৫ মহীয়া সন্তানক স্তনপান কৰোৱাত মাতৃক পুলিচৰ বাধা

কংগ্ৰেছী মুখ্যমন্ত্ৰীয়ে পাঁচমহীয়া সন্তানৰ মাতৃকো নেৰিলে
দুৰ্নীতিৰ বিৰোধিতা কৰাৰ বাবে ৯ ঘণ্টা কৰিলে নিৰ্যাতন
কোলাত কেচুৱা লৈ ওলাই আহিছে এইগৰাকী মহিলা৷ তেওঁৰ নাম ৰেখা৷ পেছাত ৰেখা হৈছে সাংবাদিক৷ ৫ মাহ পূৰ্বে সন্তানৰ মাতৃ হোৱা বাবে ৰেখাই কিছুদিন চাকৰি কৰা নাই৷ মাজতে ৰেখাই ফে’চবুক লাইভত ফাদিল কৰিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ দুৰ্নীতি৷ তেওঁ মাত্ৰ ২ মিনিট ফে’চবুক লাইভ কৰিছিল৷ সেই ২ মিনিটৰ ভিডিঅ’টোৱে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক জোকাৰি পেলালে৷ মুখ্যমন্ত্ৰীয়ে পাঁচমহীয়া সন্তানৰ মাতৃ ৰেখাকো সুদাই নেৰিলে৷ সেয়ে কোলাত নৱজাত সন্তানক লৈ থানাত হাজিৰ হ’বলগীয়া হ’ল ৰেখা৷ তেওঁক আৰক্ষীয়ে একো প্ৰশ্ন নকৰিলে৷ নিৰ্যাতন কৰাৰ বাবে গোটেই দিনটো থানাত বহুৱাই থ’লে৷ ৰেখাৰ সন্তানে আমনি কৰিলে৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পুলিচে তেওঁক হাৰাশাস্তি কৰিলে৷ কেৱল সেয়াই নহয়, তাৰ পিছদিনাও নতুনকৈ মাত্ৰ হোৱা ৰেখাক থানালৈ তলব কৰা হ’ল৷
এইবাৰ ৰেখাক পুলিচ ভেনত তেলেংগানা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ’ল৷ তাত ৰেখাক শীৰ্ষ আৰক্ষী বিষয়াই জেৰা কৰিলে৷ এঘণ্টা বা দুঘণ্টা নহয়, আৰক্ষী বিষয়াই ৯ ঘণ্টা মাৰাথন জেৰা কৰিলে ৰেখাক৷ তেওঁৰ পাঁচমহীয়া সন্তানে ভোকত কান্দি গগন ফালিলে৷ কিন্তু ৰেৱন্ত ৰেড্ডীয়ে ৰেখাক হাৰাশাস্তি কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল৷ সেয়ে পুলিচে ৰেখাক এৰি দিব নোৱাৰিলে৷ জেৰাৰ সময়ত সাংবাদিক ৰেখাই ৰেৱন্ত ৰেড্ডীৰ দুৰ্নীতিৰ প্ৰমাণ দিলে৷ তেওঁ ফে’চবুক লাইভত কোৱা এটাও শব্দ যে মিছা নাছিল সেয়া প্ৰতিপন্ন কৰি দেখুৱালে৷ মুখ্যমন্ত্ৰীৰ বিষয়ে ৰেখাই দুৰ্নীতিৰ প্ৰমাণ দিয়াৰ পিছতে লাগি গ’ল হাহাকাৰ৷
এইবাৰ তেলেংগানাৰ ৰেখা নামৰ মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰা হ’ল৷ কিন্তু আইনৰ বিষয়ে জ্ঞাত ৰেখাই উভতি ধৰিলে৷ তেওঁ কোনো দোষ কৰা নাই বুলি প্ৰমাণ কৰি দেখুৱালে ৰেখাই৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ঠিকেই, কিন্তু জেৰাৰ নামত ৰেখাক হাৰাশাস্তি কৰিয়েই থাকিল৷ ৫ মহীয়া কন্যা সন্তানক কোলাত লৈ ৰেখাই থানালৈ অহা-যোৱা কৰি থাকিবলগীয়া হৈছে৷ তেওঁৰ সন্তানৰ বাবে থানাত কোনো খাদ্যৰ ব্যৱস্থা নাই৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ কথা কোৱাৰ বাবে সন্তানক স্তনপান কৰাবলৈয়ো ৰেখাক সুযোগ দিয়া নাই আৰক্ষীয়ে৷ কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জানোৱাৰৰ দৰে পুলিচ হিংস্ৰ হৈ পৰিছে৷ ৰেখাই দুৰ্নীতিৰ তথ্য ফাদিল কৰাটো মহাপাপ বুলি বিবেচনা কৰিছে ৰেৱন্ত ৰেড্ডীয়ে৷ দুৰ্নীতি ফাদিল হোৱাত ইমান কঠোৰ হৈছে যে ৰেখাৰ পৰা ৫ মহীয়া সন্তানটিক আঁতৰাই ৰাখিবলৈ গোপন নিৰ্দেশ জাৰি কৰিছে৷
এই হৃদয়বিদাৰক ঘটনাটোৰ বিষয়ে ক’তো চৰ্চা হোৱা নাই৷ কংগ্ৰেছশাসিত ৰাজ্যখনত ৫ মহীয়া সন্তানৰ মাতৃক আৰক্ষীয়ে হাৰাশাস্তি কৰিছে৷ ৯ ঘণ্টীয়া জেৰাৰ সময়ত নৱজাতকক স্তনপান কৰাবলৈ আৰক্ষীয়ে সুযোগ দিয়া নাই৷ সকলোবোৰ যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমেই হৈছে সেয়া নিশ্চিত৷ কিন্তু কোনেও ৰেখাৰ সপক্ষে মাত মাতিবলৈ সাহস যোগাব পৰা নাই৷ আনকি নাৰীবাদী সংগঠনৰো মাত হেৰাই গৈছে৷ ৰেৱন্ত ৰেড্ডী হৈ পৰিছে তেলেংগানাৰ একনায়ক৷ তেওঁ কোৱামতে আৰক্ষীয়ে এগৰাকী ৫ মহীয়া সন্তানৰ মাতৃক নাৰকীয় নিৰ্যাতন চলাইছে৷ ইমানখিনি দেখিও সংবাদ মাধ্যম নীৰৱে আছে৷ দুৰ্দান্ত সাহসৰ পৰিচয় দি ৰেখাই আকৌ দুৰ্নীতি ফাদিল কৰিব বুলি দাবী কৰিছে৷ নিৰ্মম নিৰ্যাতনৰ সহিও নীৰৱ হোৱা নাই ৰেখা৷