হাতত ধৰি পূজা চাবলৈ বয়ফ্ৰেণ্ড লাগে নেকি

পূজাৰ আউটিং কৰিবলৈ আপোনাকো লাগে নেকি বয়ফ্ৰেণ্ড
লাগে যদি ক’ব, কোম্পানীটোৱে গোটাই দিব পাৰিব
কোনোবা ছিংগল ছোৱালীক যদি হাতত ধৰি পূজা চাবলৈ বয়ফ্ৰেণ্ড লাগে তেন্তে পইচা ভৰিব লাগিব৷ দিনে ৭০০ টকা খৰচ কৰিলে পূজা মণ্ডপত ঘূৰি ফুৰাৰ সংগী হিচাপে তেওঁ লাভ কৰিব নকল বয়ফ্ৰেণ্ড৷ ৭০০ টকাৰ বিনিময়ত ছদ্মৱেশী বয়ফ্ৰেণ্ডে তিনিঘণ্টা ছিংগল ছোৱালীক সংগদান কৰিব৷ যদি কোনোবা বয়ফ্ৰেণ্ড নথকা যুৱতীক সংগী লাগে তেন্তে ফে’চবুকৰ জৰিয়তে তেওঁ বয়ফ্ৰেণ্ড ভাৰা কৰিব পাৰে৷ কিন্তু নিশা ১১ বজাৰ পিছত যুৱতীগৰাকীয়ে বয়ফ্ৰেণ্ডক ৰিলিজ কৰি দিব লাগিব৷ ভাৰাতীয়া বয়ফ্ৰেণ্ডে সংগহে দিব, পইচা খৰচ নকৰে৷ পূজা চোৱাৰ সময়ত খাবলৈ মন গ’লেও যুৱতীয়ে নিজে খৰচ কৰিব লাগিব৷ যদি তেওঁ আনক দেখুৱাই বয়ফ্ৰেণ্ডে হোটেলৰ বিল দিয়াটো বিচাৰে তেন্তে যুৱতীগৰাকীয়ে আগতেই ভাৰাতীয়া প্ৰেমিকক পইচা দি থ’ব লাগিব৷ ছিংগল যুৱতীয়ে ভাৰাতীয়া বয়ফ্ৰেণ্ডৰ বাবে কোম্পানীটোক আগতেই অনলাইনত দিব লাগিব ধন৷ তিনিঘণ্টা হাতত ধৰি থকা সংগী লাগিলে তেওঁ ৭০০ টকা দিব লাগিব৷ তাৰ পিছৰ প্ৰতিঘণ্টাত খৰচ হ’ব ৪০০ টকা৷ অৱশ্যে পূজাৰ গোটেইকেইদিন বয়ফ্ৰেণ্ড ভাৰা কৰিলে কোম্পানীটোৱে ডিছকাউণ্ট দিব৷ ছিংগল ছোৱালীৰ দুখৰ প্ৰতি লক্ষ্য ৰাখি এটা কোম্পানীয়ে দিছে এই বাম্পাৰ অফাৰ৷
কলকাতাৰ কোম্পানীটোৱে বয়ফ্ৰেণ্ড ভাৰা দিয়াৰ বিষয়ে বিশেষ প্ৰচাৰ কৰা নাই৷ তাৰোপৰি পৰীক্ষামূলক ভাৱে আৰম্ভ প্ৰকল্পৰ বাবে কোম্পানীটোৱে এইবাৰ ৩৮ জন যুৱককহে বন্দৱস্ত কৰিছে৷ তাৰো ১৪ জন হৈছে হিন্দীভাষী৷ তেওঁলোকক উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ পৰা অনা হৈছে৷ যুৱকসকলে পূজাৰ সময়ত ছিংগল যুৱতীৰ সৈতে প্ৰেমিকৰ দৰে অভিনয় কৰে৷ তেওঁলোকে যুৱতী সংগীয়ে বিচৰা দৰেই পৰিধান কৰিব ড্ৰেছ৷ ছিংগল যুৱতীয়ে যিধৰণৰে বয়ফ্ৰেণ্ড বিচাৰে তেনেকুৱাই কোম্পানীটোৱে যোগান ধৰিব পাৰিব৷ কোনোবাই বগাছালৰ বয়ফ্ৰেণ্ড বিচাৰিলে কোম্পানীটোৱে ঘণ্টা হিচাপত ভাৰা লৈ যোগান ধৰিব৷ মাত্ৰ ভাৰাতীয়া প্ৰেমিকক ঘৰ বা হোটেলত থাকিবলৈ নিব নোৱাৰিব ছিংগল যুৱতীয়ে৷ তেওঁলোকে পৰস্পৰৰ ফোন নম্বৰো শ্বেয়াৰ কৰিব নোৱাৰিব৷ যুৱকসকলৰ সৈতে ছিংগল যুৱতীয়ে কোম্পানীৰ দ্বাৰাহে যোগাযোগ কৰিব পাৰিব৷ যুৱতীসকলে গুৱাহাটীত ইচ্ছামতে খোজকঢ়াই ফুৰিব পাৰিব ভাৰাতীয়া প্ৰেমিকক৷ মাত্ৰ সময় শেষ হোৱাৰ পিছত তেওঁলোকে ভাৰা কৰা বয়ফ্ৰেণ্ডক ৰিলিজ কৰি দিব লাগিব৷
ভাৰাতীয়া বয়ফ্ৰেণ্ডৰ বিষয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে৷ ইনষ্টাগ্ৰামত কেবাজনো যুৱকৰ ফটো প’ষ্ট কৰিছে কোম্পানীটোৱে৷ তেওঁলোকে কলকাতাত ভাৰাতীয়া বয়ফ্ৰেণ্ড যোগান ধৰি উপকৃত হৈছে৷ পূজাৰ সময়ত ছিংগল যুৱতীক সংগ দিয়াৰ বাবদ অচিনাকী যুৱকেও দুপইচা উপাৰ্জন কৰিব পাৰিছে৷ আনহাতে পূজাৰ সময়ত ভ্ৰমণ কৰিলেও ভাৰাতীয়া বয়ফ্ৰেণ্ডৰ ফটো কোনো যুৱতীয়ে ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিব নোৱাৰিব৷ তেওঁলোকৰ পৰিচয় ৰাজহুৱা কৰাটো নিষিদ্ধ৷ সেয়ে এগ্ৰিমেণ্টত চহী কৰিব লাগিব ভাৰা কৰা যুৱতীয়ে৷ সেই চুক্তিখন ভংগ কৰিলে প্ৰেমিক ভাৰা কৰা যুৱতীৰ পৰিচয় ফাদিল কৰা হ’ল৷
অসমত অৱশ্যে প্ৰেমিক ভাৰা দিয়া কোম্পানীটোৱে বিশেষ লাভ কৰিব পৰা নাই৷ তেওঁলোকে এইপৰ্যন্ত দুগৰাকী যুৱতীকহে গ্ৰাহক হিচাপে লাভ কৰিছে৷ অৱশিষ্ট ৩৬ জন যুৱকে সংগী বিচাৰি পোৱা নাই৷