হাজাৰ হ’লেও দেউতাকৰ মৰম জীয়েকে পাহৰিব নোৱাৰে
ছোৱালীজনীৰ দেউতাকে একো কাম নকৰে৷ তথাপি তেওঁ ঘৰখন চলাই আছে৷ দিনত কোনো কাম নকৰিলেও প্ৰায়ে ছোৱালীজনীৰ পিতৃয়ে কৰে নাইট ডিউটী৷ ৰাতিফুৰা ভকতৰ কাম কৰি অৰ্থাৎ চোৰৰ চাকৰি কৰি তেওঁ জীয়েকৰ অভাৱ পূৰণ কৰিছে৷ কিন্তু গভাইত চোৰ হ’লেও মানুহজনে কেতিয়াবা ভুল কৰি পেলায়৷ তেনেকুৱা ভুলৰ বাবে আজি তেওঁ ধৰা পৰিল৷ এঘৰ চহকী লোকৰ আলমিৰাৰ তলা ভাঙি থাকোতেই বেচেৰা চোৰক গৃহস্থই ধৰা পেলালে৷ পুলিচক খবৰ দিয়াৰ আগতে চোৰটোক গৃহস্থই ৰাতিয়েই লাইটৰ প’ষ্টত বান্ধি থৈ দিলে৷ পোহৰ হোৱাৰ পিছত চোৰটোক ৰাইজে পাব্লিক ধূলাই দিবলৈ ধৰিলে৷
মাৰকিল খাই চোৰটো ক্ৰমে অৱশ হৈ পৰিল৷ তাৰোপৰি চোৰ বেচেৰাৰ লাগিবলৈ ধৰিছিল ভোক৷ নিশাই কিবা এটা খাই অপাৰেশ্যন কৰিবলৈ ওলাই যোৱা লোকজনৰ পেটে মাতিবলৈ ধৰিলে৷ ভোকত থাকিব নোৱাৰা হোৱা চোৰে কাওবাও কৰিবলৈ ধৰিলে৷ তেতিয়ালৈকে চোৰৰ জীয়েকেও পাইছিল দেউতাকক বান্ধি থোৱাৰ খবৰটো৷ গতিকে ছোৱালীজনীয়ে আৰু দেৰী নকৰিলে৷ টিফিনত খাদ্য লৈ তেওঁ দেউতাকৰ কাষত উপস্থিত হ’ল৷ অৱশ্যে শিক্ষিত ছোৱালীজনীয়ে চুৰি কৰি ধৰা পৰা পিতৃক মুক্তি দিবলৈ কাকো নক’লে৷
তাৰ বিপৰীতে তেওঁ ৰাইজৰ পৰা দেউতাকক খাদ্য খুৱাবলৈহে অনুমতি বিচাৰিলে৷ উপস্থিত লোকে চোৰক খাদ্য খুৱাবলৈ জীয়েকক অনুমতি দিলে৷ দুহাত বান্ধি থোৱা চোৰ দেউতাকক খাদ্য খুৱাই দিলে জীয়েকে৷ পেটৰ ভোকত থাকিব নোৱাৰা হোৱা লোকজনে জীয়েকৰ হাতৰ পৰা ৰুটি খালে৷ লাইটৰ প’ষ্টত বান্ধি থোৱা অৱস্থাতে তেওঁ কিবা এটা খাই কোনোমতে শক্তি পালে৷ দেউতাকক খাদ্য খুৱাই তাৰ পৰা মনে মনে গুচি গ’ল চোৰৰ জীয়েক৷ তেওঁ বিচাৰৰ দায়িত্ব ৰাইজকে দি নীৰৱে ঘৰলৈ প্ৰস্থান কৰিলে৷
এই দৃশ্য দেখি অন্তৰ গলি গ’ল চোৰক ধৰা পেলোৱা ৰাইজৰ৷ তেওঁলোকে চোৰটোক এইবাৰলৈ ক্ষমা কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ সেইমতে চোৰ বপুৰাক এৰি দিয়া হ’ল৷ আকৌ বিশেষ অঞ্চলটোত চুৰি নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিয়াৰ বিনিময়ত তেওঁক মুকলি কৰি দিলে ৰাইজে৷ জীয়েকৰ বাবে চোৰটোৱে কোনোমতে এইবাৰলৈ ৰেহাই পালে৷ দেউতাকক খাদ্য খুৱাই ঘৰলৈ উভতি যোৱা জীয়েকৰ মুখলৈ চাই ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিলে৷ তাৰ বাবে চোৰটোৱে ৰাইজক লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হ’ল৷
এইটো ঘটনা অৱশ্যে ভাৰতৰ নহয়৷ বাংলাদেশৰ ছিলেট জিলাত সংঘটিত হৈছে চোৰক ৰুটি খুওৱাৰ ঘটনাটো৷ সেই এলেকাত একেটা চোৰেই সঘনাই চুৰি কৰি তাণ্ডৱৰ সূচনা কৰিছিল৷ গতিকে জালত পৰাৰ পিছত চোৰটোক এসেকা দিয়াৰ লক্ষ্যৰে বান্ধি থৈছিল গাঁৱৰ ৰাইজে৷ কিন্তু চোৰ হ’লেও পিতৃৰ প্ৰতি কন্যাৰ স্নেহে ৰাইজৰ অন্তৰ গলাই পেলালে৷ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতে এৰি দিয়া হ’ল চোৰ বপুৰাক৷ এইবাৰৰ পৰা আকৌ চুৰি নকৰে বুলি গঞাক লিখি দিবলগীয়া হ’ল গভাইত চোৰটোৱে৷



