কাপোৰ খুলি নাচিলেহে সন্তুষ্ট হয় মেনেজাৰ ছাৰ
সহকৰ্মীয়ে নৃত্য নকৰিলে কামেই নকৰে বেংকৰ মেনেজাৰে
কাউণ্টাৰৰ বাহিৰত গ্ৰাহকৰ লাইন লাগিছে৷ কিন্তু কাম কৰিবলৈ চেম্বাৰত নাই বেংকৰ মেনেজাৰ৷ তেওঁ এঘণ্টা পূৰ্বেই ওলাই গৈছিল৷ এইপৰ্যন্ত বেংকৰ ভিতৰত থকা এটা বিশেষ কোঠাতে সোমাই আছে মেনেজাৰ ছাৰ৷ তেওঁ মাতি নিছে বেংকৰ এগৰাকী মহিলা কৰ্মচাৰীক৷ গতিকে বেংকটোৰ কাম প্ৰায় অচল হৈ পৰিছে৷ ইফালে গ্ৰাহক অধৈৰ্য হৈ পৰিছে৷ ব্যস্ত বেংকটোৰ মেনেজাৰ নথকা বাবে আনসকল কৰ্মচাৰীয়েও কাম কৰা নাই৷ তেওঁলোকে নিজৰ ভিতৰতে মেনেজাৰৰ কথা পাতি ফিচিঙা-ফিচিং কৰি আছে৷ বেংকৰ মেনেজাৰে কি কৰি আছে সেয়া কোনেও নাজানে৷ কৰ্তব্যৰ সময়ত মহিলা কৰ্মচাৰীৰ সৈতে মেনেজাৰ ছাৰে কি বিয়নী মেল পাতিছে সেয়া জানিবলৈ অধৈৰ্য হৈ পৰিল গ্ৰাহক৷ এদল যুৱকে অৱশেষত মেনেজাৰ ছাৰৰ গোপন কক্ষত প্ৰৱেশ কৰিলে৷ মেনেজাৰ আৰু মহিলা সহকৰ্মীৰ কাণ্ড দেখি তেওঁলোক চকু কঁপালত উঠিল৷ বিছনাত আৰামত শুই থকা মেনেজাৰে সুন্দৰী সহকৰ্মীৰ নৃত্য উপভোগ কৰি থকা দেখি গ্ৰাহকে ভাঙি পেলালে ৰূমৰ দুৱাৰ৷ এইটো ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাৰদৈত৷ তাত ৰূপহী যুৱতীক নাচিবলৈ দি শুই থকা মেনেজাৰক ৰাইজে প্ৰহাৰ কৰিলে৷ আঁঠুকাঢ়ি ক্ষমা খুজিবলগীয়া হ’ল মেনেজাৰে৷
তথ্য অনুসৰি বেংকটোৰ মেনেজাৰে কৰ্তব্যৰ সময়ত প্ৰায়ে বিশেষ কোঠাটোত প্ৰৱেশ কৰে৷ তেওঁ তাত কাকো সোমোৱাৰ অনুমতি নিদিয়ে৷ কিন্তু মেনেজাৰ ছাৰৰ সৈতে বিশেষ ৰূমটোত প্ৰৱেশ কৰিব পাৰে এগৰাকী নৱাগত কৰ্মচাৰীয়ে৷ অস্থায়ীভাৱে বেংকটোত নিযুক্তি লাভ কৰা সুন্দৰী যুৱতীগৰাকীয়ে লাজে লাজে তাত প্ৰৱেশ কৰে৷ মেনেজাৰক তেওঁ কোঠাত সোমাই দিব লাগে শৰীৰৰ সুখ৷ কেৱল সেয়াই নহয়, মেনেজাৰে বিচাৰিলে যুৱতীগৰাকীয়ে নৃত্যও কৰিব লাগে৷ তেওঁ সেই ৰূমটোত হৈ পৰে মেনেজাৰৰ দাসী৷ বেংকৰ মেনেজাৰে যুৱতীগৰাকীক চাকৰি দিব পাৰে, সেয়ে তেওঁ চাহাবে যি কয় সেইমতে কৰিবলৈ বাধ্য৷ সুন্দৰী যুৱতীগৰাকীক বেংকৰ কাম কৰিবলৈ মেনেজাৰে নিদিয়ে৷ চেম্বাৰতো নিজৰ কাষতে যুৱতীগৰাকীক তেওঁ বহি থাকিবলৈ দিয়ে৷ ফলত বেংকৰ আন কৰ্মচাৰীও অসন্তুষ্ট৷ তেওঁলোকেও নকৰা হৈছে কাম৷
সদায় বেংকত একেটা পৰিস্থিতিয়েই হোৱাত গ্ৰাহক অতিষ্ঠ হৈ পৰিল৷ তেওঁলোকে মেনেজাৰক এসেকা দিয়াৰ কথা ভাবি গোপন ৰূমটোত প্ৰৱেশ কৰিলে৷ এদল যুৱকে মেনেজাৰে যুৱতীৰ নৃত্য উপভোগ কৰি থকাৰ দৃশ্য ভিডিঅ’ কৰিলে৷ তাৰ পিছতক যুৱতী সহকৰ্মী আৰু মেনেজাৰক কোঠাৰ পৰা উলিয়াই নি ৰাইজে ৰামপিটন দিলে৷ তেতিয়া দুয়ো হাতজোৰ কৰি খুজিলে ক্ষমা৷ আজিৰ পৰা তেনে ভুল নকৰে বুলি মেনেজাৰ ছাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে৷ পিছে ক্ষমা খুজিলেও নাৰীপ্ৰেমী মেনেজাৰ ছাৰৰ নহ’ল শেষৰক্ষা৷
তেওঁৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত ঊৰ্ধ্বতন কৰ্তৃপক্ষই মেনেজাৰ ছাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে৷ কাৰণ দৰ্শোৱাৰ জাননী নিদিয়াকৈ তেওঁক অব্যাহতি দিয়া হ’ল৷ অস্থায়ীভাৱে চাকৰিত যোগ দিয়া সুন্দৰী যুৱতীয়েও হেৰুৱালে চাকৰি৷ তাৰ পিছতহে বেংকটোৰ পৰিস্থিতি স্বাভাৱিক হ’ল৷ লিলিমাই কৰি মেনেজাৰ ছাৰ হৈ পৰিল নিবনুৱা৷ তেওঁ এতিয়া বেংকৰ গোপন কক্ষত কোনো সুন্দৰীৰ নৃত্য উপভোগ কৰাৰ সুযোগ নাপায়৷ মহাপ্ৰতাপী মেনেজাৰ ছাৰে বেছিলৈ মুখ মেলি পাই থকা সুখৰ পৰা বঞ্চিত হ’ল৷



