মদ্যপায়ীৰ লাভেই লাভ

আপুনি সুৰাপান কৰে যদি আপোনাৰ বাবে এইটো ভাল খবৰ
সমগ্ৰ দেশজুৰি শীঘ্ৰে হ্ৰাস পাব সকলো ধৰণৰ সুৰাৰ দাম
কথাটো অকণো মিছা নহয়৷ অসম চৰকাৰে বৰ্তমান সুৰাৰ দাম বৃদ্ধিৰ চিন্তা কৰিছে৷ কিন্তু কথাটো আচলতে বেলেগ৷ কিছুদিন পূৰ্বে ভাৰত আৰু ব্ৰিটেইনে মুক্ত বাণিজ্যৰ বাবে এখন চুক্তি কৰিছে৷ সেইখন চুক্তিয়ে সুৰাৰ ব্যৱসায়ক প্ৰভাৱিত কৰিছে৷ চুক্তিখনৰ বাবে সুৰাৰ আমদানি শুল্ক হ্ৰাস পাব৷ লগে লগে মদৰ দাম ১৫ শতাংশ হ্ৰাস পোৱাটো নিশ্চিত৷ আপুনি যদি হুইস্কী খাই তেন্তে সোনকালে কম দামতে সুৰা কিনিবলৈ সুবিধা পাব৷ ৰাম অথবা জিনৰ দাম অৱশ্যে হ্ৰাস হোৱাৰ সম্ভাৱনা নাই৷ চুক্তিখন বলৱৎ হ’লে হুইস্কীৰ ডেৰশটকীয়া কোৱাৰ্টাৰ বটলৰ দাম ২০ টকা কমিব৷ প্ৰতিটো ব্ৰেণ্ডৰে দাম চুক্তিখনে হ্ৰাস কৰিব৷
কিছুদিন পূৰ্বে ভাৰতলৈ আহিছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী৷ তেতিয়াই মুক্ত বাণিজ্য চুক্তিখন চৰকাৰে সম্পাদিত কৰিলে৷ এই চুক্তিৰ ভিত্তিত সুৰাৰ ইমপ’ৰ্ট ডিউটী হ্ৰাস কৰা হ’ব৷ বৰ্তমান ভাৰতৰ বজাৰত বিক্ৰী হৈ থকা বেছিভাগ হুইস্কীৰ ব্ৰেণ্ড হৈছে ব্ৰিটেইনৰ৷ তেওঁলোকে ব্ৰিটেইনৰ পৰা ভাৰতলৈ মদ উৎপাদনৰ বাবে কেঁচামাল আনে৷ সেয়ে ভাৰতৰ সুৰাৰ বজাৰখন এই চুক্তিৰ জৰিয়তে পোনপটীয়াভাৱে প্ৰভাৱিত হ’ব৷ চুক্তিখন এইপৰ্যন্ত অৱশ্যে বলৱৎ হোৱা নাই৷ কিন্তু এবাৰ বলৱৎ হ’লেই মদ্যপায়ীয়ে কম দামতে খাবলৈ পাব সুৰা৷ সেয়ে অসম চৰকাৰে সুৰাৰ দাম বৃদ্ধি কৰিলেও মদ্যপায়ীয়ে চিন্তা কৰিবলগীয়া কথা নাই৷
প্ৰস্তাৱিত নীতি যদি কাৰ্যকৰী হয় তেন্তে হুইস্কী উৎপাদন কৰিবলৈ ব্যৱহৃত সকলো সামগ্ৰীৰ আমদানি শুল্ক হ্ৰাস কৰা হ’ব৷ ব্ৰিটেইনৰ পৰা যিমান কেঁচামাল হুইস্কী উৎপাদন কৰিবলৈ অনা হয় সেইবোৰ হ’ব টেক্স ফ্ৰী৷ গতিকে ভাৰতৰ সুৰাপায়ীৰ গাখীৰতে ম’হৰ খুঁটি হ’ব৷ কিয়নো সুৰা উৎপাদনৰ বাবে ব্যৱহৃত কেঁচামালৰ টেক্স কম হোৱাৰ ফলত দেশত মদৰ দামো কমি যাব৷ বিশেষকৈ প্ৰিমিয়াম হুইস্কীৰ দাম আধা হোৱাৰ সম্ভাৱনা আছে৷ তেতিয়া অসমৰ মদ্যপায়ীয়ে আকৌ ব্ৰিটেইনক ধন্যবাদ জনাব লাগিব৷ স্বাধীনতাৰ পূৰ্বে কানি খুৱাই অসমীয়াক এলেহুৱা কৰা ব্ৰিটিছৰ জহত কম দামত মদাহীয়ে খাবলৈ পাব দামী সুৰা৷
এই চুক্তিখন কাৰ্যকৰী হ’লেই সুৰাৰ দাম তাৎক্ষণিকভাৱে হ্ৰাস পাব৷ তাৰোপৰি বিয়েৰৰ দামো হ্ৰাস হোৱাৰ সম্ভাৱনা আছে৷ বিয়েৰ উৎপাদনৰ বাবে যিখিনি কেঁচামাল প্ৰয়োজন হয় সেইবোৰো ভাৰতলৈ বিলাতৰ পৰাই অনা হয়৷ সেয়ে অনাগত সময়ত চুক্তিখনৰ শক্তিৰে ভাৰতত কমদামতে বিয়েৰ উৎপাদন সম্ভৱ হৈ পৰিব৷ সেয়া হ’লে ভাৰতৰ বিয়েৰপ্ৰেমীও উপকৃত হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে তাৰ পূৰ্বে মোদীয়ে মুক্ত বাণিজ্য চুক্তি বলৱৎ কৰিব লাগিব৷ ব্ৰিটেইন চৰকাৰৰ সৈতে কথা পাতি চুক্তিখন কাৰ্যকৰী কৰিলেই দেশৰ লাভ হ’ব৷ গাখীৰ বিক্ৰেতাৰ লোকচান হ’লেও মদ্যপায়ীৰ লাভ কৰি দিব চৰকাৰে৷
অৱশ্যে চুক্তিখন বলৱৎ হ’লেও একেবাৰে সস্তীয় হুইস্কী খোৱা মদ্যপায়ীৰ লাভ নহয়৷ কাৰণ ব্ৰিটেইনৰ পৰা কেঁচামাল আহে প্ৰিমিয়াম ব্ৰেণ্ডৰ হুইস্কী উৎপাদনৰ বাবেহে৷ গতিকে সেইবোৰৰ দামহে চুক্তিৰ জৰিয়তে হ্ৰাস হ’ব৷ বিশেষকৈ জনী ৱাকাৰ অথবা ব্লেক লেবেলৰ দৰে মদৰ দাম ৩০ শতাংশ কমিব৷ ২ হাজাৰ টকাৰ বেছি দামৰ যিমান সুৰা ব্ৰেণ্ড আছে সকলোৰে দাম চকুত লগাকৈ হ্ৰাস হ’ব৷ কিন্তু সস্তীয়া হুইস্কীৰ দাম পৰিৱৰ্তন নহয়৷ অসম চৰকাৰে দাম বৃদ্ধি কৰিলে আপুনিও বেছি দামতে কিনি খাব লাগিব হুইস্কী৷