মুছলমান প্ৰেমিকৰ সৈতে জনজাতীয় যুৱতীৰ বিবাহ
স্থানীয় লোকে দৌৰাই দৌৰাই পিটিলে মুছলমান জোঁৱাইক
কাম কৰিবলৈ গৈ স্থানীয় মহিলাক বিয়া পাতিছে মুছলমান শ্ৰমিকে৷ প্ৰেম কৰি জনজাতীয় মহিলাৰ সৈতে মুছলমান যুৱক বিবাহত আবদ্ধ হৈছে৷ যোৱা চাৰিবছৰৰ পৰা বৃদ্ধি পাইছে জনজাতীয় যুৱতীৰ সৈতে মুছলমান শ্ৰমিকৰ বিবাহৰ ঘটনা৷ সেয়ে মুছলমানৰ সৈতে স্থানীয যুৱতীৰ বিবাহ নিষিদ্ধ ঘোষণা কৰা হৈছে৷ সমান্তৰালভাৱে মুছলমান জোঁৱাই বিচাৰি ঘৰে ঘৰে তালাচী চলাইছে জনজাতীয় ছাত্ৰ সংগঠনে৷ অসমৰ পৰা যোৱা মুছলমান শ্ৰমিকেও স্থানীয় মহিলাক বিয়া পতাৰ নামত জেহাদ কৰিছে বুলি অভিযোগ তুলিছে ত্ৰিপুৰাৰ ককবৰক সংগঠনে৷ তেওঁলোকৰ তালাচীৰ সময়ত ত্ৰিপুৰাৰ পৰা খেদা হৈছে মুছলমানক৷
ইতিমধ্যে বাংলাদেশৰ পৰা প্ৰব্ৰজিত হিন্দু বাঙালীৰ বাবে ত্ৰিপুৰাৰ জনগাঁথনি সলনি হৈছে৷ এইবাৰ মিঞাৰ বাবে আকৌ সংকট হ’ব বুলি শংকিত হৈ পৰিছে থলুৱা ককবৰক৷ তথ্য অনুসৰি ত্ৰিপুৰাৰ থিনাং নাই চাটি এলেকাত সৰ্বাধিক জনজাতীয় যুৱতীয়ে মুছলমান যুৱকৰ সৈতে বিবাহত আবদ্ধ হৈছে৷ তাত মুছলমান জোঁৱায়ে মাটি কিনি ঘৰ সাজিছে৷ স্থায়ীভাৱে থকাৰ সুযোগ গ্ৰহণ কৰি দক্ষিণ ত্ৰিপুৰাৰ ৰূপাইচাৰিত ২০টাৰো বেছি মছজিদ নিৰ্মাণ কৰা হৈছে৷ বেছিভাগ মুছলমান যুৱকে স্থানীয় যুৱতীৰ ঘৰতে থাকিবলৈ সুবিধা পাইছে৷ ঘৰজোঁৱাই হৈ থকা মিঞা যুৱকক বিচাৰি ককবৰক ছাত্ৰ সংগঠনে চলাইছে অভিযান৷
তেওঁলোকৰ অভিযোগ অনুসৰি মুছলমান যুৱকে ককবৰক যুৱতীক ধৰ্মান্তৰিত কৰিছে৷ বিয়াৰ পিছত ইছলামিক নিয়ম পালন কৰিবলৈ বাধ্য কৰিছে জনজাতীয় যুৱতীক৷ নিজৰ অজ্ঞাতে জনজাতীয় যুৱতী ধৰ্মান্তৰিত হৈছে৷ এই প্ৰথাটোৱে দক্ষিণ ত্ৰিপুৰাৰ থলুৱা সংস্কৃতি ধ্বংস কৰিব বুলি তেওঁলোকে অভিযান চলাইছে৷ তাৰোপৰি মিঞা যুৱকৰ সৈতে বিয়া হোৱা ককবৰক যুৱতীয়ে নিজৰ ভাষা-সংস্কৃতিও বিসৰ্জন দিছে৷ বাংলাভাষা ক’বলৈ শিকা ককবৰক যুৱতীক ছাত্ৰ সংগঠনে ধৰিছে৷ দক্ষিণ ত্ৰিপুৰাত মিঞা জোঁৱাইৰ বাবে কেবাঠাইতো বিলুপ্ত হৈছে ককবৰক ভাষা৷ কেবাখনো স্থানীয় বজাৰত বাংলা মূল ভাষা হৈ পৰিছে৷
এই পৰিস্থিতি উদ্বেগজনক হিচাপে বিবেচনা কৰি ককবৰক ছাত্ৰ সংগঠনে তালাচী চলাইছে৷ মিঞাক ঘৰজোঁৱাই কৰি ৰখা পৰিয়ালক সমাজৰ পৰা বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ককবৰক ছাত্ৰ সংগঠনে ভাঙি পেলাইছে মিঞাই কিছুদিনৰ ভিতৰত নিৰ্মাণ কৰা মছজিদ৷ ছাৰ্জিকেল ষ্ট্ৰাইক চলাই মিঞাক কাম দিয়াটোও বন্ধ কৰা হৈছে৷ বিভিন্ন নিৰ্মাণকাৰ্যত নিয়োজিত মিঞা শ্ৰমিকক দক্ষিণ ত্ৰিপুৰাৰ পৰা খেদিছে ককবৰক ছাত্ৰ সংগঠনে৷ এমাহৰ ভিতৰত ৰাজ্যখন ত্যাগ কৰিবলৈ মিঞা শ্ৰমিকক নিৰ্দেশ দিয়া হৈছে৷
ককবৰক ছাত্ৰ সংগঠনৰ অভিযোগ অনুসৰি স্থানীয় যুৱতীক বিয়া পতা মিঞা যুৱকৰ বেছিভাগেই হৈছে অসমৰ৷ বৰপেটাৰ পৰা যোৱা মিঞা যুৱকে স্থানীয় যুৱতীক যিকোনো প্ৰকাৰে আকৰ্ষণৰ চেষ্টা কৰে৷ ইফালে দক্ষিণ ত্ৰিপুৰাৰ ককবৰক জনতা হৈছে অত্যন্ত দৰিদ্ৰ৷ সেয়ে তেওঁলোক ধন উপাৰ্জন কৰিব পৰা মিঞাৰ প্ৰতি আকৰ্ষিত হৈছে৷ কিন্তু ককবৰক যুৱতীৰ কাষৰ পৰা মিঞা জোঁৱাইক খেদিছে ছাত্ৰ সংগঠনে৷



