যোৰহাটৰ বাঘমৰাত কঁহুৱাৰ মাজত মিলন

ইক’ টুৰিজিমৰ নামত কি চলিছে
যোৰহাটৰ বাঘমৰাৰ পৰ্যটনস্থলী নে অঘোষিত বেশ্যালয়
একমাত্ৰ আৰক্ষীৰ দুৰ্বলতাৰ বাবেই দূষিত হৈছে গ্ৰামাঞ্চলৰ পৰিৱেশ৷ বাঘমৰা নামৰ অঞ্চলত বিগত সময়ত বহু দুৰ্ভাগ্যজনক ঘটনা ঘটিছে৷ তাৰ পাছতো বেপাৰীয়ে লক্ষ্য কৰি লৈছে যুৱক-যুৱতীক। পুৱাৰে পৰা মাজনিশালৈকে ব্ৰহ্মপুত্ৰৰ কহুৱাৰে ভৰা চাপৰিত যোৰে যোৰে প্ৰেমিক-প্ৰেমিকাক নাৱেৰে পাৰ কৰি নিৰ্জনত মনৰ আৱেগ ঢালি দিনটো কটাব পৰাকৈ সুৰক্ষা দিয়া হৈছে৷ এজন গ্ৰাহকৰ পৰা ৩৫০ টকাকৈ লৈ দিনটোৰ বাবে নিৰ্জন চাপৰিত এৰি দিয়া হয়। তাত কোনো লাইফ জেকেট, উদ্ধাৰকাৰী নাও, আৰক্ষীৰ পহৰা বা প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা নাই। বিগত সময়ত ব্ৰহ্মপুত্ৰত নাও ডুবি যোৱাৰ ঘটনাই ইয়াৰ বিপদ কিমান সেইটো প্ৰমাণ কৰিছে। তথাপি বাঘমৰাত ইক’ টুৰিজিমৰ নামত চলি আছে বেপাৰ৷
কথা হ’ল যে টুলুঙা নাৱেৰে আন্ধাৰত নদী পাৰ কৰাটো কিমান সুৰক্ষিত? এতিয়া নগৰৰ মাজৰ হোমষ্টে’ত যুৱক-যুৱতী থাকিলে আৰক্ষীয়ে চিঞৰ-বাখৰ কৰে, কিন্তু বাঘমৰাত বিপৰীত ছবিহে দেখা গৈছে৷ জোনাক নিশা কঁহুৱা বনৰ মাজত যুৱক-যুৱতীক সোমাই থাকিবলৈ দিয়া হৈছে সুবিধা৷ এজন বিশেষ বেপাৰীয়ে স্থানীয় আৰক্ষীক মেনেজ কৰি বেপাৰ কৰি থকা বুলি স্থানীয় লোকে দাবী কৰিছে৷ আনকি দুজনমান সাংবাদিকেও তেওঁক সুৰক্ষা দিয়াৰ দায়িত্ব লৈছে৷ নাম প্ৰকাশত অনিচ্ছুক এজন লোকে ২ অক্টোবৰত ভতিজাকক ফুৰাবলৈ যাওঁতে কহুৱানিৰ মাজত কামলীলাত মত্ত হৈ আছিল প্ৰেমাস্পদ৷ সেই দৃশ্য তেওঁ কেমেৰাত আবদ্ধ কৰিলে৷ আমাৰ হাতত আছে বাঘমৰাৰ কঁহুৱা বনৰ মাজত চলি থকা ব্যভিচাৰৰ ফুটেজ৷ তেওঁ সেই দৃশ্য দেখি হতভম্ব হৈ তাৰ পৰা কাৰ্যত: পলায়ন কৰিলে৷ অভিভাৱক সচেতন নহ’লেও যৌৱনক আশ্ৰয় দি ব্যৱসায় কৰাসকলৰ বাবে বাঘমৰা হৈছে লাভ উপাৰ্জনৰ স্থান৷
তথ্য অনুসৰি প্ৰতি দেওবাৰে ১০০-১৫০ জন লোক কহুৱা চাপৰিলৈ যায় বুলি জানিব পৰা গৈছে। দৈনিক লাখ লাখ টকাৰ এই বেহাৰ পৰা জিলা প্ৰশাসনে একো ৰাজহ নাপায়৷ যিমান মানুহৰ ভিৰ হয় সেয়া চম্ভালাটো অসম্ভৱ হৈ পৰে৷ তাত বহুতে খাই নিচাযুক্ত পদাৰ্থ৷ বাঘমৰাত ড্ৰাগছৰো বেহা চলে বুলি স্থানীয় লোকে অভিযোগ কৰিছে৷ কিন্তু এইবোৰ চাবলৈ যোৰহাটৰ প্ৰশাসনৰ সময় নাই৷ বাঘমৰাৰ মালিকেই পুলিচক মেনেজ কৰি আছে৷ সেয়ে তাত কাহানিও যোৰহাট আৰক্ষীয়ে তালাচী নচলাই বুলি আমি তথ্য লাভ কৰিছোঁ৷ খবৰ অনুসৰি বাঘমৰাৰ চূড়ান্ত ব্যভিচাৰৰ সৈতে জড়িত আছে যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক৷ তেওঁলোককো বাঘমৰা ইক’ টুৰিজিমৰ ধনৱন্ত মালিকে মাহিলী ধন প্ৰদান কৰি আহিছে৷
সেয়ে সাংবাদিক-সমাজকৰ্মী সকলোৱে দেখিও নেদেখাৰ ভাও জুৰি আছে৷ তেওঁলোকে বাঘমৰাত কি হৈছে একোৱেই যেন দেখা নাই তেনেকুৱা ভাও ধৰিছে৷ কিন্তু আচলতে যোৰহাটৰ এই পৰ্যটনস্থলীত ব্যভিচাৰ চলি আছে৷ কঁহুৱা বনৰ মাজত ওলাইছে ব্যৱহৃত কনড’ম৷ তাত পৰি আছে বিয়েৰৰ বটল৷ নাম প্ৰকাশত অনিচ্ছুক এজন পৰ্যটকে প্ৰকাশ কৰা অনুসৰি বাঘমৰাত চৰাদামত বিয়েৰ বিক্ৰী কৰা হয়৷ বিচাৰিব জানিলে তাত মদো পোৱা যায়৷ অৰ্থাৎ বাঘমৰাত বেশ্যালয়ৰ সমানে ৱাইন শ্বপো চলি আছে৷ সকলো দেখিও নাই দেখা পুলিচে৷ একেদৰে জ্যেষ্ঠ সাংবাদিকেও পৰ্যটনৰ নামত চলাবলৈ দিছে বেশ্যালয়৷