মুছলমানে হিন্দুত্বৰ বিৰোধিতা কৰে, কিন্তু জেহাদক সমৰ্থন কৰে
নিজৰ ধৰ্মৰ সংস্কাৰ হোৱাটো কোনো মুছলমানে কামনা নকৰে
এই কথাষাৰ কোনো হিন্দুত্ববাদী নেতাই কোৱা নাই৷ কৈছে দেশৰ প্ৰখ্যাত কবি জাভেদ আখতাৰে৷ নাস্তিক জাভেদ আখতাৰে ধৰ্মীয় সংস্কাৰৰ বিৰোধিতা কৰা বুলি সকলো মুছলমানক অভিযুক্ত কৰিছে৷ তেওঁ স্পষ্ট ভাষাৰে উল্লেখ কৰিছে যে কেৱল গোড়া হিন্দুত্বৰ বিৰোধিতা কৰাটোৱেই ধৰ্মনিৰপেক্ষতা নহয়৷ তাৰ লগতে মুছলমানে ইছলাম সমাজৰো সংস্কাৰৰ চেষ্টা কৰিব লাগিব৷ যি মুছলমানে নিজৰ ধৰ্মৰ সংস্কাৰ হোৱাটো কামনা নকৰে তেওঁৰ হিন্দুত্বৰ বিৰোধিতাৰ অধিকাৰ নাই বুলি জাভেদ আখতাৰে মন্তব্য কৰিছে৷ উদাৰ মনোভাৱাপন্ন বুলি আখতাৰে হিন্দুসকলক প্ৰশংসাও কৰিছে৷ আনফালে ধিক্কাৰ দিছে ভাৰতীয় মুছলমানক৷
দেশৰ যশস্বী কবিজনৰ মতে কোনো মুছলমানে পৰাপক্ষত ইছলামৰ সংস্কাৰৰ সমৰ্থন নকৰে৷ পুৰণিকলীয়া নিয়ম পালন কৰি প্ৰকৃত মুছলমান হ’বলৈ চেষ্টা কৰে৷ কিন্তু হিন্দুধৰ্মীৰ দৰ্শন ইমান গোড়া নহয়৷ দেশৰ হিন্দুধৰ্মীয়ে নিজৰ ধৰ্মৰ ভুল সংশোধনৰ চেষ্টা কৰে৷ এইটো সনাতনী পৰম্পৰাৰ উদাৰতা বুলি আখতাৰে উল্লেখ কৰিছে৷ তেওঁ কয় যে ৰক্ষণশীলতাৰ দিশত মুছলমানে হিন্দুধৰ্মীৰ পৰা শিকিবলগীয়া আছে৷ সংস্কাৰ অবিহনে আধুনিক প্ৰজন্মই ইছলামিক পৰম্পৰা পালন কৰিবলৈ বাদ দিব বুলি তেওঁ প্ৰকাশ কৰিছে৷ নিজকে নাস্তিক বুলি ঘোষণা কৰা আখতাৰে দেশৰ ইছলামিক পণ্ডিতৰ প্ৰতিও ব্যক্ত কৰিছে ঘৃণাৰ ভাৱ৷
তেওঁ স্পষ্ট কৰি দিছে যে বেছিভাগ মুছলমান হৈছে মোল্লাবাদৰ সমৰ্থক৷ সেয়ে আধুনিক প্ৰজন্মৰ মুছলমান সকলেও ধৰ্মীয় সংস্কাৰৰ বিৰোধিতা কৰে৷ মুছলমানৰ মন-মগজুত ধৰ্মৰ পুৰণিকলীয়া নিয়মবোৰ এনেকৈ ভৰাই দিয়া হৈছে যে তেওঁলোকে সংস্কাৰক ইছলামৰ পৰিপন্থী হিচাপে গণ্য কৰে৷ যুগধৰ্ম পালন কৰিবলৈ ধৰ্মীয় সংস্কাৰৰ যে প্ৰয়োজন সেয়া ভাৰতৰ মুছলমানে বুজি নাপায়৷ কিন্তু সময়ৰ সৈতে মিলাই দেশৰ হিন্দুধৰ্মীয়ে নিজৰ নিয়মৰ সংশোধন কৰা বুলি আখতাৰে মন্তব্য কৰিছে৷ এই বিষয়টোত দেশৰ হিন্দুধৰ্মীক উদাহৰণ হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনাইছে৷ অৱশ্যে ধৰ্মীয় নিয়ম পালন নকৰে বুলি স্পষ্ট কৰি দিছে জাভেদ আখতাৰে৷ স্বঘোষিত নাস্তিক জাভেদ আখতাৰে দেশৰ গৰু জবাই কৰাৰো বিৰোধিতা কৰিছে৷
তেওঁ কয় যে সমস্যাৰ সূচনা হ’ব পৰা যিকোনো বিষয়ৰ পৰা মুছলমান আঁতৰি থকা উচিত৷ প্ৰতিৱেশীৰ মনত আঘাত দিব পৰা নিয়ম বৰ্জন কৰাটোৱেই হৈছে যুগধৰ্ম৷ কিন্তু দেশৰ প্ৰতিজন মুছলমানে সংস্কাৰৰ পৰিৱৰ্তে কেৱল পুৰণিকলীয়া নিয়মবোৰ বাহাল ৰাখিব বিচাৰে৷ সকলোৱে নিজৰ ধৰ্মক শ্ৰেষ্ঠ বুলি ভাবে৷ সেয়ে ইছলামৰ সংস্কাৰ সম্ভৱ হোৱা নাই৷ কিন্তু যদি এই গোড়ামী অব্যাহত থাকে তেন্তে ভৱিষ্যতে নিজৰে বিপদ হ’ব বুলি জাভেদ আখতাৰে সকীয়াই দিছে৷ তেওঁ উদাৰতাৰ আহ্বান জনাইছে ভাৰতীয় মুছলমানক৷
প্ৰসিদ্ধ কবি জাভেদ আখতাৰে যিমান পাৰি সোনকালে ধৰ্মীয় বিবাদ নিষ্পত্তি কৰিবলৈ মুছলমান সমাজৰ প্ৰতি আহ্বান জনাইছে৷ তেওঁৰ মতে উদাৰ সমাজ গঠন কৰিবলৈ প্ৰথমে ভাৰতৰ ইছলামধৰ্মীয়ে গোড়ামী পৰিহাৰ কৰিব লাগিব৷ দেশৰ হিন্দুধৰ্মী গোড়ামীৰ পৰা ইতিমধ্যে মুক্ত হৈছে৷ কট্টৰতা ত্যাগ কৰিলেহে ভাৰতৰ মুছলমানক হিন্দুৱে আকোৱালি ল’ব৷ অন্যথা দেশত মুছলমান দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈয়েই থাকিব লাগিব৷ কিন্তু এই বৰ্ণনাৰ বাবে জাভেদ আখতাৰক ভালপোৱা নাই ভাৰতীয় মুছলমান সমাজে৷



