লগে লগে নোহোৱা হ’ল জোঁৱাই

মাতৃৰ বিৰুদ্ধে জীয়ৰীৰ থানাত গোচৰ
মাকক ধৰি জে’লত ভৰাই থ’বলৈ কন্যাৰ আহ্বান
মাকৰ বিৰুদ্ধে জীয়েকে কে’ছ দিয়াটো কোনেও পূৰ্বে শুনা নাছিল৷ কিন্তু মাতৃয়ে যি কাণ্ড কৰিলে তাৰ বাবে জীয়েকৰ আন উপায় নাই৷ তেওঁ সংসাৰখন ৰক্ষা কৰিবলৈ নিজ মাকক ৰঙাঘৰত ভৰোৱাৰ আহ্বান জনাইছে৷ পুলিচেও কে’ছৰ বাবে বাবে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীৰ মাতৃক৷ কিন্তু অনুসন্ধান কৰিবলৈ গৈ আৰক্ষীয়ে মূৰে-কঁপালে হাত দিবলগীয়া অৱস্থা হৈছে৷ কাৰণ মহিলাগৰাকীৰ নিজৰ জীয়েকৰ প্ৰতি অকণো মৰম নাই৷ তেওঁ জীয়েকৰ সংসাৰখনেই থানবান কৰি পেলালে৷ বৃদ্ধ বয়সত মহিলাগৰাকী জোঁৱায়েকৰ সৈতে পলাই গ’ল৷ স্বামী বৃদ্ধ হোৱা বাবে জোঁৱায়েকে শাৰিৰীক সুখ দিব পাৰিছে বুলি লাজ নকৰাকৈ মহিলাগৰাকীয়ে দাবী কৰিলে৷ এইটো ঘটনা উত্তৰ প্ৰদেশত সংঘটিত হ’ল৷ মঈনপুৰী এলেকাত শাহুৱেকে জোঁৱায়েকৰ সৈতে সংসাৰ কৰি অভিলেখেই ৰচনা কৰিলে৷ সাংঘাতিক কথাটো হ’ল যে ধৰা পৰাৰ পিছতো মহিলাগৰাকীয়ে জোঁৱায়েকক এৰিবলৈ অস্বীকাৰ কৰিলে৷ তেওঁ আনকি জীয়েকৰ কথা এবাৰো চিন্তা নকৰিলে৷ জোঁৱায়েকক থানাত সাবটি একেলগে জে’লত সোমাবলৈহে ইচ্ছা কৰিলে শাহুৱে৷
শুনি আচৰিত যেন লাগিলেও এইটো সত্য ঘটনা৷ তথ্য অনুসৰি ছমাহ পূৰ্বে যুৱকজনে বিয়া পাতিছিল৷ তেওঁৰ শহুৰৰ ঘৰখন আছিল তেনেই দুখীয়া৷ তথাপি যুৱকজনে মনেমিলা যুৱতীৰ সৈতে সংসাৰৰ পাতনি মেলিছিল৷ কিন্তু বিয়াৰ পিছত আঠমঙলা খাবলৈ গৈ তেওঁ পৰিস্থিতি অলপ বেলেগ দেখিলে৷ যুৱকজনৰ সৈতে শাহুৱেকে বেলেগধৰণেৰে ব্যৱহাৰ কৰিলে৷ গাভৰু ছোৱালীৰ দৰে শাহুৱেকে জোঁৱাই ৰূমলৈ মাতিলে৷ বুঢ়াকালতো মহিলাগৰাকীয়ে জোঁৱায়েকক দেখুৱালে শৰীৰ৷ কিন্তু তেতিয়া যুৱকজনে একো ভবা নাছিল৷
তেওঁ ঘৰলৈ গৈ শাহুৱেকলৈ ফোন লগালে৷ কথা পাতি ভাল লগাত শাহুৱেকৰ সৈতে কেবাদিনো ফোনত যোগাযোগ কৰিলে জোঁৱায়েকে৷ কথা পাতি পাতি জোঁৱাই-শাহু প্ৰেমত মতলীয়া হৈ পৰিল৷ দুয়ো গোপনে পলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ জোঁৱায়েকে শাহুৱেকক দিলে ঘৰৰ বাহিৰত ৰৈ থকাৰ প্ৰস্তাৱ৷ সেই অনুসৰি শাহুৱেকে গধূলি জোঁৱায়েকৰ বাইকত উঠি ফৰিং ছিটিকা দিলে৷ মহিলাগৰাকী সন্ধানহীন হোৱাত থানালৈ গ’ল পৰিয়ালৰ লোক৷ কিন্তু পুলিচে তদন্ত কৰাত ফাদিল হ’ল শাহু-জোঁৱাইৰ প্ৰেমক উপাখ্যান৷
এই ঘটনাটো ফাদিল হোৱাৰ পিছত মহিলাগৰাকীৰ কন্যাই মাকৰ বিৰুদ্ধে গোচৰ তৰিলে৷ পিছে কে’ছ লাগিলেও জোঁৱায়েকক এৰিবলৈ সন্মত হোৱা নাই মহিলাগৰাকী৷ তেওঁ জীয়েকৰ সংসাৰখন শেষ কৰি পেলালে৷ কিন্তু প্ৰেমৰ বাবে জোঁৱায়েকক তেওঁ এৰি দিব নোৱাৰে৷ জে’লত সোমালেও মহিলাগৰাকীৰ মনত নাই অনুশোচনা৷ তেওঁ জোঁৱায়েকৰ সৈতে প্ৰেম কৰি সুখী বুলি দাবী কৰিছে৷ একেদৰে যুৱকজনকো পত্নীৰ প্ৰয়োজন নাই৷ কাৰণ শাহুৱেকে তেওঁৰ সকলো প্ৰয়োজন পূৰণ কৰিছে৷ গাভৰু পত্নীকতকৈ শাহুৱেক বেছিহে মৰমীয়াল বুলি আৰক্ষীৰ জেৰাত দাবী কৰিছে যুৱকজনে৷ পৰিয়ালৰ কন্দল মীমাংসা কৰিবলৈ চেষ্টা কৰি পুলিচো বিমোৰত পৰিছে৷ কাৰণ জোঁৱায়েকে শাহুৱেক অবিহনে থাকিব নোৱাৰে৷ জীয়েকে কান্দিলেও মাকে এৰিব নোৱাৰে জোঁৱাইক৷ গতিকে আপোনালোকে নিজেই মিলাই লওক বুলি ফালৰি কাটিছে আৰক্ষীয়ে৷