শ্বপিং মলত মূৰ ঘূৰাই যোৱা ভিৰ

অসমীয়া মানুহৰ পইচা বহুত আছে
কিন্তু ভালকৈ খৰচ কৰিব অসমীয়া মানুহে নাজানে
এয়া চাওকচোন, এনেয়ে অসমীয়া মানুহে নাই নাইকৈ কান্দি থাকে৷ কিন্তু পূজাৰ পূৰ্বে বজাৰ কৰিবলৈ অসমীয়া মানুহৰ পইচাৰ অভাৱ হোৱা নাই৷ এই বিশেষ দৃশ্যটো অসমৰ এটা শ্বপিং মলৰ৷ তাত পূজাৰ আগতে গ্ৰাহক সোমাবলৈ ঠাই নোহোৱা হৈছে৷ মানুহবোৰক চাওকচোন, তেওঁলোকে পছন্দৰ সামগ্ৰী ক্ৰয় কৰি বিলিং কাউণ্টাৰৰ সন্মুখত পইচা দিবলৈ ৰৈ আছে৷ ইফালে একেবোৰ মানুহেই ১২৫০ টকাৰ কাৰণে কন্দা-কটা কৰিব পাৰে৷ তেওঁলোকে শ্বপিং মলত পছন্দৰ সামগ্ৰী ক্ৰয় কৰিবলৈ হাজাৰ হাজাৰ টকা খৰচ কৰাত সংকোচ নকৰে৷ এই দৃশ্য দেখিলে অসমৰ গ্ৰামাঞ্চলৰ লোকৰ হাতত পইচা নাই বুলি কোনেও বিশ্বাস নকৰিব৷ তাৰোপৰি শ্বপিং মলৰ দৃশ্যটো হৈছে অসমৰ বানে কোবাই যোৱা এলেকাৰ৷ কিছুদিন পূৰ্বে প্ৰলয় হোৱা ঠাইৰ জনতাই আকৌ পূজাৰ বাবে বজাৰ কৰিবলৈ হেতা-ওপৰা কৰিছে৷ দৰাচলতে এইবাৰ সকলো প্ৰতিষ্ঠানে অসমত ব্যৱসায় কৰাত সাৱধান হৈছিল৷ কাৰণ উজনিৰ ধনৱন্ত জনতাই পূজাত পইচা খৰচ নকৰে বুলি ভাবিছিল কোম্পানীবোৰে৷ কিছুদিন পূৰ্বে বানে সৰ্বস্ব কাঢ়ি নিয়া লোকসকলে শাৰদীয় বতৰত বজাৰ নকৰে বুলি ভবাটোৱেই ভুল হ’ল৷ বানে জোকাৰি পেলোৱাৰ পিছতো তেওঁলোকে হাতখুলি খৰচ কৰিলে৷ অসমীয়া মানুহে প্ৰলয়ৰ পিছতো বজাৰ কৰিবলৈ দলবান্ধি শ্বপিং মলত প্ৰৱেশ কৰিলেগৈ৷
শ্বপিং মলত পূজাৰ উপলক্ষত বেছিভাগ গ্ৰাহকে ঘৰুৱা সামগ্ৰী ক্ৰয় কৰা নাই৷ তেওঁলোকে কাপোৰ কিনাৰ বাবেহে মললৈ গৈছে৷ নতুন কাপোৰ পিন্ধি পূজা চোৱাৰ বাবে দৌৰি যোৱা লোকসকলৰ বেছিভাগেই যে অৰুণোদয়ৰ হিতাধিকাৰী সেয়া তেওঁলোকৰ মুখ দেখিলেই গম পোৱা যায়৷ চৰকাৰে মাহিলী দিয়া পইচা খৰচ কৰিবলৈ তেওঁলোক মলত সোমাইছেগৈ৷ অসমীয়া গ্ৰাহক হৈ পূজাৰ বতৰত কেৱল পইচা খৰচহে কৰিছে৷ কিন্তু অনা-অসমীয়াৰ বাবে পূজা হৈছে উপাৰ্জনৰ সুযোগ৷ আমি লাভ কৰা তথ্য অনুসৰি এই বিশেষ মলটোৱে পূজাৰ পূৰ্বে ৭ কোটি টকাৰ সামগ্ৰী আনিছিল৷ তেওঁলোকৰ সকলো সামগ্ৰী তিনিদিনৰ ভিতৰত গ্ৰাহকে চাফা কৰি দিলে৷ মেক্সীৰ পৰা কুৰ্তিলৈ সকলো সামগ্ৰী শেষ হোৱা বুলি জানিব পৰা গৈছে৷ পূজাৰ বতৰত অসমৰ নাৰীকুলে শ্বপিং মলৰ পৰা সৰ্বাধিক মাত্ৰাত কিনিছে নাইটী আৰু জিনছ৷
এই মলটোৱে অসমত বিক্ৰী কৰিবলৈ বিহাৰ আৰু কলকাতাৰ পৰা সামগ্ৰী আনে৷ তেওঁলোকৰ বেছিভাগ সামগ্ৰী কলকাতাৰ ফেক্টৰীৰ পৰা আহে৷ গতিকে অসমত যিমান বিক্ৰী বেছি হয় তাৰ লাভ কলকাতাৰ ব্যৱসায়ীয়ে লাভ কৰে৷ অসমীয়া গ্ৰাহকে পূজাৰ বজাৰ কৰাৰ ফলত লাভৱান হয় বাঙালী৷ এইবাৰ পূজাৰ বজাৰত হটপেণ্টৰ চাহিদা বৃদ্ধি হোৱা বুলি মলৰ কৰ্মচাৰীয়ে সদৰী কৰিছে৷ তাৰোপৰি আধুনিক যুৱতীয়ে বেছিকৈ ক্ৰয় কৰিছে স্পৰ্টছ ব্ৰা৷ জিম কৰাৰ বাবে সুবিধাজনক স্পৰ্টছ ব্ৰা বিচাৰিছে সুন্দৰী গ্ৰাহকে৷
বাঙালী ডিজাইনৰ চুৰিদাৰৰ চাহিদাও পূৰ্বতকৈ বৃদ্ধি হৈছে৷ অসমৰ যুৱতীয়ে আগৰ দৰে চাদৰ-মেখেলা পিন্ধি পূজা চাবলৈ নোযোৱা হৈছে৷ তাৰ সলনি তেওঁলোকে পিন্ধিবলৈ মনস্থ কৰিছে বাঙালী ডিজাইন৷ চাহিদাৰ বাবে সেইবোৰো অনা হৈছে৷ শ্বপিং মলত দাম কম বুলি ভাবি ভিৰ কৰিছে গ্ৰামাঞ্চলৰ নাৰীকুলে৷