সৌন্দৰ্যচৰ্চালৈ আগ্ৰহ বাঢ়িছে অসমীয়া মহিলাৰ

টকাৰ গাদীত শুবলৈ পাইছে মেক-আপ আৰ্টিষ্টে
পূজা হৈছে দীঘলীয়া, পাৰ্লাৰতো বাঢ়িছে কাষ্টমাৰ
পূজাৰ সময়ত নাৰীকুল আগতেও পাৰ্লাৰলৈ গৈছিল৷ কিন্তু এইবাৰ পৰিস্থিতি অলপ সুকীয়া৷ পূজাৰ পূৰ্বে মেনিকিউৰ-পেডিকিউৰ কৰাবলৈ পাৰ্লাৰত এইবেলি যিমান ভিৰ হৈছে সিমান পূৰ্বে কেতিয়াও হোৱা নাছিল৷ গতবৰ্ষত জুবিন গাৰ্গৰ আকস্মিক বিয়োগে অসমীয়াক শোকাহত কৰি পেলাইছিল৷ পূজাৰ উছাহ আছিল স্তিমিত৷ গধুৰ মনেৰে পূজা চাইছিল অসমৰ দেৱীভক্তই৷ কিন্তু এইবাৰ পৰিস্থিতি সুকীয়া৷ সকলো সমস্যাৰ পৰা মুক্ত হৈ অসমৰ ভক্তই পূজাৰ প্ৰস্তুতি চলাইছে৷ বিউটী পাৰ্লাৰৰ কৃপাত ৰাস্তাত দেখা গৈছে জীৱন্ত দেৱী৷ উগ্ৰ প্ৰসাধন কৰি অসমৰ আধুনিকাই প্ৰেমিকৰ হাতত ধৰি মণ্ডপত উপভোগ কৰিছে পূজা৷ পূৰ্বৰ তুলনাত এইবেলি বিউটী পাৰ্লাৰৰো খৰচ বৃদ্ধি হৈছে৷ হেয়াৰ ষ্ট্ৰেইটনিঙৰ খৰচেই এহেজাৰ টকা বৃদ্ধি হৈছে৷ তথাপি অসমৰ নাৰীকুলে পইচাৰ মুখলৈ চোৱা নাই৷ হাত-মুখ চিকচিকীয়া কৰি জীৱন্ত দুৰ্গা হৈ তেওঁলোকে উপভোগ কৰিছে আনন্দোৎসৱ৷ নগাঁৱৰ এগৰাকী মেক-আপ আৰ্টিষ্টে প্ৰকাশ কৰা অনুসৰি যোৱাবাৰৰ তুলনাত তেওঁৰ এইবেলিৰ উপাৰ্জন আঢৈগুণ অধিক৷ তেওঁৰ বিউটী পাৰ্লাৰত সৌন্দৰ্যচৰ্চাৰ বাবে সমৱেত মহিলাৰ সংখ্যা ভাবিব নোৱাৰা ধৰণেৰে বৃদ্ধি হৈছে৷ পূৰ্বে অসমৰ বয়সস্থ মহিলা সৌন্দৰ্য চৰ্চাৰ প্ৰতি অনাগ্ৰহী আছিল৷ কিন্তু লাহে লাহে ৫০ বছৰ বয়সৰ ঊৰ্ধ্বৰ মহিলায়ো বিউটী পাৰ্লাৰত থ্ৰেডিং অথবা আন ট্ৰিটমেণ্ট কৰিব ধৰিছে৷ হেয়াৰ ট্ৰিটমেণ্ট লোৱা বয়সস্থ মহিলাৰ সংখ্যাও কেবাগুণো বাঢ়িছে৷
