প্ৰথমে জীয়েকৰ সৈতে প্ৰেমক কৰিছিল চাকৰিয়াল যুৱকজনে
পিছে ছোৱালী খুজিবলৈ গৈ গাভৰু শাহুৱেকক দেখি তেওঁ হতবাক হ’ল
সেয়ে মাক-জীয়েকক একেলগে বিয়া পাতিলে যুৱকজনে৷ ঘটনাটো শুনি আপুনি আচৰিত হ’ব পাৰে, কিন্তু এজন দৰাই মাতৃ-কন্যাক বিয়া পতাতো সত্য৷ বিহাৰতে সংঘটিত হৈছে এজন পুৰুষৰ সৈতে মাক আৰু জীয়েক উভয়েই সংসাৰ তৰাৰ ঘটনা৷ অৱশ্যে যুৱকজনে প্ৰেমিকাৰ মাকক বিয়া পতাৰ কথা ভবা নাছিল৷ কিন্তু তেওঁ পাকচক্ৰত সোমাই পৰিল৷ তেওঁক বিয়া নাপাতিলে জীয়েককো যুৱকজনলৈ নিদিয়ে বুলি শাহুৱেকে চৰ্ত আৰোপ কৰিলে৷ ফলত প্ৰেয়সীক আপোন কৰি লোৱাৰ স্বাৰ্থত যুৱকজনে বয়সস্থ মহিলাগৰাকীক বিয়া পাতিবলগা হ’ল৷ তেওঁ বন্ধুৰ বিবাহত প্ৰেয়সীক প্ৰথমে লগ পাইছিল৷ চিনাকি হোৱাৰ পিছত এতিয়াৰ প্ৰেয়সীত তেওঁ প্ৰেম নিবেদন কৰিছিল৷ যুৱতীগৰাকীয়ে হা কোৱাত আগবাঢ়িছিল প্ৰেমৰ সম্পৰ্ক৷ দুবছৰে ডেট কৰাৰ পিছত বিয়াৰ ইচ্ছাৰে যুৱতীগৰাকীৰ ঘৰত উপস্থিত হ’ল যুৱকজন৷ তেওঁ ভাবী শাহুৱেকক জীয়েকৰ সৈতে বিয়াৰ ইচ্ছাৰ বিষয়ে জনালে৷ শাহুৱেকেও বিয়াত সন্মতি প্ৰদান কৰিলে৷
তেতিয়াৰ পৰা স্বাভাৱিকতে ঘৰখনলৈ যুৱকজনৰ আহ-যাহ বাঢ়িল৷ বিয়া ঠিক হ’ল যেতিয়া তেওঁ একো চিন্তা নকৰা হ’ল৷ যুৱকজনে প্ৰেমিকাৰ ঘৰতো নিশা থাকিবলৈ ধৰিলে৷ তেওঁলোকৰ সংসাৰ তেতিয়ালৈ আৰম্ভ হৈছিল৷ কিছুদিন পিছতে হোৱাৰ কথা আছিল সামাজিক বিবাহ৷ কিন্তু এদিন প্ৰেয়সী নাথাকোতে বিধৱা শাহুৱেকে যুৱকজনক বিমোৰত পেলালে৷ দোভাগ নিশা মহিলাগৰাকীয়ে ভাবি জোঁৱাইক দুখৰ বৰ্ণনা কৰিলে৷ পাটগাভৰুতে বিধৱা হোৱাৰ পিছত তেওঁ যে এতিয়ালৈ শাৰিৰীক সুখৰ পৰা বঞ্চিত সেয়া ব্যাখ্যা কৰিলে শাহুৱেকে৷ তেওঁৰ দুখৰ কাহিনী শুনি ভাবী জোঁৱাই আৱেগিক হৈ পৰিল৷ শাহুৱেকক সুখী কৰাৰ দায়িত্ব গ্ৰহণ কৰিলে জোঁৱায়েকে৷ সেইনিশা ঘৰত কোনো নাথাকোতে দুয়ো ৰচনা কৰিলে প্ৰেমৰ মহাকাব্য৷ শাহু-জোঁৱাই আদিম বাসনাত মত্ত হৈ পৰিল৷ সেইনিশাৰ কামনাৰ ফলত শাহুৱেকে গৰ্ভধাৰণ কৰিলে৷ ফলত শাহুৱেকৰে সম্পৰ্ক ছেদ কৰিব নোৱাৰা হ’ল যুৱকজন৷ তেওঁ শাহুৱেকৰে সম্পৰ্ক স্বীকাৰ কৰিলে৷
প্ৰথমে ভাবী স্বামীৰ এই অপকৰ্মৰ বিষয়ে জানিব পাৰি প্ৰেমিকা ক্ষুণ্ণ হৈ পৰিছিল৷ অৱশ্যে জীয়েকক বুজাই বঢ়াই মাকে শান্ত কৰিলে৷ তেওঁহে যে জোঁৱায়েকৰ কাষলৈ সুখ বিচাৰি গৈছিল সেয়া মাকে জীয়েকক বুজাই দিলে৷ এই কথাবোৰ শুনি শান্ত হ’ল যুৱতীগৰাকী৷ তেওঁ প্ৰেমিকৰ সৈতে বিয়াৰ মনস্থ কৰিলে৷ কিন্তু তেতিয়া ঠেঁহ ধৰিলে বৃদ্ধা শাহুৱেকে৷ জোঁৱায়েকক তেওঁ বিশেষ চৰ্ত বান্ধি দিলে৷ তেওঁক বিয়া পাতিলেহে জীয়েকক নিবলৈ দিব বুলি ঠেঁহ পাতিলে মহিলাগৰাকীয়ে৷ উপায়ন্তৰ যুৱকজনে একো ভাবি পাৰ নোপোৱা হ’ল৷ তেওঁ ভাবী পত্নীক কি কৰোঁ বুলি সুধিলে৷ তেতিয়া যুৱতীগৰাকীয়ে মাককো বিয়া পতাত দিলে সন্মতি৷ সেয়ে যুৱকজনে মাক-জীয়েক দুয়োকে পত্নীৰ মৰ্যাদা দি বিয়া কৰিলে৷ এতিয়া চলি আছে সংসাৰ৷
যুৱকজনৰ ঔৰসত শাহুৱেক ইতিমধ্যে গৰ্ভৱতী হৈছে৷ তেওঁৰ কনিষ্ঠ পত্নী অৰ্থাৎ পূৰ্বৰ প্ৰেয়সীয়ে এইপৰ্যন্ত গৰ্ভধাৰণ কৰা নাই৷ যুৱকজনে পত্নী কৰি লোৱা শাহুৱেককো সমানে মৰম কৰে৷ বিগত কালত স্বামীৰ মৰম নোপোৱা মহিলাগৰাকীক তেওঁ তৃপ্ত কৰিছে৷ কন্যাৰ সতিনী হৈ মাতৃয়ে জন্ম দিব ওলাইছে সন্তান৷



