হাফলং জে’লত আছে মেক-আপ আৰ্টিষ্ট

হাফলং জে’লত মেক-আপ আৰ্টিষ্টৰো ব্যৱস্থা আছে নেকি
অমৃতপ্ৰভা মহন্তক দেখি আমাৰ মনতো জাগিছে প্ৰশ্ন
আজিকালি প্ৰায়বোৰ মহিলাই থ্ৰেডিং কৰে৷ কিন্তু এবাৰ থ্ৰেডিং কৰাৰ পিছত এমাহ নকৰিলেই চেলাউৰিৰ অৱস্থা বেয়া হৈ যায়৷ কিছুদিন থ্ৰেডিং নকৰাকৈ থাকিলে চেলাউৰি নোমেৰে ভৰি যায়৷ কিন্তু এবছৰ জে’লত থকাৰ পিছতো অমৃতপ্ৰভা মহন্তৰ একোৱেই নহ’ল৷ বিউটীচিয়ানে সজাই-পৰাই দিয়া কইনাৰ দৰে জে’লৰ পৰা ওলাই আহিল অমৃতপ্ৰভা৷ ছিংগাপুৰৰ সাগৰৰ মাজত জুবিন গাৰ্গৰ মৃত্যুৰ চাক্ষুষ সাক্ষী অমৃতপ্ৰভাই হাফলং জে’লৰ পৰা ওলাই অহাৰ সময়ত মডেলৰ দৰে কেটৱাক কৰিলে৷ মাস্ক পৰিহিত অমৃতপ্ৰভাৰ চকুত নাছিল অনুশোচনাৰ চিন৷ কোনোবা প্ৰতিযোগিতাৰ খিতাপজয়ী মডেলৰ দৰে মাস্ক পিন্ধি ফেচিয়েল কৰা মুখেৰে অমৃতপ্ৰভা ওলাই আহিল৷ তেওঁক দেখি এবছৰ জে’লত কষ্টকৰ জীৱন কটোৱা বুলি কোনেও ক’ব নোৱাৰিব৷ হাফলং জে’লত যে অমৃতপ্ৰভা মহন্তই ৰাজকীয় শুশ্ৰুষা লাভ কৰিছিল সেয়া তেওঁক দেখিয়েই ধৰিব পাৰি৷ জে’ললৈ যোৱাৰ সময়ত যেনেকৈ আছিল তেনেদৰেই থাকিল অমৃতপ্ৰভাৰ চুলি৷ টোপনি ক্ষতি কৰিলে আনৰ চকুৰ তলত ক’লা দাগ পৰে৷ অমৃতপ্ৰভাৰ মুখতো কিন্তু দাগ নাছিল৷
জুবিন গাৰ্গ সাগৰত পৰাৰ সময়ত য়টত চিগাৰেট খাই থকা অমৃতপ্ৰভা কেনেকৈ ইমান সাজি-কাছি আছিল? আমি জনামতে জে’লত কয়দীয়ে একো সুবিধা নাপায়৷ এটা সৰু চেলত অপৰাধীয়ে কষ্টকৰ জীৱন কটাব লাগে৷ বাহিৰৰ মানুহৰ সৈতে কথা পাতিবলৈ ফোনটোৱেই নাপায়৷ বিউটী পাৰ্লাৰৰ সুবিধা লাভ কৰাটো দূৰৰে কথা৷ কিন্তু অমৃতপ্ৰভাক দেখিলেই ধৰিব পাৰি যে তেওঁ নিয়মীয়াকৈ সৌন্দৰ্যচৰ্চা কৰি আছিল৷ অমৃতপ্ৰভাৰ চেলাউৰি আছিল শেহতীয়াকৈ থ্ৰেডিং কৰা৷ তেওঁৰ মুখ চিকমিকাই আছিল৷ জে’লত সোমোৱাৰ পূৰ্বে অমৃতপ্ৰভাই চুলি ষ্ট্ৰেইট কৰিছিল৷ ওলাই অহাৰ সময়তো তেওঁৰ চুলিৰ কোনো বিঘিনি নহ’ল৷ মুঠতে জে’লত যে অমৃতপ্ৰভাই VIP ট্ৰিটমেণ্ট লাভ কৰিলে সেইটো খাটাং৷ এবছৰ কাৰাগাৰত থকা সময়ছোৱাত তেওঁ একো কষ্ট নাপালে৷ আনকি পুষ্টিকৰ খাদ্য খাই অমৃতপ্ৰভা মহন্ত আগতকৈ নোদোকা হ’ল৷ তেওঁৰ মুখ হৈ পৰিল ওফন্দা৷ অমৃতপ্ৰভাৰ সন্তুষ্ট চকুজুৰিয়ে দিলে জে’লত সুখেৰে থকাৰ বতৰা৷
জুবিন গাৰ্গৰ ঘাতক পাৰ্টীৰ মেম্বাৰ অমৃতপ্ৰভাৰ সন্তুষ্ট মুখমণ্ডলে শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিষয়ে অনুমান কৰাৰ সুযোগ প্ৰদান কৰিছে৷ বাগছাৰ কাৰাগাৰত বন্দী হৈ থকা শ্যামকানু আৰক্ষীৰ মতে আন কয়দীৰ দৰেই আছে৷ সিদ্ধাৰ্থ শৰ্মা অথবা শেখৰজ্যোতি গোস্বামীয়েও একো VIP সুবিধা পোৱা নাই বুলি চৰকাৰে দাবী কৰি আছে৷ কিন্তু অমৃতপ্ৰভা মহন্তৰ দৰে জুনিয়ৰ অপৰাধীয়েই যদি জে’লত থ্ৰেডিং কৰাৰ সুবিধা পাই তেন্তে শ্যামকানুৱে কিমান ফেচিলিটী পাব সেইটো সহজেই ধৰিব পাৰি৷ বৰ্তমান বন্দী হৈ থাকিলেও শ্যামকানু-সিদ্ধাৰ্থ আৰু শেখৰজ্যোতি যে সুখেৰে আছে সেইটো নিশ্চিত৷ তেওঁলোকো সোনকালে মুক্ত হ’ব৷
আনহাতে ইমানদিনে আউটিং কৰিব নোৱাৰি ভাগৰুৱা হৈ পৰিছিল অমৃতপ্ৰভা মহন্ত৷ সেইবাবে জে’লৰ পৰা মুক্ত হৈয়েই তেওঁ ফুৰিবলৈ গৈছে৷ কলা থাৰত উঠি জে’লৰ পৰা নমা অমৃতপ্ৰভাক এখন ক’লা ক্ৰেটাই গুৱাহাটীৰ পাৰ্শ্বৱতী এলেকাত হোটেলত নমাই দিছে৷ তাতে জে’লৰ পৰা ওলোৱাৰ পিছৰ প্ৰথম নিশাটো অতিবাহিত কৰিছে জুবিন গাৰ্গৰ জীৱন ধ্বংস কৰা ৰহস্যময়ী গায়িকাই৷ কাৰণ এতিয়া অমৃতপ্ৰভা মুক্ত৷