেশ্যন ৱেডিঙৰ পৰা আৰম্ভ কৰি একেবাৰে ঘৰপৰ্যন্ত সকলোতে অনুষ্ঠিত কৰিব মৰমৰ কন্যাৰ বিয়া৷ অৱশ্যে বিধায়কজনৰ ব্যক্তিগত বিষয়ত মূৰ ঘমাবলৈ আমাৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁ প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰং কৰিবলৈয়ো বৰঙনি দিয়াৰ বাবে অনিচ্ছুক৷ সেয়ে বিষয়টো দৰকাৰী হৈ পৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষসূত্ৰই সদৰী কৰা অনুসৰি কিছুদিন পূৰ্বে ৰাজীৱ ভৱনৰ মেৰামতিৰ বিষয়ে আলোচনা হৈছিল৷ তেতিয়া মুখপাত্ৰ পৰ্যায়ৰ এজন কৰ্মীয়ে চূণ-তেল সানি ৰাজীৱ ভৱন নতুন কৰি তোলা প্ৰয়োজন বুলি প্ৰায়সমূহ শীৰ্ষনেতাকে জনায়ো দিছিল৷ সকলোৱে সেই বৈঠকত হয়ভৰ দিলে যদিও কোনেও পইচা নিদিলে৷ ৰকিবুল হুছেইন, গৌৰৱ গগৈ আদি কৰি সকলোৰে পৰা ৰাজীৱ ভৱনৰ মেৰামতিৰ বাবে পুঁজি বিচৰা হৈছিল৷ কিন্তু তেওঁলোকে ফালৰি কাটিলে৷ সেয়ে ৰাজীৱ ভৱনৰ মেৰামতিৰ বিষয়টো তল পৰি থাকিল৷ কংগ্ৰেছৰ ফাণ্ডত পইচাই নাই যেতিয়া ৰাজীৱ ভৱন মেৰামতি কৰাটো অসম্ভৱ হৈ পৰিল৷
কিন্তু ৰাজীৱ ভৱনৰ মেৰামতিৰ বাবে যিজন বিধায়কে দুহেজাৰ টকাও খৰচ কৰিব নোৱাৰে তেওঁ কন্যাৰ বিবাহৰ বাবে পাঁচকোটি টকা খৰচ কৰিব ওলাইছে৷ নেতাজনে ৰাজকীয়ভাৱে আয়োজন কৰিছে জীয়েকৰ বিয়া৷ সেই বিয়াখনলৈ বিজেপিৰো কেবাজনো নেতাক নিমন্ত্ৰণ জনাইছে৷ অসমৰ ভিতৰত সবাতোকৈ খৰচী বিয়া পাতিবলৈ কংগ্ৰেছৰ বিধায়কজনে দুহাতে ধন খৰচ কৰিছে৷ তেওঁ বিয়াত একো বাকী ৰাখিব বিচৰা নাই৷ উত্তৰ প্ৰদেশৰ পৰা বিয়ালৈ আনিছে গোলগাপ্পা ব্যৱসায়ী৷ বিয়াত লিট্টি চৌখাও পৰিৱেশন কৰা হ’ব বুলি তেওঁ সতীৰ্থক জনাই দিছে৷ চিকেনৰ প্ৰতিটো আইটেম ৰান্ধিবলৈ কাশ্মীৰৰ পৰাও আহিছে কাৰিকৰ৷
মুঠতে ৰাজকীয় বিয়াখনৰ বাবে তেওঁ হাত খুলি পইচা খৰচ কৰিছে৷ কিন্তু ৰাজীৱ ভৱনত সানিবলৈ চূণ কিনাৰ খৰচ দিবলৈয়ো তেওঁ অক্ষম৷ বিগত সময়ত কিন্তু পৰিস্থিতি এনেকুৱা হোৱা নাছিল৷ ক্ষমতাৰ পৰা আঁতৰ হোৱাৰ পিছতো প্ৰবীণ কংগ্ৰেছীয়ে ৰাজীৱ ভৱন চলাই আছিল৷ আনকি মৃত্যুৰ পূৰ্বৰ মাহটোত ৰাজীৱ ভৱনৰ লাইটৰ বিল দিবলৈ চেক লিখি দিছিল শৰৎ বৰকটকীয়ে৷ ভূমিধৰ বৰ্মনে ৰাজীৱ ভৱনত সোমালেই কৰ্মচাৰীক পইচা দিছিল৷ কিন্তু ৰকিবুল হুছেইনে ইমান পইচা খৰচ কৰিব নোৱাৰে৷ পূৰ্বে কেৱল দেউতাকৰ জহত নিৰ্বাচন খেলা গৌৰৱ গগৈয়ে পইচা দিব লাগে বুলি নাজানেই৷ সেয়ে ভঁসয়া লাগিছে ৰাজীৱ ভৱন৷ কংগ্ৰেছৰ পইচা নাই, কিন্তু কংগ্ৰেছীৰ পইচা থাকিলেও ৰাজীৱ ভৱন হৈ পৰিছে জৰাজীৰ্ণ৷



