স্পাই কেমেৰাত ওলাল পত্নীৰ বেইমানী

নহ’ব, তই সেন্দূৰ মচিবই লাগিব
তাৰ পিছতে পত্নীৰ শিৰত পানী ঢালি সেন্দূৰ মোহাৰিলে স্বামীয়ে
তেওঁৰ পত্নীয়ে হাতজোৰ কৰি প্ৰাৰ্থনা কৰিলে৷ মোক মাফ কৰি দিয়া বুলি স্বামীৰ ভৰিত ধৰি দীঘল দি পৰিল মহিলাগৰাকী৷ কিন্তু খঙত উন্মাদ হৈ স্বামীয়ে পত্নীক জপতিয়াই ধৰিলে৷ পৰিয়ালৰ সদস্যৰ সহায়ত লৰচৰ কৰিব নোৱাৰাকৈ পত্নীক ধৰি মূৰত ঢালি দিলে পানী৷ সেন্দূৰ মোহাৰি তেওঁ পত্নীক বন্ধনৰ পৰা মুক্ত কৰি দিলে৷ এতিয়া পত্নীক নিজৰ ইচ্ছামতে সকলো কাম কৰিবলৈ স্বামীয়ে দিলে স্বাধীনতা৷ অৱশ্যে লোকজনৰ ইমান খং উঠাৰ কাৰণ আছে৷ তেওঁ এবছৰ পূৰ্বে প্ৰেমবিবাহ কৰিছিল৷ প্ৰাইভেট বেংকত চাকৰি কৰা যুৱকজনে পত্নীৰ সকলো প্ৰয়োজন পূৰণ কৰিবলৈ চলাইছিল আপ্ৰাণ চেষ্টা৷ পত্নীয়ে খাই ভাল পোৱা মিঠাইটো সদায় অফিচৰ পৰা যাওতে তেওঁ লৈ গৈছিল৷ পত্নীয়েই আছিল যুৱকজনৰ সৰ্বস্ত৷ তেওঁ কাহানিও আন মহিলালৈ মূৰ দাঙি চোৱা নাছিল৷ কাৰণ পত্নীক কেতিয়াও প্ৰতাৰণা নকৰে বুলি শপত গ্ৰহণ কৰিছিল যুৱকজনে৷ তেওঁ ইমান অনুগত হোৱাৰ পিছতো বদমাছি কৰিছিল গাভৰু বোৱাৰীজনীয়ে৷
স্বামীক বেইমানী কৰি মহিলাগৰাকীয়ে পৰকীয়া প্ৰেম কৰিছিল৷ তেওঁৰ প্ৰেমিক আছিল স্বামীৰ ঘনিষ্ঠ এজন যুৱক৷ সদায় তেওঁৰ স্বামী বেংকলৈ ওলাই যোৱাৰ পিছত প্ৰেমিক মহিলাগৰাকীৰ বেডৰূমত সোমাইছিল৷ দুয়ো বিয়লিপৰ্যন্ত কামলীলা কৰিছিল৷ কিন্তু পত্নীৰ ধৰণ-কৰণ দেখি পিছলৈ স্বামীৰ সন্দেহ জন্মিল৷ সেয়ে তেওঁ ৰূমত হিডেন কেমেৰা লগালে৷ মৰমী পত্নীক ধৰা পেলাবলৈ স্পাই কেমেৰা স্থাপন কৰি তেওঁ অফিচৰ পৰা চাই আছিল লীলাখেলা৷ তেতিয়া তেওঁ পুৱাতে পত্নীৰ বুকুত সোমোৱা প্ৰেমিকক দেখিলে৷ বিয়লিপৰ্যন্ত পত্নীৰ সৈতে সংগম কৰা প্ৰেমিকক স্বচক্ষে দেখি লোকজনে ধৈৰ্য ধৰিব নোৱাৰা হ’ল৷ তেওঁ আধাতে অফিচ এৰি ঘৰ পালেগৈ৷ বাইক ৰখায়েই যুৱকজনে বেডৰূমৰ পৰা চোঁচৰাই উলিয়াই নিলে মৰমী পত্নীক৷
তেওঁ কেমেৰাৰ ফুটেজ দেখুৱাই পত্নীক জেৰা কৰিলে৷ তেতিয়াহে মহিলাগৰাকীয়ে গম পালে ধৰা পৰাৰ কথা৷ তথাপি তেওঁ আত্মৰক্ষাৰ চেষ্টা কৰিছিল৷ কিন্তু প্ৰমাণ উলিয়াই দিয়াত তেওঁ ক্ষমা খুজিবলৈ আৰম্ভ কৰিলে৷ জীৱনত এনে ভুল আৰু কেতিয়াও নকৰে বুলি মহিলাগৰাকীয়ে শপত খালে৷ কিন্তু পত্নীক ক্ষমা কৰি দিবলৈ যুৱকজন সন্মত নাছিল৷ তেওঁ মাকক মাতি নি তেতিয়াই শিৰৰ সেন্দূৰ মোহাৰি পত্নীক চিৰ জীৱনৰ বাবে বিসৰ্জন দিলে৷ পত্নীক বাৰাণ্ডাৰ খুঁটাত বান্ধি তেওঁ শহুৰেককো জৰুৰীভাৱে মাতি পঠিয়ালে৷
শহুৰেকৰ উপস্থিতিত তেওঁ পত্নীৰ সৈতে সম্পৰ্ক ছেদৰ ঘোষণা কৰিলে৷ পৰপুৰুষক শৰীৰ দিব পৰা পত্নীক কাহানিও বিশ্বাস নকৰে বুলি শহুৰেকক জনাই দিলে যুৱকজনে৷ তেওঁ হৈ পৰিল মুক্ত৷ কিন্তু বোৱাৰীজনী ঘৰৰ পৰা ওলাই যাবলৈ অসন্মত হ’ল৷ তেওঁ এবাৰলৈ সুযোগ বিচাৰিলে৷ তথাপি আঁকোৰগোজ যুৱকজনে গতিয়াই ঘৰৰ পৰা বাজ কৰি দিলে পত্নীক৷ তথ্য অনুসৰি মহিলাগৰাকীয়ে পৰকীয়া প্ৰেম কৰা যুৱকজনো বিবাহিত৷ গতিকে তেওঁ প্ৰেমিকৰ সৈতে বিয়া হোৱাৰো সুযোগ নাই৷ পৰকীয়া প্ৰেম কৰি তেওঁ ধ্বংস কৰিলে সুখৰ সংসাৰ৷ স্বামীক প্ৰতাৰণা কৰাৰ ফলত টালি-টোপোলা বান্ধি মাকৰ ঘৰলৈ উভতি যাবলগীয়া হ’ল৷ স্বামীৰ মাৰকিল খাই টোপোলা বন্ধা জীয়েকক কান্দি কান্দি ঘৰলৈ ওভতাই নিলে বৃদ্ধ দেউতাকে৷