৫ শতাংশলৈ হ্ৰাস মোবাইল ফোনৰ GST

ভাল খবৰ, স্মাৰ্টফোনৰ দাম কমিব
কোম্পানীৰ হেঁচাত স্মাৰ্টফোনৰ GST ৫ শতাংশলৈ হ্ৰাস
দেশজুৰি উদ্বেগজনকভাৱে মোবাইল ফোনৰ বিক্ৰী হ্ৰাস হৈছে৷ একমাত্ৰ বৰ্ধিত দামৰ বাবে নতুন ফোন ক্ৰয় কৰিবলৈ গ্ৰাহকে ইচ্ছা নকৰা হৈছে৷ ১৮ শতাংশ GSTৰ ফলত সাধাৰণ স্মাৰ্টফোনৰ দামেই ২০ হাজাৰ টকাৰ অধিক হৈছেগৈ৷ ফলত দেশৰ স্মাৰ্টফোনৰ বজাৰখন ক্ৰমে ধ্বংস হৈছে৷ সেয়ে কৰ হ্ৰাস কৰিবলৈ চৰকাৰক আবেদন জনাইছিল মোবাইল উৎপাদনকাৰী কোম্পানীয়ে৷ ভাৰতত কাৰখানা স্থাপন কৰি ফোন তৈয়াৰ কৰা কোম্পানীৰ আবেদন বিবেচনা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তেওঁ GST পৰিষদৰ সভাত স্মাৰ্টফোনৰ কৰ হ্ৰাসৰ ঘোষণা কৰিছে৷ গতিকে মোবাইলৰ দাম কমাটো নিশ্চিত হৈছে৷
সীতাৰমণে কৰা ঘোষণা কাৰ্যকৰী হ’লে মোবাইল ফোনত GSTৰ পৰিমাণ ১৮ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হ’ব৷ তেতিয়া হোৰহোৰাই কমিব সকলো কোম্পানীৰ ফোনৰ দাম৷ GST কাউন্সিলৰ পৰৱৰ্তী সভাতে এই বিষয়ে সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে৷ কেন্দ্ৰীয় চৰকাৰে মোবাইল ফোনৰ GST হ্ৰাস কৰিবলৈ বাধ্য হোৱাৰ কাৰণ হৈছে কোম্পানীৰ হেঁচা৷ মে’ক ইন ইণ্ডিয়া আঁচনিৰ অধীনত সকলো কোম্পানীয়ে বৰ্তমান ভাৰতত নিজৰ ফেক্টৰী স্থাপন কৰিছে৷ ছেমছাঙৰ দৰে কোম্পানীয়ে দিল্লীত কাৰখানা স্থাপন কৰি ১০ হাজাৰ লোকক সংস্থাপন প্ৰদান কৰিছে৷ কিন্তু ভাৰতত বিক্ৰী হ্ৰাস পাইছে ছেমছাঙৰ মোবাইলৰ ফোনৰ৷
এবছৰ আগলৈকে ভাৰতত প্ৰতিবছৰে ৩০০ মিলিয়ন স্মাৰ্টফোন বিক্ৰী হৈছিল৷ অৰ্থাৎ বছৰি ৩০ কোটি স্মাৰ্টফোন গ্ৰাহকে ক্ৰয় কৰিছিল৷ সেইবাবে বজাৰখনৰ পৰিসৰ ক্ৰমে বৃদ্ধি হৈছিল৷ এবছৰৰ ভিতৰত এই পৰিসংখ্যা ২২০ মিলিয়নলৈ হ্ৰাস পালে৷ দাম বৃদ্ধিৰ ফলত ২২ কোটি মোবাইলহে ভাৰতৰ বজাৰত বিক্ৰী হ’ল৷ সেয়ে বিশাল ফেক্টৰী স্থাপন কৰা কোম্পানীবোৰ ঘাটিৰ সন্মুখীন হৈছে৷ গতিকে মোবাইলত GSTৰ পৰিমাণ হ্ৰাস কৰিবলৈ চৰকাৰক তেওঁলোকে হেঁচা দিছে৷ কোম্পানীবোৰক ধৰি ৰাখিবলৈ মোবাইল ফোনৰ দাম কমোৱাৰ নিশ্চিতি দিছে সীতাৰমণে৷ অন্যথা কেবাটাও প্ৰতিষ্ঠানে ভাৰত ত্যাগ কৰাৰ ভাবুকি দিছে৷
মোবাইল ফোনত ৫ শতাংশ GST আৰোপৰ বিষয়টো বৰ্তমানপৰ্যন্ত বিত্ত বিভাগৰ বিবেচনাধীন হৈ আছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীযে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব৷ তাৰ পিছতে দূৰদৰ্শনৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে মোবাইলৰ GST হ্ৰাসৰ ঘোষণা কৰিব৷ পূজাৰ পূৰ্বে দেশবাসীক প্ৰধানমন্ত্ৰীয়ে মোবাইলৰ GST হ্ৰাসৰ খবৰ দিয়াৰ সম্ভাৱনা অধিক৷ তাৰ ফলত চৰকাৰৰ স্বাভাৱিকতে ৰাজহ ঘাটি হ’ব৷ কিন্তু যদি GST হ্ৰাস নকৰে তেন্তে কোম্পানীবোৰে ভাৰতস্থিত ফেক্টৰী বন্ধ কৰি দিব৷ তেতিয়া সংস্থাপন হেৰুৱাব লাগিব কেবাকোটি পেছাদাৰীয়ে৷ তেওঁলোকৰ চাকৰি সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে ৰাজহত লোকচানেই মানি লৈছে৷
প্ৰধানমন্ত্ৰীয়ে অৱশ্যে ততালিকে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বিচৰা নাই৷ মোদীৰ বৰ্তমান মূল লক্ষ্য হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন৷ মোবাইল ফোনৰ দাম কমালে যে উত্তৰ প্ৰদেশৰো জেন জি সন্তুষ্ট হ’ব সেয়া মোদীয়ে জানে৷ গতিকে প্ৰথমে উত্তৰ প্ৰদেশৰ এখন সভাত ভাষণ দি মোদীয়ে মোবাইলৰ GST হ্ৰাসৰ বিষয়ে ইংগিত দিব৷ সেইদিনাই দূৰদৰ্শনযোগে তেওঁ দেশবাসীক এই ভাল খবৰটো দিয়াৰ সম্ভাৱনা আছে৷ মোবাইলৰ দাম কমিলে যুৱ প্ৰজন্ম সন্তুষ্ট হ’ব বুলি পতিয়ন গৈছে মোদী৷ সেয়ে কমাবলৈ ওলাইছে GST৷