ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান ১ কোটি হিন্দুৰ নাম

ভোটচুৰি হোৱাটো সত্য, স্বীকাৰ কৰিলে যোগী আদিত্যনাথে
নিৰ্বাচন আয়োগৰ ভণ্ডামী উদঙাই দিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে
স্পেচিয়েল ইণ্টেনছিভ ৰিভিজনৰ জৰিয়তে ভুৱা ভোটাৰৰ নামহে কৰ্তন কৰা বুলি নিৰ্বাচন আয়োগে দাবী কৰিছে৷ কিন্তু খোদ বিজেপি নেতাই প্ৰকাশ কৰিছে প্ৰকৃত ভোটাৰৰ নাম কৰ্তনৰ তথ্য৷ উত্তৰ প্ৰদেশৰ সন্ন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সত্য স্বীকাৰ কৰিছে৷ ভোটচুৰিৰ বিপক্ষে সন্মিলিত বিৰোধীৰ প্ৰতিবাদৰ মাজতে যোগীয়ে উত্তৰ প্ৰদেশৰ কেবাকোটি হিন্দুৰ নাম ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান হোৱা বুলি দাবী কৰিছে৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰকাশ কৰা অনুসৰি কেৱল লক্ষ্ণৌতে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে ১ কোটি ২৭ লাখ ভোটদাতাৰ নাম৷ তেওঁলোকে যোৱা লোকসভা নিৰ্বাচনপৰ্যন্ত ভোটদান কৰি আছিল৷ কিন্তু শেহতীয়াকৈ সংশোধন কৰা ভোটাৰ তালিকাত এইসকলৰ নাম নাই৷ এই বিষয়টো ৰহস্যজনক হিচাপে মানি লৈছে আদিত্যনাথে৷ তেওঁ প্ৰকাশ কৰা অনুসৰি ভোটাৰ তালিকাৰ পৰা নাম কাট খোৱা লোকসকল হৈছে হিন্দু৷ সেয়ে আদিত্যনাথ সৰৱ হ’বলৈ বাধ্য হৈছে৷ বিজেপিৰ ভোটাৰৰ নামো নিৰ্বাচন আয়োগে কাটি দিয়াৰ পিছত তেওঁ আকৌ সংশোধনীৰ দাবী জনাইছে৷ আদিত্যনাথে স্পষ্টকৈ কৰা ঘোষণা অনুসৰি লক্ষ্ণৌৰ ১ কোটি ২৭ লাখ লোকে এইবাৰ ভোটাধিকাৰ হেৰুৱাইছে৷ কিন্তু তেওঁলোকে ঠিকনা সলনিও কৰা নাই৷ অৰ্থাৎ নিৰ্বাচন আয়োগে ঠিকনা সলনি কৰা অথবা মৃত্যু হোৱা ভোটদাতাৰ নামহে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা বুলি যি দাবী কৰিছে সেয়া ভুৱা হিচাপে আদিত্যনাথে প্ৰমাণ কৰিছে৷ মুখ্যমন্ত্ৰীজনে এই বিষয়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক জবাবদিহি কৰিছে৷ ভোটাৰ তালিকাৰ পৰা কিয় হিন্দুৰ নাম কৰ্তন কৰা হৈছে সেই বিষয়ে স্পষ্টীকৰণ দিয়াৰ বাবে জ্ঞানেশ কুমাৰক আহ্বান জনাইছে যোগীয়ে৷ কিন্তু দেশৰ কমেও ১৩ কোটি মুছলমানৰ নাম কৰ্তনৰ পিছত যোগীৰ প্ৰশ্ন শুনি হতবাকহে হৈ পৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত৷ সততে বিৰোধীৰ প্ৰতিটো দাবী খণ্ডন কৰি যুক্তি দিয়া নিৰ্বাচন আয়োগে এই প্ৰশ্নৰ উত্তৰ দিব পৰা নাই৷ কিন্তু হিন্দুৰ নাম আকৌ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নকৰিলে ক্ষান্ত নাথাকে আদিত্যনাথ৷ তেওঁ বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈয়ো পত্ৰ প্ৰেৰণৰ ঘোষণা কৰিছে৷
প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ প্ৰদেশত স্পেচিয়েল ইণ্টেনছিভ ৰিভিজন চলাই নিৰ্বাচন আয়োগে কমেও ৩ কোটি ভোটাৰৰ নাম কৰ্তন কৰিছিল৷ যিহেতু ৰাজ্যখনত অহাবছৰলৈ নিৰ্বাচন অনুষ্ঠিত হ’ব সেয়ে খৰখেদাকৈ কৰা হৈছে ইণ্টেনছিভ ৰিভিজন৷ কিন্তু বিজেপিৰ বাবে পৰিস্থিতি হিতে বিপৰীত হৈ পৰিল৷ ভোটচুৰিৰ প্ৰমাণ লাভ কৰি বিৰোধীয়ে তৰ্জন গৰ্জন কৰাৰ সময়ত থৰকাছুটি হেৰুৱালে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে৷ তেওঁৰ নিৰীক্ষণত অনলাইনৰ জৰিয়তে হোৱা স্পেচিয়েল ৰিভিজনত হিন্দুৰ নামো কাটি দিয়া হ’ল৷ এই ভোটাৰসকল আছিল যোগী আদিত্যনাথৰ সমৰ্থক৷ সেয়ে বিষয়টোত আদিত্যনাথে মাত মাতিছে৷
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে সদৰী কৰা অনুসৰি তেওঁৰ জিলাৰ ১ কোটি ২৭ লাখ অৰ্হতাসম্পন্ন ভোটাৰৰ নাম আগতীয়া জাননী জাৰি নকৰাকৈ কৰ্তন কৰা হ’ল৷ যিসকলে যোৱাবাৰপৰ্যন্ত ভোট দিয়েই আছিল তেওঁলোকৰ পৰা কাঢ়ি লোৱা হ’ল অধিকাৰ৷ কিন্তু একেজন মুখ্যমন্ত্ৰী উত্তৰ প্ৰদেশৰ কেবাকোটি মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ বিষয়ে নীৰৱ হৈ আছে৷ জ্ঞানেশ কুমাৰৰ ভুলৰ বাবে হিন্দুৰ নামো কৰ্তন হোৱাতহে তেওঁ ক্ষোভিত হৈছে৷ ভোটচুৰি যে সঁচাই হৈছে সেয়া প্ৰমাণ কৰিছে আদিত্যনাথৰ ভাষ্যই৷