বিকী নামৰ যুৱকজন ইনফ্লুৱেন্সাৰ হিচাপে উত্তৰ প্ৰদেশত জনাজাত
তেওঁক বৰ ভাল পাই আমৰোহাৰ তিনিগৰাকী বাই-ভনীয়ে
মাজতে বিকী বিয়াৰ বাবে ছোৱালী চাবলৈ গৈছিল৷ সেই ঘৰখনত আছিল তিনিগৰাকী কন্যা৷ তাৰে ডাঙৰ ছোৱালীজনীৰ সৈতে বিকীৰ বিয়াৰ কথা চলি আছিল৷ কিন্তু বিকীৰ সৈতে বায়েকৰ বিয়াৰ কথা শুনি দুয়ো ভনীয়েক উত্ৰাৱল হৈ পৰিল৷ তেওঁলোকো ভিনিহিয়েকৰ সৈতেই বিয়া হ’ব বুলি দেউতাকক জনাই দিলে৷ প্ৰথমে অৱশ্যে মাজু আৰু সৰু জীয়েকৰ চৰ্ত পিতৃয়ে মানি লোৱা নাছিল৷ কিন্তু কন্যাৰ সুখৰ স্বাৰ্থত দেউতাক সন্মত হ’ল৷ প্ৰথমে বায়েকৰ সৈতে দুজনী ভনীয়েকো বিয়া হ’ব বুলি শুনি বিকী আচৰিত হৈ পৰিছিল৷ কিন্তু ভাগ্যচক্ৰ সলনি হোৱা বুলি জানি দুজনী খুলশালীয়েককো বিয়া পাতিবলৈ বিকী প্ৰস্তুত হ’ল৷ ঘৰৰ পৰা চলোৱা হ’ল বিকীৰ বিয়াৰ আয়োজন৷ তাৰ পূৰ্বে আজি বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ত বিকীয়ে তিনিওগৰাকী যুৱতীৰ সৈতে আইনী বিয়া পাতিলে৷ সকলোৰে সন্মতিক্ৰমে বিয়াখন সম্পন্ন হ’ল৷ এই বিয়াত কোনো আপত্তি নাই বুলি লিখি দিলে বিকীয়ে প্ৰথমে চাবলৈ যোৱা যুৱতীগৰাকীয়ে৷ তেওঁৰ সন্মতিতে বিকীয়ে ভনীয়েককো বিয়া পাতিলে৷ অৱশ্যে ইয়াৰ পিছত বিকী জে’ল যোৱাটো নিশ্চিত হৈছে৷
অভিযোগ অনুসৰি বিকীয়ে পত্নী হিচাপে গ্ৰহণ কৰা তিনি ভগ্নীৰ একেবাৰে সৰুজনী হৈছে নাবালিকা৷ তেওঁৰ বয়স মাত্ৰ ১৫ বছৰ৷ কিন্তু নাবালিকা বুলি আদালতত প্ৰমাণিত হ’লে বিপদত পৰিব বুলি বিকীয়ে জানিছিল৷ সেইবাবে তেওঁ কাগজে-কলমে নুমলীয়া পত্নীৰ বয়স বৃদ্ধি কৰি লৈছিল৷ পিছে বিবাহ পঞ্জীয়কৰ অফিচত এইবোৰ বুদ্ধি কৰি বিকী সাৰিব নোৱাৰিলে৷ ছোৱালীজনীৰ বয়স পৰীক্ষা কৰোতে নাবালিকা বুলি ধৰা পৰিল৷ গতিকে বিকীৰ বিৰুদ্ধে চৰকাৰীভাৱে গোচৰ পঞ্জীয়ন কৰা হৈছে৷ এই গোচৰত দোষী প্ৰতিপন্ন হ’লে বিকীক জে’ললৈ প্ৰেৰণ কৰা হ’ব৷ কনটেণ্ট ক্ৰিয়েটৰ হ’লেও গোচৰৰ পৰা ৰেহাই নাপাব বিকীয়ে৷
এই বিকী হৈছে উত্তৰ প্ৰদেশৰ বিখ্যাত কনটেণ্ট ক্ৰিয়েটৰ৷ তেওঁৰ ফে’চবুক ফল’ৱাৰ্ছৰ সংখ্যা ১ মিলিয়নৰ বেছি৷ প্ৰায়ে বিকীয়ে বিদেশ ভ্ৰমণ কৰি থাকে৷ ইউটিউবতো বিকীৰ মিলিয়ন ফল’ৱাৰ্ছ আছে৷ সেয়ে তিনি ভগ্নী বিকীৰ প্ৰতি আকৰ্ষিত হৈছিল৷ তেওঁলোকে বিদেশ ভ্ৰমণ কৰিবলৈ পোৱাৰ আশাত বিকীৰ সৈতে বিবাহ কৰিছে৷ কিন্তু তিনিও ভগ্নীক বিয়া পাতি বিকী বিদেশৰ সলনি জে’ললৈ যোৱাটো নিশ্চিত হৈ পৰিছে৷ আদালতৰ নিৰ্দেশ অনুসৰি বিকীয়ে অনাগত শুনানিত সৰু পত্নী যে নাবালিকা নহয় সেইটো নিশ্চিত কৰিব লাগিব৷ আদালতত সেয়া প্ৰমাণ কৰিব নোৱাৰে জে’লত সোমাব বিখ্যাত ইনফ্লুৱেন্সাৰ বিকী৷ তেওঁ তিনি পত্নীৰ সৈতে হানিমুন উদযাপন কৰিব নোৱাৰিব৷ এইটো হোৱাৰে আশংকা অধিক৷
আনহাতে বিকীয়ে আইনৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ সৰু পত্নীৰ সৈতে বিয়া হোৱা নাই বুলি দাবী কৰাৰ চেষ্টা চলাইছে৷ কিন্তু বিবাহ পঞ্জীয়কৰ কাৰ্যালয়ৰ তথ্যই বিকীৰ ফাঁকি প্ৰমাণ কৰিছে৷ তিনিগৰাকী সুন্দৰী বিয়া পাতিবলৈ পাই বিকী হৈ পৰিছিল আনন্দিত৷ আগতীয়াকৈ হানিমুনৰ বাবে তেওঁ জাপানৰ ভিছাৰ বাবে আবেদনো জনাইছিল৷ তিনিও পত্নীক লগত লৈ বিদেশত মধুচন্দ্ৰিকা পালন কৰাৰ কথা ভাবিছিল বিকীয়ে৷ তেওঁৰ ইচ্ছা পূৰণ হোৱাৰ আশা ক্ষীণ৷ হয়তো বিকী জাপানৰ সলনি থাকিবগৈ তিহাৰ জে’লত৷



