শুভমে কান্দিলেও একো লাভ নহয়

ঘৈনিয়েকৰ কাৰণে কি কৰা নাছিল শুভম যাদৱে
নিজে নপঢ়িলে যদিও মাটি বেচি ঘৈনিয়েকক পঢ়াইছিল
দিন হাজিৰা কৰা বিহাৰৰ শুভম যাদৱে৷ তেওঁৰ ঘৰ কাটিহাৰত৷ মজদুৰী কৰে যদিও শুভমৰ চেহেৰা সুদৰ্শন৷ চিনেমাৰ নায়কৰ তুলনাতো বেছিহে ধুনীয়া শুভম৷ তেওঁৰ প্ৰেমত উন্মাদ হৈ পৰিছিল কাটিহাৰৰে এগৰাকী যুৱতী৷ শুভমে একো নাভাবি প্ৰেমিকাক পলুৱাই নিলে৷ তাৰ বাবে শুভমৰ ঘৰতো কোনো সমস্যা হোৱা নাছিল৷ শুভমৰ মাকে মৰম কৰিছিল বোৱাৰীয়েকক৷ আনহাতে পলাই যোৱাৰ সময়তো কলেজত পঢ়ি আছিল শুভমৰ পত্নীয়ে৷ সেয়ে দিন হাজিৰা কৰা শুভমে পঢ়িবলৈ সুবিধা কৰি দিছিল মৰমৰ ঘৈনিয়েকক৷ নিজে নাখায়ো ভাল বস্তু খুৱাইছিল৷ সদায় কলেজলৈ অহা-যোৱা কৰাৰ বাবে গাড়ী বন্দৱস্ত কৰি দিছিল৷ মুঠতে শুভমে ঘৈনিয়েকক ৰাণীৰ দৰে ৰাখিছিল৷ দৰিদ্ৰৰ ঘৰত থাকিলেও শুভমৰ পত্নীয়ে কোনো অসুবিধা পোৱা নাছিল৷ পইচা ধাৰে লৈ হ’লেও পত্নীৰ প্ৰয়োজনীয় সামগ্ৰী শুভমে ক্ৰয় কৰিছিল৷ ইমান যত্নৰ বাবে শুভমৰ পত্নীয়ে পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিলে৷ ভালকৈ পাছ কৰিলে স্নাতক পৰীক্ষা৷
শুভম পত্নীৰ কৃতিত্বত উৎফুল্লিত হৈ পৰিল৷ পঢ়ি-শুনি ভাল চাকৰি কৰি পত্নীয়ে ঘৰখন দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব বুলি ভাবিলে শুভমে৷ তেওঁ সেয়ে পত্নীক আকৌ পঢ়ালে৷ তাৰ মাজতে বিহাৰত অনুষ্ঠিত হৈছিল পুলিচৰ চাকৰিৰ বাবে ইণ্টাৰভিউ৷ সেয়ে সাক্ষাৎকাৰত শুভমৰ পত্নী অৱৰ্তীণ হ’ল৷ তেওঁ মৌখিক পৰীক্ষাত পাছ কৰিলে৷ শুভমৰ পত্নীয়ে শাৰিৰীক পৰীক্ষাতো সফলতা অৰ্জন কৰিলে৷ একেবাৰতে তেওঁ পুলিচত চাকৰি লাভ কৰিলে৷ শুভমৰ কষ্ট সফল হ’ল৷ তেজ পানী কৰি তেওঁ পত্নীক যিমান সুবিধা দিলে তাৰ বাবে ঘৰখনে পালে ভাল খবৰটো৷ ইয়াৰ পিছত চৰকাৰী নিয়ম অনুসৰি শুভমৰ পত্নী ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হ’ল৷ মহিলাগৰাকীয়ে দূৰত থাকি পুলিচৰ ট্ৰেইনিং কৰিলে৷ তেতিয়া সদায় তেওঁৰ সৈতে শুভমৰ কথা-বতৰা চলি আছিল৷ সন্ধ্যা ফোন কৰি শুভমক দিনটোৰ বিষয়ে জনাইছিল পত্নীয়ে৷
ট্ৰেইনিঙৰ অন্তত শুভমৰ পত্নী দূৰৰ থানাত নিয়োজিত হ’ল৷ প্ৰথমেই SI হিচাপে নিযুক্তি লাভ কৰা পত্নীয়ে শুভমলৈ পঠিয়ালে পইচা৷ প্ৰতিমাহে তেওঁ স্বামীৰ একাউণ্টত পইচা ভৰাই দিয়া হ’ল৷ মাজে মাজে পত্নীৰ কোৱাৰ্টাৰত গৈ থকা হ’ল শুভম৷ এইদৰে তিনিমাহ দুয়ো ভালকৈ থাকিল৷ কিন্তু পিছলৈ শুভমক পত্নীয়ে পাত্তা নিদিয়া হ’ল৷ কোৱাৰ্টাৰত নিষিদ্ধ কৰিলে শুভমৰ প্ৰৱেশ৷ তাৰ পিছত ফোন নকৰা হ’ল৷ শুভমে ফোন কৰিলে বিজি থকা বুলি কৈ কাটি দিয়া হ’ল৷ লাহে লাহে পত্নীয়ে নিজৰ জীৱনৰ পৰা শুভমক খেদি দিলে৷ হাজিৰা কৰা শ্ৰমিক শুভমে একো নুবুজিলে৷ তেওঁ আকৌ পত্নীৰ কাষ চপাৰ আপ্ৰাণ চেষ্টা কৰিলে৷
কিন্তু তেতিয়ালৈ শুভমৰ পত্নী শুভমৰ হৈ থকা নাছিল৷ মহিলাগৰাকীৰ চকুত লাগিছিল ৰংচঙীয়া জীৱন৷ ইমানদিনে দৰিদ্ৰৰ ঘৰত ৰাণী হৈ থাকিলেও তেওঁ আৰামদায়ক জীৱনৰ প্ৰতি আকৰ্ষিত হৈ পৰিল৷ চাকৰি পাই শুভমৰ পত্নীয়ে আদালতত ডিভ’ৰ্চৰ আবেদন দাখিল কৰিলে৷ স্বামীয়ে অত্যাচাৰ কৰে বুলি অভিযোগ উত্থাপন কৰি বিচ্ছেদ বিচাৰিলে মহিলাগৰাকীয়ে৷ এই আবেদন পাই হতভম্ব হৈ পৰিলেও সকলো বুজি পালে শুভমে৷ তেওঁ পত্নীক জোৰ কৰি ৰাখিব নিবিচাৰিলে৷ পত্নীক ঘূৰাই পোৱাৰ আশা ত্যাগ কৰিলে শুভমে৷