গুৱাহাটীৰ শইকীয়া উপাধিৰ বিখ্যাত মেক-আপ আৰ্টিষ্টগৰাকীয়ে সদৰী কৰা অনুসৰি তেওঁৰ পাৰ্লাৰৰ উপাৰ্জন পূজাৰ বতৰত চাৰিগুণ বৃদ্ধি হৈছে৷ কেৰিয়াৰত অভিলেখৰ সূচনা কৰি তেওঁ সপ্তমীতে উপাৰ্জন কৰিছে প্ৰায় ৮০ হাজাৰ টকা৷ নিতৌ মহিলাগৰাকীৰ পাৰ্লাৰলৈ হেয়াৰ ষ্ট্ৰেইটনিং অথবা ফেচিয়েলৰ বাবে যোৱা মহিলাৰ সংখ্যা পূৰ্বতকৈ বেছি৷ বেলতলাৰ এগৰাকী মেক-আপ আৰ্টিষ্টে প্ৰকাশ কৰামতে চহকী পৰিয়ালৰ মহিলাই ঘৰতে কৰিছে মেক-আপ৷ তেওঁকে কেবাগৰাকী মহিলাই ঘৰলৈ মাতি নি মেক-আপ কৰিছে৷ ৰাজ্যৰ দুজন প্ৰতাপী মন্ত্ৰীৰ পত্নীয়ে পূজাৰ সময়ত মেক-আপ কৰিবলৈ ৫ দিনৰ বাবে স্থায়ীকৈ বিউটীচিয়ান নিয়োগ কৰিছে৷ নুনমাটিৰ এগৰাকী মেক-আপ আৰ্টিষ্টৰ মতে তেওঁৰ পাৰ্লাৰত হেয়াৰ ট্ৰিটমেণ্ট লোৱা মহিলাসকলৰ ভিতৰত বেছিভাগেই হৈছে বয়সস্থ৷ অৰ্থাৎ বয়সস্থ মহিলাও হৈ পৰিছে সৌন্দৰ্য সচেতন৷ পূজাৰ মণ্ডপত জীৱন্ত দুৰ্গাৰ দৰে সৌন্দৰ্যশালী হ’বলৈ তেওঁলোকে কৃপণালী কৰা নাই৷
অৱশ্যে গুৱাহাটীৰ বাহিৰতো দৃশ্যপট বেলেগ নহয়৷ ডিব্ৰুগড়ৰ গোহাঁই উপাধিৰ এগৰাকী মেক-আপ আ্টিষ্টে পূজাৰ কেইদিনত উপাৰ্জন কৰিছে বছৰটোতো ইনকাম কৰিব নোৱাৰা পৰিমাণৰ পইচা৷ তেওঁৰ পাৰ্লাৰত মেক-আপ কৰা বেছিভাগ মহিলা অসমীয়া৷ বিগত সময়ত অসমত পূজাক কেন্দ্ৰ কৰি কেৱল অনা-অসমীয়াৰ আগ্ৰহহে অধিক আছিল৷ অসমীয়াই ব’হাগ বিহুৰ সময়তহে কৰিছিল সাজোন-কাছোন৷ কিন্তু ক্ৰমশ: পৰিস্থিতি সলনি হৈছে৷ বিহুৰ স্থান দখল কৰিছে পূজাই৷ অসমীয়া মহিলাৰ সৌন্দৰ্যচৰ্চাৰ প্ৰতি ক্ৰমবৰ্ধিত আকৰ্ষণৰ বাবে লাভান্বিত হৈছে হিন্দীভাষীও৷ তিনিচুকীয়াত বিহাৰী মহিলাই চলোৱা পাৰ্লাৰত ক্ৰমে বাঢ়িছে কাষ্টমাৰ৷ বিউটী পাৰ্লাৰৰ ব্যৱসায়ৰ পৰাও বৰ্হিৰাজ্যলৈ গৈছে পইচা৷ আনহাতে মহিলাৰ সৌন্দৰ্যচৰ্চাত ব্যৱহৃত সামগ্ৰীৰ বাবে অসমে হেৰুৱাইছে কোটিৰ ঘৰত টকা৷ বংগলৈ গৈছে এইবোৰ ধন৷