নিশাৰ মায়াময় মহানগৰীৰ পথত অৰ্ধনগ্ন যুৱতী
গাড়ীৰ কাষলৈ গৈ কি কথা পাতিছে গাভৰু ছোৱালীজনীয়ে
দৃশ্যটো এবাৰ চাওকচোন৷ দুগৰাকী যুৱতী ৰাস্তাৰ কাষত থিয় হৈ আছে৷ তেওঁলোকে বাৰে বাৰে ইখনৰ পিছত সিখন গাড়ীৰ কাষলৈ গৈ কথা পাতিছে৷ খিৰিকীৰ গ্লাছ নমাই দিয়া সুন্দৰীক প্ৰশ্ন কৰিছে পথেৰে যোৱা লোকসকলে৷ কিছুসময় পিছত অৱশ্যে এখন গাড়ীত তাৰে এগৰাকী ৰূপহী যুৱতী উঠিল৷ ধূলি উৰুৱাই অজ্ঞাত স্থানলৈ গুচি গ’ল গাড়ীখন৷ তাতে থিয় হৈ থকা আনগৰাকী অৰ্ধনগ্ন সুন্দৰীও বেলেগ এখন গাড়ীত উঠিল৷ তেওঁলোক কোন আৰু কাৰ সৈতে গ’ল সেয়া অৱশ্যে অজ্ঞাত৷ অৱশ্যে সেই এলেকাত নিশা সুন্দৰীৰ বজাৰ প্ৰায়সকল লোকৰে পৰিচিত৷ তাতে নিশা গ্ৰাহকৰ বাবে খাপ পিটি থাকে এদল যুৱতীয়ে৷ যি গ্ৰাহকৰ সৈতে হোটেলৰ বন্ধ কোঠাত কৰে অভিসাৰ৷ ধনৰ বিনিময়ত শৰীৰ বিক্ৰী কৰিবলৈ ৰৈ থকা যুৱতীসকলৰ বেছিভাগ নিকটৱৰ্তী পিজিৰ নিৱাসী৷ দূৰৰ পৰা আহি গুৱাহাটীত বাস কৰা যুৱতীয়ে এইদৰে নিশা গাড়ীৰ কাষলৈ গৈ গ্ৰাহকৰ সৈতে কৰে দৰদাম৷ বাৰ্গেইনিং কৰি অংক নিমিলেলে ফুটপাথলৈ প্ৰত্যাৱৰ্তন কৰে৷ অৱশ্যে বেছিভাগ যুৱতীৰে নিশাৰ বজাৰত মিলি যায় অংক৷
এই দুগৰাকী যুৱতীও হৈছে গুৱাহাটীৰ এটা বিশেষ এলেকাৰ পিজিৰ বাসিন্দা৷ স্থানীয় দোকানীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোক কলেজীয়া ছাত্ৰী৷ দিনৰ ভাগত শান্ত-শিষ্ট ছোৱালীৰ দৰে ইউনিফৰ্ম পৰিধান কৰি তেওঁলোক কলেজলৈ যায়৷ কিন্তু কলেজ শেষ হোৱাৰ পিছতে তেওঁলোকৰ ধৰণ সলনি হৈ পৰে৷ দিনত মাত মাতিবলৈয়ো লাজ পোৱা সুন্দৰীয়ে নিশা অচিনাকী পুৰুষৰ সৈতে ফৰ্ফৰাই কথা পাতিব পাৰে৷ বৰা উপাধিৰ স্থানীয় দোকানীজনে প্ৰকাশ কৰা অনুসৰি ইয়াৰে এগৰাকী যুৱতী ভাস্বতী হিচাপে নিশাৰ বজাৰত পৰিচিত৷ তেওঁৰ অৱশ্যে প্ৰকৃত নাম বেলেগ৷ কিন্তু নিশা শ্বৰ্টছ পিন্ধি ফুটপাথত থিয় হ’লেই তেওঁ হৈ পৰে ভাস্বতী৷ যুৱতীগৰাকীৰ আছে কেবাজনো পাৰ্মানেণ্ট কাষ্টমাৰ৷ সেয়ে তেওঁ ফ্লায়িং কাষ্টমাৰক প্ৰায়ে উপেক্ষা কৰে৷ ভাস্বতীক গাড়ীত উঠাই সোণাপুৰৰ ৰিজ’ৰ্টলৈ নিয়াৰ বাবে ১২ বজাৰ পিছত আহে গ্ৰাহক৷
সেই গ্ৰাহকৰ ক’লা গাড়ীত ভাস্বতীয়ে এচিৰ বতাহ খাই ৰিজ’ৰ্ট অভিমুখে যাত্ৰা কৰে৷ নিশা ১২ বজাত কাষ্টমাৰৰ গাড়ীত উঠা ভাস্বতী পুৱা ৪ বজাৰ ভিতৰত আকৌ একেটা স্থানত উপস্থিত হয়৷ বৰাই প্ৰকাশ কৰা অনুসৰি ভাস্বতীৰ জৰিয়তে কেবাগৰাকী যুৱতী দেহ ব্যৱসায়ত লিপ্ত হৈ পৰিছে৷ ভাস্বতীয়ে ধনৰ লোভ দেখুৱাই পিজিৰ কনিষ্ঠ আৱাসীক বেশ্যাবৃত্তিত জড়িত কৰাইছে৷ এই ভাস্বতী গোলাঘাটৰ জীয়ৰী৷ তেওঁ তিনিবছৰজুৰি সেই এলেকাতে নিশাৰ বজাৰ চলাই থকা বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে৷ বিশেষ পিজিটো বৰ্তমান বেশ্যাৰ বাসস্থান হিচাপে পৰিচিত৷ কাৰণ তাত থকা আৱাসীসকলে কৰে দেহ ব্যৱসায়৷
সেই পিজিটোৰ বাবে এলেকাৰ বদনাম হৈছে৷ তাত থকা ৮০ শতাংশ যুৱতী দেহ ব্যৱসায়ৰ সৈতে জড়িত বুলি দাবী কৰিছে নিশা দোকান দিয়া লোকসকলে৷ অভিযোগ অনুসৰি জ্যেষ্ঠ আৱাসীৰ জৰিয়তে পিজিত নতুনকৈ সোমোৱা যুৱতীসকল দেহ ব্যৱসায়ত লিপ্ত হৈ পৰে৷ পিজিটোত নিশাৰ ভাগত দেখা যায় অচিন গাড়ী৷ তাৰ পৰাই পছন্দৰ যুৱতীক ৰিজ’ৰ্টলৈ নিব পাৰে কাষ্টমাৰে৷ নিশা পিজিটো হৈ পৰে গণিকালয়৷



