মেডিকেলৰ বাৰাণ্ডাত মানসিক ৰোগী গৰ্ভৱতী মহিলা

ছি, মানুহ কিমান অসভ্য হ’ব পাৰে
গৰ্ভত সন্তান লৈ মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীৰ চিৎকাৰ
ঘটনাটো শিক্ষিত নগৰী যোৰহাটৰ৷ অসমৰ আনপ্ৰান্তৰ জনতাই যোৰহাটক অভিজাত লোকৰ বসতিস্থল বুলি ভাবে৷ সেই যোৰহাটৰে চিকিৎসালয়ৰ বাৰাণ্ডাত পৰি ছটফটাই আছে এগৰাকী মহিলাই৷ তেওঁ কোনো ধনীৰ দুলালী নহয়৷ মহিলাগৰাকী হৈছে যোৰহাট নগৰৰ ফুটপাথৰ বাসিন্দা৷ অঘৰী মহিলাগৰাকীয়ে ফুট পাথতে বাস কৰিছিল৷ কোনোবাই দিলে খাদ্য খাইছিল৷ কেতিয়াবা লঘোণীয়ে পেটেৰেই শুইছিল৷ সেই দুৰ্ভগীয়া মহিলাগৰাকীও নৰপিশাচৰ কামনাৰ বলি হ’ল৷ দিনত ভদ্ৰতাৰ মুখা পিন্ধি ফুৰা পাষণ্ডই আন্ধাৰত তেওঁক নিৰ্যাতন কৰিলে৷ প্ৰতিবাদ কৰিব নজনা মানসিক ৰোগী মহিলাগৰাকীয়ে ঘটনাৰ বিষয়ে কাকো নক’লে৷ নিজৰ শৰীৰত যে আন এটা জীৱন কঢ়িয়াই ফুৰিছে সেয়া তেওঁ গমকে নাপালে৷ কিন্তু ক্ৰমাৎ স্ফীত হৈ পৰিল অঘৰী মহিলাগৰাকীৰ পেট৷ তেওঁ শাৰিৰীক যন্ত্ৰণাত থিৰেৰে থাকিব নোৱাৰা হৈ পৰিল৷
তেতিয়া কোনাবা হৃদয়ৱান লোকে তেওঁক নি যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰিলে৷ অন্তত: ডাক্তৰৰ শুশ্ৰুষা লাভ কৰিব বুলি ভাবি তেওঁক হস্পিতেললৈ নিয়া হ’ল৷ যি সেই মহিলাগৰাকীক হস্পিতেললৈ নিছিল তেওঁ কিন্তু আধৰুৱাকৈ পালন কৰিলে দায়িত্ব৷ সেই মহিলাগৰাকীয়ে বিনামূলীয়া চৰকাৰী চিকিৎসা লাভ কৰাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ নথকাটো স্বাভাৱিক৷ গতিকে যোৰহাট মেডিকেল কলেজ কৰ্তৃপক্ষই বিষয়টো মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰাটো উচিত আছিল৷ কিন্তু নৰপিশাচৰ কামনাৰ চিকাৰ হোৱা মহিলাগৰাকীলৈ কোনেও লক্ষ্য নকৰিলে৷ একো নথি-পত্ৰ নথকা বাবে তেওঁক হস্পিতেলৰ বাৰাণ্ডাতে পেলাই থোৱা হ’ল৷ যন্ত্ৰণাত কাতৰ হৈ মহিলাগৰাকীয়ে চিৎকাৰ কৰি থাকিল৷ তাৰ পিছতো তেওঁ নাপালে চিকিৎসা৷ ধূলিময় বাৰাণ্ডাত তেওঁ পৰি থাকিল৷ গৰ্ভৰ সন্তানে মহিলাগৰাকীক কৰি তুলিলে যন্ত্ৰণাকাতৰ৷
তেওঁ তেনেকৈয়ে কেবাদিনো পৰি থাকিবলগীয়া হ’ল৷ মানসিকভাৱে উন্মাদ মহিলাগৰাকীৰ প্ৰতিবাদ কৰাৰ শক্তি নাই৷ তাৰোপৰি তেওঁ ক্ৰমে হৈ পৰিল মুমূৰ্ষু৷ প্ৰায় এসপ্তাহে পেট ভৰাই খাবলৈ নোপোৱাৰ ফলত মুখৰ মাত নোহোৱা হ’ল৷ মহিলাগৰাকীক যিখন বাৰাণ্ডাত পেলাই থোৱা হৈছিল তাৰ কাষেৰেই পাৰ হৈ আছিল সহস্ৰাধিক লোক৷ ডাক্তৰ-নাৰ্ছৰ পৰা আৰম্ভ কৰি ৰোগীৰ আত্মীয়পৰ্যন্ত অসংখ্য লোকে তেওঁক দেখিছিল৷ কিন্তু নিজৰ কামত মেডিকেল কলেজলৈ যোৱা লোকসকলৰ সেই হতভগীয়া মহিলাগৰাকীৰ প্ৰতি চকু দিবলৈ সময় নাছিল৷ আমি লাভ কৰা তথ্য অনুসৰি এইপৰ্যন্ত সেই মহিলাগৰাকী তেনেদৰেই পৰি আছে৷ তেওঁ পোৱা নাই চিকিৎসা৷ অৱশ্যে শেহতীয়াকৈ খাদ্য যোগান ধৰা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে৷
যন্ত্ৰণাই আতুৰ কৰি পেলোৱা মানসিক ৰোগী মহিলাগাৰীয়ে কান্দি কান্দি প্ৰথমে ৱাৰ্ডৰ বতাহ গৰম কৰি পেলাইছিল৷ তথাপি তেওঁক এটা চেলাইনো দিয়া নহ’ল৷ মেডিকেল কলেজৰ ৰোগীৰ বাবে ৰন্ধা খাদ্যও তেওঁক কোনেও যোগান নধৰিলে৷ কিন্তু যোৰহাট নগৰৰ প্ৰতিজন লোকৰ বাবে তেওঁ আছিল চিনাকি৷ সম্ভৱত: কোনোবা চিনাকি লম্পটেই নিশা সুযোগ লৈ মহিলাগৰাকীৰ এই অৱস্থা কৰিলে৷ চৰকাৰে দৰিদ্ৰৰ বাবে কোটি টকা খৰচ কৰিলেও এয়াই দেশৰ অৱস্থা৷ এইদৰে পৰি চিৎকাৰ কৰিছে হতভগীয়া মহিলাই৷