মোদী চৰকাৰে কৰিবলৈ ওলাইছে এটা ভাল কাম

পদত্যাগী সাংসদ আৰু বিধায়কে বহন কৰিব লাগিব উপ-নিৰ্বাচনৰ খৰচ
ব্যক্তিগত খৰচত পাতিব লাগিব সমষ্টিৰ উপ-নিৰ্বাচন
যদি ৰাজনৈতিক কাৰণত কোনোবা বিধায়ক অথবা সাংসদে পদত্যাগ কৰে তেন্তে উপ-নিৰ্বাচনৰ ব্যয় চৰকাৰে বহন নকৰে৷ অৱশ্যে কাৰ্যকালতে জনপ্ৰতিনিধিৰ মৃত্যু ঘটিলে চৰকাৰী খৰচত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব৷ এই নিয়ম প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ জনপ্ৰতিনিধি আইনৰ সংশোধনীৰে সংসদৰ সমাগত অধিৱেশনত নিয়মটো কাৰ্যকৰী কৰা হ’ব৷ তেতিয়াৰ পৰা দল সলনিৰ দৰে ৰাজনৈতিক উদ্দেশ্যত পদত্যাগ কৰা নেতাই নিৰ্বাচনৰ খৰচ বহন কৰিব লাগিব৷ অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈৰ দৰে নেতাই নিজা খৰচত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব বুলি কেন্দ্ৰীয় চৰকাৰে ততালিকে নিয়ম কৰাৰ প্ৰস্তুতি চলাইছে৷
বৰ্তমান কোনো সাংসদে যদি কাৰ্যনিৰ্বাহ কৰি থাকোতে দল সলনি কৰে তেন্তে তেওঁ পদবী হেৰুৱায়৷ আইন অনুসৰি এক-তৃতীয়াংশ সাংসদে একেলগে দলত্যাগ কৰিলেহে তেওঁৰ পদবী সুৰক্ষিত হৈ থাকে৷ সেই নিয়ম পালন নকৰা জনপ্ৰতিনিধিয়ে দল সলনি কৰাৰ লগে লগে হেৰুৱায় পদবী৷ সেয়ে বৰ্তমান দল সলনি কৰা জনপ্ৰতিনিধিয়ে বাধ্যত পৰি পদবী ত্যাগ কৰে৷ তাৰোপৰি কিছুমানে বিধায়ক বা সাংসদ পদ হেৰুওৱাৰ শংকাত উভচৰ জনপ্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ বিগত অসম বিধানসভাতে শশীকান্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই বিধায়ক পদ হেৰুওৱাৰ ভয়ত দলত্যাগ কৰা নাছিল৷ কিন্তু বিজয়ৰ পিছতে তেওঁলোকে কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ বিধায়ক হিচাপেহে আনুগত্য প্ৰকাশ কৰিছিল৷ একেদৰে বিজেপিত যোগ দিয়াৰ আগতে বিধায়ক পদৰ পৰা ইস্তফা দি আকৌ মৰিয়নিত নিৰ্বাচন খেলিছিল ৰূপজ্যোতিয়ে৷
বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে হঠাতে দল সলনি কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে৷ নগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত বিজয়ী হোৱা প্ৰদ্যুৎ বৰদলৈয়ে দল সলনি কৰাৰ লগে লগে সাংসদ পদ হেৰুওৱাটো অনিবাৰ্য হৈ পৰিছিল৷ সেয়ে তেওঁ পদত্যাগ কৰাৰ ফলত নগাঁৱত উপ-নিৰ্বাচন পাতিবলগীয়া হ’ল৷ তাৰ বাবে চৰকাৰে খৰচ কৰিলে কোটি কোটি টকা৷ এই ব্যয় যাতে অনাগত সময়ত প্ৰশাসনে বহন কৰিব লগীয়া নহয় তাৰ বাবে চৰকাৰে আইন প্ৰণয়ন কৰিব৷ সেই অনুসৰি কোনো জনপ্ৰতিনিধিয়ে যদি ব্যক্তিগত লাভালাভৰ বাবে দল ত্যাগ কৰি পদবী হেৰুৱাই তেন্তে তেওঁ নিৰ্বাচনৰ ব্যয় বহন কৰিব লাগিব৷ উদ্দেশ্য সিদ্ধিৰ বাবে দল সলনি কৰা জনপ্ৰতিনিধিৰ সমষ্টিত চৰকাৰী খৰচত ভোটিং নহয়৷
অৱশ্যে কাৰ্যকালতে মৃত্যুবৰণ কৰা জনপ্ৰতিনিধি এই আইনৰ আওতাৰ বাহিৰত থাকিব৷ নতুন আইনখনত এই দফা সন্নিৱিষ্ট কৰা হৈছে৷ পূৰ্বেই এই আইন বলৱৎ কৰাহ’লে অসমত কেবাজনো নেতাই নিজা খৰচত নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লহেঁতেন৷ আইনখনৰ মতে নিৰ্বাচনৰ সম্পূৰ্ণ খৰচ পদত্যাগী জনপ্ৰতিনিধি গৰাকীয়ে বহন কৰাটো বাধ্যতামূলক হ’ব৷ বৰ্তমান এই আইন প্ৰযোজ্য হোৱাহ’লে নগাঁৱৰ ভোটযুদ্ধৰ সমুদায় খৰচ প্ৰদ্যুৎ বৰদলৈয়ে বহন কৰিব লাগিলহেঁতেন৷ একেদৰে বিগত সময়ত মৰিয়নিত উপ-নিৰ্বাচন পাতিবলৈ ৰূপজ্যোতি কুৰ্মিয়ে দিবলগীয়া হ’লহেঁতেন ধন৷ কিন্তু তেওঁলোক দৈৱক্ৰমে ৰক্ষা পৰিল৷ পিছে নিজৰ অভিষ্ট সিদ্ধিৰ বাবে যিসকল নেতাই দল সলনি কৰে তেওঁলোকে অনাগত সময়ত পকেটৰ পৰা সৰহ অংক খৰচ কৰিব লাগিব৷ নিৰ্বাচন আয়োগে পদত্যাগী নেতাক প্ৰদান কৰিব সম্ভাৱ্য খৰচৰ বাজেট৷