হিতাধিকাৰীৰ একাউণ্টত পেন্সন সোমোৱা নাই

কুশল কোঁৱৰ বৃদ্ধ পেন্সনৰ ধন পোৱা নাই হিতাধিকাৰীয়ে
মাহে ৪০০ টকীয়া পেন্সন বন্ধ!
চৰকাৰৰ তৰফৰ পৰা কোনো ঘোষণা কৰা নাই৷ তথাপি বন্ধ কৰি ৰখা হৈছে কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনি৷ নিৰ্বাচনৰ পিছৰ পৰা এজনো হিতাধিকাৰীয়ে বৃদ্ধ পেন্সন পোৱা নাই৷ অজ্ঞাত কাৰণত তেওঁলোকৰ মাহিলী ভাট্টা চৰকাৰে বন্ধ কৰি থৈছে৷
বিগত সময়ত কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ হিতাধিকাৰীক চৰকাৰে প্ৰতিমাহে আঢ়ৈশ টকাকৈ প্ৰদান কৰিছিল৷ বেংক ট্ৰেন্সফাৰৰ মাধ্যমেৰে হিতাধিকাৰীৰ একাউণ্টত সোমাইছিল আঢ়ৈশ টকা৷ নিৰ্বাচনৰ আগতে চৰকাৰে এই ধনৰাশি চাৰিশ টকালৈ বৃদ্ধি কৰিছিল৷ এতিয়াৰ পৰা প্ৰতিমাহে আঢ়ৈশৰ পৰিৱৰ্তে চাৰিশ টকাকৈ সকলো হিতাধিকাৰীয়ে লাভ কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিল৷
কিন্তু সেই ঘোষণাৰ পিছতে অজ্ঞাত কাৰণত বন্ধ হৈ গ’ল বৃদ্ধ পেন্সন৷ দিছপুৰৰ সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃদ্ধ পেন্সন দিবলৈ সম্প্ৰতি ৰাজকোষত ধনৰ অভাৱ হোৱা নাই৷ চৰকাৰে অৰুণোদয় আৰু আন আঁচনিৰ অধীনতো হিতাধিকাৰীক ঠিকেই দি আছে ভাট্টা৷ কিন্তু বৃদ্ধ পেন্সন অজ্ঞাত কাৰণত বন্ধ কৰি থোৱা হৈছে৷ ৰাজ্যৰ গ্ৰামাঞ্চলৰ লক্ষাধিক লোকক বিগত সময়ত সামান্য ধনৰাশিয়ে কিছুপৰিমাণে হ’লেও সকাহ দিছিল৷
কিন্তু কাৰণ অবিহনে তেওঁলোকক এই পইচাৰ পৰা বঞ্চিত কৰা হ’ল৷ বিভাগীয়ভাৱে কুশল কোঁৱৰ বৃদ্ধ পেন্সন বন্ধ কৰাৰ বিষয়ে কোনো ঘোষণা কৰা হোৱা নাই৷ গতিকে হিতাধিকাৰীয়েও মাহিলী ভাট্টা বন্ধ কৰাৰ বিষয়ে লাভ কৰা নাই সম্ভেদ৷ তথাপি চৰকাৰে মাহিলী চাৰিশ টকা দিয়ত কৃপণালী কৰিছে৷ নিৰ্বাচনৰ পূৰ্বে মাহৰ ১০ তাৰিখৰ পূৰ্বে বেংক একাউণ্টত পইচা সোমাইছিল৷
বিগত প্ৰায় চাৰিমাহে কিন্তু হিতাধিকাৰীয়ে পইচা পোৱা নাই৷ তেওঁলোকক বৃদ্ধ পেন্সন বন্ধ কৰা অথবা চলাই ৰখাৰ বিষয়ে চৰকাৰে আগতীয়াকৈ খবৰ দিয়াৰ দৰকাৰ আছিল৷ পিছে নিয়ম পালন নকৰি মাহিলী চাৰিশ টকীয়া ভাট্টা চৰকাৰে বন্ধ কৰিলে৷ বিভাগীয় তথ্য অনুসৰি হিতাধিকাৰীক মাহিলী পেন্সন দিয়াৰ বাবে ধন মজুত আছে৷ কিন্তু ৰঙাফিটাৰ মেৰপেচৰ বাবে বন্ধ হৈছে মাহিলী ভাট্টা৷