লাঠী লৈ বিজেপি নেতাৰ অপেক্ষা

জেন জিক পিটিবলৈ হাতত লাঠী লৈ সাজু আছে বিজেপি নেতা
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে যিয়েই আন্দোলন কৰে, তেৱেঁই মাৰ খাব৷ এই ঘোষণাটো কোনো গুণ্ডাৰ নহয়৷ বিজেপি নেতায়েই আন্দোলনকাৰী জেন জিক প্ৰহাৰ কৰিবলৈ প্ৰস্তুত হৈ আছে৷ গুণ্ডাৰ দৰে গেৰুৱা বসনধাৰী বিজেপি নেতাই ৰাজপথত আন্দোলনকাৰীৰ বাবে কৰি আছে অপেক্ষা৷ পুলিচে নোৱাৰিলে তেওঁলোকে প্ৰতিবাদীক প্ৰহাৰ কৰিব বুলি ঘোষণা কৰিছে৷ যন্তৰ মন্তৰৰ সমীপত হাতত লাঠী লৈ ৰৈ থকা বিজেপি নেতাজন হৈছে পিংকী চৌধুৰী৷ তেওঁ শতাধিক সহযোগীৰ সৈতে অপেক্ষা কৰি আছে৷ সন্মুখত দেখিলেই যিকোনো প্ৰতিবাদীকে প্ৰহাৰ কৰিব বুলি মুকলিকৈ ঘোষণা কৰিছে এই পিংকী চৌধুৰীয়ে৷
গেৰুৱা গলবস্ত্ৰ পৰিধান কৰা পিংকী চৌধুৰী আগতে আছিল হিন্দু ঐক্য সেনাৰ সভাপতি৷ তেওঁৰ নেতৃত্বত এই সংগঠনটো উত্তৰ প্ৰদেশত দুৰ্দান্ত হৈ পৰিছিল৷ ধৰ্মীয় মেৰুকৰণৰ সূচনা কৰিবলৈ পিংকী চৌধুৰীক ব্যৱহাৰ কৰিছিল যোগী আদিত্যনাথে৷ তেওঁৰ নেতৃত্বতে গৰু বেপাৰ কৰা মুছলমানক ৰাস্তাতে প্ৰহাৰ কৰা হৈছিল৷ বিনামূলীয়া খাদ্য যোগান শিবিৰত মুছলমানক খাবলৈয়ো দিয়া নাছিল পিংকীয়ে৷ ইমান নিষ্ঠুৰ নেতাজনক কিছুদিন পূৰ্বে যোগী আদিত্যনাথে বিজেপিত আদৰণি জনালে৷ তাৰ পিছৰ পৰা অধিক দুৰ্দান্ত হৈ পৰিল পিংকী৷ উত্তৰ প্ৰদেশত মুছলমানৰ বিৰুদ্ধে বিষবাষ্প বিয়পাবলৈ পিংকীয়ে তাণ্ডৱ আৰম্ভ কৰিলে৷
এই পিংকী চৌধুৰী বৰ্তমান যোগী আদিত্যনাথৰ ট্ৰাম্পকাৰ্ড৷ পিংকীৰ জৰিয়তে যোগীয়ে মুছলমানক অত্যাচাৰ চলাই হিন্দু ভোটাৰক আকৰ্ষণৰ আপ্ৰাণ চেষ্টা কৰিছে৷ জেন জিৰ আন্দোলনতো যোগীয়ে ব্যৱহাৰ কৰিছে পিংকীক৷ এচাম হিন্দুৰ মাজত জনপ্ৰিয় পিংকীয়ে জেন জি প্ৰতিবাদীক ৰামপিটন দিব বুলি দিছে হুংকাৰ৷ উত্তৰ প্ৰদেশৰ শতাধিক বিজেপি কৰ্মীক লগত লৈ পিংকী বৰ্তমান দিল্লীত উপস্থিত হৈছে৷ তেওঁলোকৰ হাতত আছে ধাৰাল অস্ত্ৰ৷ মুকলিকৈ অস্ত্ৰ প্ৰদৰ্শন কৰি যিকোনো প্ৰতিবাদীক আক্ৰমণ কৰিব বুলি পিংকীয়ে ভাবুকি দিছে৷ ইমান খোলাখুলিকৈ হিংসাৰ কথা কোৱাৰ পিছতো পিংকী মুক্ত হৈ আছে৷
পিংকী চৌধুৰী নামৰ ঘৃণাৰ বেপাৰীটোৱে দিল্লীৰ বিভিন্ন স্থানত এজেণ্ট নিয়োগ কৰিছে৷ সেইসকলে জেন জি প্ৰতিবাদীক দেখিলেই পিংকী চৌধুৰীক খবৰ দিব৷ লগে লগে সহযোগীৰ সৈতে তাত উপস্থিত হৈ প্ৰতিবাদীৰ ওপৰত জঁপিয়াই পৰিব পিংকী৷ এই ঘটনাটো দিল্লীৰ সাম্প্ৰতিক পৰিৱেশত তাৎপৰ্যপূৰ্ণ৷ কাৰণ পিংকী চৌধুৰীৰ প্ৰতিবাদীৰ বিৰুদ্ধে আক্ৰমণৰ কোনো অধিকাৰ নাই৷ একমাত্ৰ হিন্দুত্ববাদী হোৱাৰ বাবে তেওঁক আৰক্ষীয়ে সুৰক্ষা দিছে৷ কিন্তু আক্ৰমণৰ সময়ত হিতে বিপৰীত হ’লে দিল্লীৰ পৰিৱেশ ৰক্তাক্ত হোৱাৰ আশংকা অধিক৷ সেয়ে পিংকী চৌধুৰী জেন জি প্ৰতিবাদৰ সময়ত ভাবুকিৰ কাৰণ হৈ পৰিছে৷
এই পিংকী চৌধুৰীক উত্তৰ প্ৰদেশৰ সমাগত নিৰ্বাচনতো যোগী আদিত্যনাথে প্ৰাৰ্থিত্ব প্ৰদান কৰিব৷ সেইবাবে তেওঁক বৰপীৰা পাৰি দললৈ আদৰণি জনাইছে৷ উত্তৰ প্ৰদেশত হিন্দু ভোট একত্ৰিত কৰাত পিংকী চৌধুৰী যোগীৰ সহযোগী৷ পিংকীয়ে যিমানে সাম্প্ৰদায়িক কথা ক’ব সিমানে লাভৱান হ’ব বিজেপি৷ নিৰ্বাচনৰ আগলৈকে পিংকীক যোগীয়ে সেয়ে নিয়ন্ত্ৰণ নকৰে৷ এইজন নেতা বিধায়ক হ’লে জ্বলি উঠিব উত্তৰ প্ৰদেশ৷ পিংকী চৌধুৰীৰ দৰে উগ্ৰ হিন্দুত্ববাদীয়ে যিকোনো সময়তে দেশৰ মুছলমান নিধন কৰাৰো আছে আশংকা৷