মেট্ৰিকৰ পিছতে কৰিলে কুকৰ্ম

১৭ বছৰীয়া কিশোৰৰ ঔৰসত গৰ্ভৱতী দুগৰাকী ২০ বছৰীয়া যুৱতী
বিয়া পাতিবলৈ বাধ্য হ’ল ১৭ বছৰীয়া কিশোৰ
ঘটনাটো উত্তৰ প্ৰদেশৰ৷ বেহৰাইচ জিলাৰ বাসিন্দা যুৱকজনৰ নাম অমৰ৷ তেওঁ যোৱাবাৰ থাৰ্ড ডিভিজন পাই মেট্ৰিক পাছ কৰিছে৷ অমৰৰ প্ৰতিৱেশী পৰিয়ালত আছে এগৰাকী যুৱতী৷ ২০ বছৰীয়া যুৱতীগৰাকী অমৰৰ বায়েকৰ লেখিয়া৷ তেওঁ অমৰক মৰম কৰে৷ মেট্ৰিক পাছ কৰাৰ পিছতে সেই মানুহঘৰতে বেছি সময় অতিবাহিত কৰিবলৈ ধৰিছিল অমৰে৷ তেতিয়াই তেওঁলোকৰ নিষ্পাপ সম্পৰ্কৰ ধৰণ হঠাতে সলনি হৈ গ’ল৷ বায়েকৰ দৰে জ্ঞান কৰা যুৱতীগৰাকীক অমৰে পত্নীৰ দৰে ব্যৱহাৰ কৰিব ধৰিলে৷ অমৰক সুযোগ দিলে ২০ বছৰীয়া যুৱতীগৰাকীয়ে৷ তেওঁ ঘৰৰ সদস্যৰ অজ্ঞাতে গৰ্ভধাৰণ কৰিলে৷ অমৰেও তেতিয়া স্বীকাৰ কৰিলে যুৱতীগৰাকীৰ সৈতে থকা অবৈধ সম্পৰ্ক৷ এই বিষয়টোক কেন্দ্ৰ কৰি দুয়োটা পৰিয়ালত হাহাকাৰৰ সূচনা হ’ল৷ ১৭ বছৰীয়া অমৰৰ সৈতে ৩ বছৰে ডাঙৰ যুৱতীগৰাকীৰ বিয়াৰ প্ৰস্তুতি চলোৱা হ’ল৷ গোপনে দুয়োটা পৰিয়ালে বিবাহৰ বাবে আয়োজন চলালে৷ অমৰেও পঢ়া-শুনা এৰি অস্থায়ী কাম কৰিব ধৰিলে৷ কিন্তু তেতিয়াই পোহৰলৈ আহিল আন এটা ঘটনা৷ সেইগৰাকী যুৱতীৰ সৈতে অমৰৰ গন্ধৰ্ব বিবাহৰ প্ৰস্তুতিৰ বিষয়ে গম পাই গুজৰি উঠিল চুবুৰীটোৰে আন এজনী ছোৱালী৷ তেওঁ অমৰৰ সৈতে সহবাস কৰাৰ দাবী কৰিলে৷ প্ৰথমে অমৰে অস্বীকাৰ কৰিছিল যদিও সিগৰাকী ছোৱালীৰ গৰ্ভতো ধৰা পৰিল অমৰৰ সন্তান৷ ইয়াৰ পিছতহে লাগিল হাহাকাৰ৷ দুই যুৱতীয়ে প্ৰকাশ কৰা অনুসৰি অমৰে তেওঁলোকৰ সৈতে সম্ভোগ কৰিছিল৷ মেট্ৰিক পাছ কৰি আন ছাত্ৰই পঢ়াত গুৰুত্ব দিয়ে৷ কিন্তু বেহৰাইচ জিলাৰ অমৰে প্ৰতিৱেশী পৰিয়ালৰ ছোৱালীৰ সৈতে সহবাসতহে মন দিলে৷ গতিকে হ’লগৈ পুলিচ কে’ছ৷
এই ঘটনাটো পোহৰলৈ অহাৰ পিছত তদন্ত আৰম্ভ কৰি পুলিচো বিপাঙত পৰিল৷ তেওঁলোকে অমৰৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতনৰ গোচৰো ৰুজু কৰিব নোৱাৰা হ’ল৷ কাৰণ দুয়োগৰাকী যুৱতীয়ে নিজ ইচ্ছাতে অমৰৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰা বুলি স্বীকাৰোক্তি দিছিল৷ সেই হিচাপে অমৰক বলাৎকাৰী হিচাপে পুলিচে গ্ৰেপ্তাৰ কৰিব নোৱাৰা হ’ল৷ ইফালে বিয়া পাতিবলৈয়ো অমৰৰ হোৱা নাই বয়স৷ নাবালক হিচাপে তেওঁ দুয়োগৰাকী যুৱতীৰ সৈতে এতিয়াই সংসাৰ কৰিব নোৱাৰে৷ সেয়ে পুলিচে আইনী তদন্তৰ পৰিৱৰ্তে পঞ্চায়তক কে’ছটো মীমাংসা কৰাৰ দায়িত্ব দিলে৷ অৱশ্যে বেহৰাইচৰ পঞ্চায়তে কৰিলে মীমাংসা৷
পঞ্চায়তৰ মীমাংসা অনুসৰি এতিয়াৰ পৰা ১৭ বছৰীয়া অমৰে দুয়োগৰাকী যুৱতীৰ ভৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব৷ তেওঁ সহবাস কৰাৰ বিনিময়ত দুয়োগৰাকী ছোৱালীক দিব লাগিব খৰচ৷ বিয়াৰ বয়স হোৱাৰ পিছত অমৰে তেওঁলোককে বিবাহ কৰিব লাগিব৷ অৱশ্যে অহা তিনিবছৰ অমৰে তেওঁলোকৰ সৈতে একেলগে থকাৰ সুবিধা নাপায়৷ কিন্তু দুয়ো যুৱতীৰ সন্তানৰ দায়িত্ব অমৰেই গ্ৰহণ কৰিব লাগিব৷ তেওঁ কাম কৰি দুই যুৱতীক ধন যোগান ধৰিব লাগিব৷ যদি অমৰে আকৌ বেলেগ যুৱতীৰ সৈতে সম্পৰ্ক কৰে তেন্তে পুলিচত গোচৰ ৰুজু কৰা হ’ব৷ বিয়াৰ বয়স হ’লে অমৰে দুয়োগৰাকী যুৱতীৰে পাণিগ্ৰহণ কৰিবই লাগিব৷ এই ৰায়দানৰ পিছত অমৰ কিছুদিনলৈ ৰেহাই দিয়া হৈছে৷ কিন্তু তেওঁ দুই যুৱতীৰ গৰ্ভাৱস্থাত যতন ল’ব লাগিব৷ পৰিয়ালেও অমৰৰে সম্পৰ্ক ছেদ কৰিছে৷ এতিয়া ফচিছে বেচেৰা অমৰ৷